ETV Bharat / state

বিলাসীপাৰাত PMAY গৃহ নিৰ্মাণত লুণ্ঠনৰাজৰ অভিযোগ - bilasipara protest

বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী গাঁৱসমূহত প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY) আঁচনিত দুৰ্নীতি (Corruption) সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ৷ আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়া দুই দালালৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷ ঘটনা সন্দৰ্ভত কোকৰাঝাৰ থানাত গোচৰ ৰুজু কৰি দালাল দুজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান হিতাধিকাৰীৰ ৷

corruption-in-house-making-under-the-pmay-sceme
PMAY গৃহ নিৰ্মাণত লুণ্ঠনৰাজ
author img

By

Published : Aug 10, 2021, 7:27 AM IST

পশ্চিম বিলাসীপাৰা, 10 আগষ্ট : বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী মালগাঁও, বাঁশবাৰী, বগুলাউৰা, কৈমাৰী আদি গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY) আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ নামত উত্থাপন হৈছে ব্যাপক লুণ্ঠনৰাজ (Corruption)ৰ অভিযোগ ৷ অভিযোগ অনুসৰি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ এখন ভুৱা তালিকা প্ৰস্তুত কৰি ছাউথ ইষ্ট বাঁশবাৰী ভিচিডিচিৰ দুগৰাকী সদস্যৰ স্বামী ক্ৰমে ৰাছিদুল হক আৰু ৱাহিদুল আলীয়ে গৃহ প্ৰদান কৰাৰ নামত দিনে-নিশাই নামি পৰিছে অবৈধ ধন সংগ্ৰহত ৷

গাঁৱসমূহৰ প্ৰতিগৰাকী দৰিদ্ৰ লোকৰ পৰা দালাল দুজনে 2000 পৰা 7000 টকা পৰ্যন্ত উৎকোচ লোৱা বুলি জানিব পৰা গৈছে ৷ তিনিদিনৰ ভিতৰত গৃহ আৱণ্টন দিয়াৰ প্ৰতিশ্ৰুতি দি অঞ্চলটোত লাখ লাখ টকা সংগ্ৰহ কৰে দুয়োগৰাকীয়ে ৷ কিন্তু ধন আদায়ৰ এমাহ উকলি যোৱাৰ পাচতো গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা নাই দালাল দুজনে ৷ এই অভিযোগ সুবিধাৰ পৰা বঞ্চিত হিতাধিকাৰীসকলৰ ৷

PMAY গৃহ নিৰ্মাণত লুণ্ঠনৰাজ

লগতে পঢ়ক : কৃষক বিৰোধী আইন বাতিলৰ দাবীত শিলচৰত আইন অমান্য কাৰ্যসূচী

হাঁহ, কুকুৰা, ছাগলী বিক্ৰী কৰি দালাল দুজনক লক্ষাধিক টকা আদায় দিয়াৰ পাচতো কোনো সঁহাৰি লাভ নকৰিলে দৰিদ্ৰ হিতাধিকাৰীসকলে ৷ ঘটনা সন্দৰ্ভত হিতাধিকাৰীসকলে একেলগ হৈ চাপৰ-শালকোচা উন্নয়ন খণ্ড বিষয়াক লিখিত অভিযোগ দাখিল কৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে ৷ কিয়নো প্ৰথম তালিকাত নাই হিতাধিকাৰীসকলৰ নাম ৷ ইফালে দালাল দুজনৰ বিৰুদ্ধে বৰ্তমানেও চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ বিষয়াই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ।

এনে কাৰ্যত ক্ষুদ্ধ হৈ সোমবাৰে হিতাধিকাৰীসকলে দালাল দুজনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ (Protest) সাব্যস্ত কৰে ৷ বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে হিতাধিকাৰীসকলে ৷ পৰৱৰ্তী সময়ত উপায়ন্তৰ হিতাধিকাৰীসকলে ৰছিদুল হক আৰু ৱাহিদুল আলীৰ বিৰুদ্ধে কোকৰাঝাৰ থানাত ৰুজু কৰিছে এক গোচৰ । এইক্ষেত্ৰত কোকৰাঝাৰ আৰক্ষী (Kokrajhar Ploice) আৰু বিটিআৰ (BTR) প্ৰধান প্ৰমোদ বড়োক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : বন্দীত্বৰ অৱসান : মুকলি আকাশৰ তলত বাঘজানৰ তিনি প্ৰতিবাদকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.