ধুবুৰী, 8 মাৰ্চ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ ভিন্ন স্থানত আসন বুজাবুজিক লৈ কংগ্ৰেছ এআইইউডিএফৰ মাজৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাটে তীব্ৰতৰ হোৱা দেখা গৈছে ৷ প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি গৌৰীপুৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।
মহাজোঁটৰ AIUDF ৰ প্ৰাৰ্থী নিজানুৰ ৰহমানক প্ৰাৰ্থিত্ব প্ৰদানক কেন্দ্ৰ কৰি এই প্ৰতিবাদ কৰে কংগ্ৰেছ কৰ্মীসকলে । প্ৰতিবাদকাৰীয়ে ধুবুৰী আৰু গুৱাহাটীৰ ৰাজীৱ ভৱন ঘেৰাও কৰাৰ হুংকাৰ প্ৰদান কৰে । কংগ্ৰেছৰ প্ৰাৰ্থী আবুল মিঞাক দলীয় প্ৰাৰ্থিত্ব প্ৰদানৰ দাবীত এই হুংকাৰ প্ৰদান কৰে কংগ্ৰেছ কৰ্মীসকলে ।
লগতে পঢ়ক: ৰাইজৰ দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ