বিলাসীপাৰা,10 অক্টোবৰ: শনিবাৰৰ দিনটোত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বিৰোধী দল কংগ্ৰেছে ৷ অন্যান্য প্ৰান্তৰ দৰে ধুবুৰীৰ বিলাসীপাৰাটো কংগ্ৰেছ কৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা কৃষক বিৰোধী আইন বাতিলৰ দাবীত কংগ্ৰেছ কৰ্মীসকলে চিনামৰাত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
আনহাতে,নায়েৰ আলগাতো ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত কাজাইকাটা বজাৰত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ মূৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়,কৃষক বিৰোধী আইন বাতিল কৰিবই লাগিব আদি শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷
লগতে চাওকঃ গোলাঘাটত হাতী-মানুহৰ সংঘাত