ETV Bharat / state

Badruddin Ajmal in Dhubri : কংগ্ৰেছক গালি নাপাৰিবলৈ অনুৰোধ জনাই আজমললৈ ফোন-মেছেজৰ বৰষুণ কংগ্ৰেছীৰ !

এইবাৰ কংগ্ৰেছে জবাব দিব লাগিব আজমলৰ এ আই ইউ ডি এফক ৷ ইফালে একাংশ কংগ্ৰেছী নেতাই হেনো আজমললৈ ফোন-মেছেজ কৰি কৈয়েই থাকে- ‘‘হুজুৰ আপোনাৰ সভাত কংগ্ৰেছক বেছি গালি নিদিব ৷’’ নিৰীহক বাংলাদেশী সজালে কোনে সেই কথাও ক’লে এ আই ইউ ডি এফ প্ৰধানগৰাকীয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 8:10 PM IST

Badruddin Ajmal in Dhubri
আজমললৈ ফোন-মেছেজৰ বৰষুণ কংগ্ৰেছীৰ
আজমললৈ ফোন-মেছেজৰ বৰষুণ কংগ্ৰেছীৰ

ধুবুৰী, ২৪ অক্টোবৰ : লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিভিন্নজনৰ সাংসদ বদৰুদ্দিন আজমললৈ অনুৰোধ- ‘‘আমাক গালি কমকৈ পাৰিব ৷’’ ধুবুৰীত নিজৰ দল AIUDF ৰ এখন কৰ্মীসভাত ভাগ লৈ মঙলবাৰে সাংসদ বদৰুদ্দিন আজমলৰ দাবী এয়া ।

এইবাৰ লোকসভা নিৰ্বাচনৰ বতাহ আৰম্ভ হোৱাৰ পূৰ্বৰ পৰাই নিজৰ সমষ্টি ধুবুৰীত ব্যস্ত হ’বলগীয়া হৈছে সাংসদ বদৰুদ্দিন আজমল ৷ কংগ্ৰেছ নেতৃত্বৰ ১২ টা দলৰ মিত্ৰজোঁটৰ পৰা বাহিৰত থাকিবলগীয়া হৈছে আজমলৰ দল AIUDF ৷ ইফালে কংগ্ৰেছে ঘোষণা কৰিছে যে নিজাকৈ ধুবুৰীত প্ৰাৰ্থী দিব তেঁওলোকে ৷

কংগ্ৰেছে নিজা প্ৰাৰ্থী দিব বুলি কোৱাৰ লগে লগে এইবাৰ ধুবুৰীত ভোটৰ অংকত প্ৰত্যাহ্বান বাঢ়িল আজমলৰ ৷ ইতিমধ্যে দলীয় এক প্ৰাৰম্ভিক প্ৰস্তুতি তালিকাত ধুবুৰীৰ প্ৰাৰ্থীৰূপে কংগ্ৰেছে তালিকাভুক্ত কৰিছে ৰকিবুল হুছেইন, ৱাজেদ আলি চৌধুৰী আৰু আব্দুল খালেকৰ নাম ৷ এই লৈয়ো মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ বদৰুদ্দিন আজমলে ৷

উল্লেখ্য যে লোকসভা নিৰ্বাচনকেন্দ্ৰিক তৎপৰতাৰে মঙলবাৰে ধুবুৰীৰ বন্দিহানা অঞ্চলৰ ভাংগাৰ বজাৰত এখন কৰ্মীসভাত অংশগ্ৰহণ কৰে আজমলে ৷ ভাষণ প্ৰসংগত আজমলে জনসভাত উল্লেখ কৰে - “মোলৈ কিছুসংখ্যক কংগ্ৰেছী ভায়ে মেছেজ দিছে, হুজুৰ আপোনাৰ সভাত কংগ্ৰেছক বেছি গালি নিদিব ৷ বহুত কংগ্ৰেছীয়ে নিজেই মোক টেলিফোন কৰিছে... " ৷ আনহাতে আজমলে প্ৰসংগক্ৰমে উত্থাপন কৰিলে ৰকিবুল হুছেইন, ৱাজেদ আলি চোধুৰী আৰু আব্দুল খালেকৰ নামো ৷ ইফালে সভাৰ পাচতেই সাংবাদিকৰে হোৱা বাৰ্তালাপত আজমলে লোকসভা নিৰ্বাচনক লৈ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ৷ এইবাৰ লোকসভা নিৰ্বাচনত আজমলৰ মূল ইছ্যু হ’ব কি ? সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজমলে দোহাৰিলে একেই পুৰণা ইছ্যুবোৰ । ক’লে-“ এইবাৰ জবাবদিহি হ’ব কংগ্ৰেছ ৷ নিৰীহক বাংলাদেশী সজোৱা, D ভোটাৰ, NRCত 40 লাখ মহিলাৰ নাম কাটোতে কংগ্ৰেছ ক’ত আছিল ? AIUDF এ হিন্দু-মুছলমান সকলোৰে বাবে কাম কৰে ৷”

ৰকিবুল হুছেইন, ৱাজেদ আলি চৌধুৰী, আব্দুল খালেক যাকেই লোকসভাত প্ৰাৰ্থিত্ব নিদিয়ক কিয় সকলোৱে ধুবৰীত অভিলেখ সংখ্যক ভোটত হাৰিব বুলি দাবী বদৰুদ্দিন আজমলৰ ৷ আনকি আজমলৰ দাবী- পৰৱৰ্তী বিধানসভা নিৰ্বাচনতো হাৰিব ৱাজেদ আলি ৷

লগতে পঢ়ক: MP Badruddin Ajmal : মুছলমানৰ উন্নতিৰ বাবে কংগ্ৰেছে একো নকৰাৰ অভিযোগ আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.