ETV Bharat / state

আগমনিত নৈত উটি গ'ল শিশু - ৰায়ডাক নৈ

ৰায়ডাক নৈৰ বাঢ়নী পানীৰ কোবাল সোঁতত উটি যায় এঘাৰ বছৰীয়া এটি শিশু । বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে ।

আগমনিত নৈত উটি গ'ল শিশু
author img

By

Published : Jul 16, 2019, 8:43 AM IST

আগমনি,১৬জুলাই : আগমনি থানাৰ ঝাপুচাবাৰীত অঘটন । বাঢ়নী পানীত উটি গ'ল এঘাৰ বছৰীয়া এটি শিশু ।

উল্লেখ্য যে, সোমবাৰে ঝাপুচাবাৰী পঞ্চম খণ্ড গাঁৱৰ জহিৰুল হকৰ এঘাৰ বছৰীয়া পুত্ৰ মেৰাজুল হকে গা ধুবলৈ গৈছিল ৰায়ডাক নৈত । গা ধুৱাৰ পূৰ্বে কালভাৰ্টত খেলি থকাৰ সময়তে শিশুটি পৰি যায় পানীত । ইফালে, এই ঘটনাৰ পাছতে শিশুটি বাঢ়নী পানীৰ কোবাল সোঁতত উটি যোৱা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক খবৰ দিয়ে । স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলোৱাৰ লগতে আগমনি আৰক্ষী আৰু এচডিআৰএফ বাহিনীক খবৰ দিয়ে | স্থানীয় ৰাইজ উদ্ধাৰ কৰিবলৈ বিফল হোৱাৰ বিপৰীতে আৰক্ষী আৰু এছডিআৰএফ বাহিনীও আহি উপস্থিত হয় । বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে যদিও শিশুটিৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে ।

Intro:

আগমনি থানাৰ ঝাপুচাবাৰীত অঘটন ৷ বাঢ়নী পানীত উঠি গল এঘাৰ বছৰীয়া এটি শিশু ৷ Body:ঝাপুচাবাৰী পঞ্চম খণ্ড গাঁৱৰ জহিৰুল হক ৰ এঘাৰ বছৰীয়া পুত্ৰ মেৰাজুল হক গা ধুবলৈ গৈছিল কাষৰে ৰায়ডাক নৈত| গা ধুৱাৰ পূৰ্বে কালভাৰ্ডত খেলি থকা সময়ত সকলোৰে অলক্ষে পানীত পৰি যায় | প্ৰথমাৱস্থাত মোবাইল পৰা বুলি উপস্থিত ৰাইজে ভাবিছিল | কিন্তু এগৰাকী মহিলাই বাঢ়নী পানীৰ কোবাল সোঁতত শিশুটিক উঠি যোৱা দেখি হুৱাদূৱা লাগে | স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলোৱাৰ লগতে আগননি আৰক্ষী আৰু এচডিআৰএফ বাহিনীক খবৰ দিয়ে | স্থানীয় ৰাইজ উদ্ধাৰ কৰিবলৈ বিফল হোৱাৰ বিপৰীতে আৰক্ষী আৰু এছডিআৰএফ বাহিনীও আহি উপস্থিত হয় |

Conclusion:SDRF বাহিনী উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈ উদ্ধাৰ হোৱা নাই শিশুটো ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.