ETV Bharat / entertainment

আজি মুক্তিলাভ কৰিব আ-কাৰ, ই-কাৰ নোহোৱা প্ৰথমটো অসমীয়া গীত - ASSAMESE SONG BOR AXOM

যুৱ কণ্ঠশিল্পী প্ৰণয়ন শৰ্মাৰ কণ্ঠত শ্ৰোতাই উপভোগ কৰিব পাৰিব গীতটো ।

Assamese song
আ-কাৰ, ই-কাৰ নোহোৱা অসমীয়া গীত (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Jan 1, 2025, 11:20 AM IST

গুৱাহাটী : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১২ বছৰ বয়সতে প্ৰথম অ-আ-ক-খ শিকিয়েই ৰচনা কৰিছিল আ-কাৰ ই-কাৰ নোহোৱাকৈ এটি ভক্তিমূলক কবিতা । মহাপুৰুষজনাৰ এই অনবদ্য সৃষ্টিৰ বিষয়ে সকলো অৱগত । শংকৰদেৱ বিৰচিত আ-কাৰ ই-কাৰ নোহোৱা ভক্তিমূলক কবিতাৰ পিছতে এতিয়া মুক্তিৰ দিশে আ-কাৰ ই-কাৰ নোহোৱা এটি গীত ৷ কেইবাটাও দশকৰ পাছত অসমীয়া সাংস্কৃতিক জগতত সন্নিৱিষ্ট হৈছে আ-কাৰ ই-কাৰ নোহোৱা এটা গীত ৷

২০২৫ চনৰ আৰম্ভণি অৰ্থাৎ পহিলা জানুৱাৰীৰ দিনাই মুক্তিলাভ কৰিব অসমৰ প্রথমটো আ-কাৰ, ই-কাৰ নোহোৱা অসমীয়া গীত ‘বৰ অসম’ এ । যুৱ কণ্ঠশিল্পী প্ৰণয়ন শৰ্মাৰ কণ্ঠৰে মুক্তিলাভ কৰিবলৈ সাজু হৈছে এই গীতটো । গীতৰ কথা আৰু সুৰ মনজিৎ শৰ্মাৰ ।

Assamese song
আ-কাৰ, ই-কাৰ নোহোৱা অসমীয়া গীত (Photo : ETV Bharat Assam)

গীতটি সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফনিক বাৰ্তালাপত যুৱ কণ্ঠশিল্পী প্ৰণয়ন শৰ্মাই জনাই, "এই গীতটি লিখিছে তিনিচুকীয়াৰ বাসিন্দা মনজিৎ শৰ্মাই । সুৰো তেখেতেই কৰিছে । গীতটিৰ জৰিয়তে এক সুন্দৰবাৰ্তা পাব অসমবাসীয়ে । অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বাস কৰে । ভিন্ন সময়ত ভিন্ন কাৰণত অসমখন ভাগ ভাগ হোৱা পৰিলক্ষিত হয় । অসমত বাস কৰা প্ৰতিগৰাকী লোক তথা প্ৰতিটো জাতি-জনগোষ্ঠীক একত্ৰিত কৰাৰ উদ্দেশ্যেৰে এই গীতটি ৰচনা কৰা হৈছে । গীতটিৰ জৰিয়তে অসমবাসীয়ে নতুন কিবা এটা লাভ কৰিব । মই ইয়াৰ আগতে এনেধৰণৰ গীত নাই কৰা, এনেকুৱা ধৰণৰ এয়াই মোৰ প্ৰথম গীত । এইটো সম্ভৱতঃ অসম তথা ভাৰতবর্ষতে প্ৰথমটো আ-কাৰ, ই-কাৰ নোহোৱা গীত হ'ব ।"

তেওঁ লগতে আৰু কয়, "অসমীয়াবাসীয়ে গীতটিৰ জৰিয়তে এটা সুন্দৰ বাৰ্তা লাভ কৰিব । বৰ্তমান চলি থকা গীতসমূহতকৈ অকণমান সুকীয়া হ'ব গীতটি । আশা কৰো গীতটি শুনি সকলোৱে ভাল পাব আৰু সকলোৱে আঁকোৱালি ল'ব ।"

লগতে পঢ়ক : তিনি যুৱকৰ অসমীয়া সুৰ শুনাৰ ইচ্ছাই জন্ম দিলে ‘বাঁহী’ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.