ETV Bharat / state

আৰক্ষীৰ জেৰাত গো-মাফিয়াৰ ভয়ংকৰ স্বীকাৰোক্তি

author img

By

Published : Oct 22, 2020, 8:52 PM IST

আৰক্ষীৰ জেৰাত মুখ খুলিছে গো-মাফিয়া আদম আলীয়ে । বহু বিস্ফোৰক তথ্য লাভ কৰিছে আৰক্ষীয়ে । যোৱা ১১ অক্টোবৰত গুৱাহাটী হাতীগাঁৱৰ পৰা আটক হোৱা কুখ্যাত গো-মাফিয়া আদম আলীক দহ দিনৰ জিম্মাত নিয়াৰ পিচত পুনৰ বুধবাৰে দুদিনৰ জিম্মাত লয় ধুবুৰী আৰক্ষীয়ে ।

cattle smuggler
cattle smuggler

ধুবুৰী, 22 অক্টোবৰ : ধুবুৰৰীত আৰক্ষীৰ জেৰাত মুখ খুলিছে কুখ্যাত গো-মাফিয়া আদম আলীয়ে। কেৱল গৰুৰ চোৰাং বেপাৰেই নহয়। দেশ বিৰোধী চক্ৰৰে জড়িত গো-মাফিয়া আদম আলী । বাংলাদেশ, পাকিস্তানৰ নিষিদ্ধ সংগঠনৰ লগত সম্পৰ্ক থকাৰ সন্দেহ আৰক্ষীৰ। শীঘ্ৰেই আদমক ভাৰতীয় তদন্তকাৰী সন্থাই জেৰা কৰাৰ সম্ভাৱনা । এই সম্ভাৱনাৰ কথা উল্লেখ কৰিছে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

cattle smuggler
গো মাফিয়া আদম আলী

উল্লেখ্য যে, যোৱা ১১ অক্টোৱৰত গুৱাহাটী হাতীগাঁৱৰ পৰা আটক হোৱা কুখ্যাত গো-মাফিয়া আদম আলীক দহ দিনৰ জিম্মাত নিয়াৰ পিচত পুনৰ বুধবাৰে দুদিনৰ জিম্মাত লয় ধুবুৰী আৰক্ষীয়ে । আদম আলীক গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁৰ দুটাকৈ ঘৰত চলিছিল আৰক্ষীৰ অভিযান । উদ্ধাৰ হৈছিল মাৰণাস্ত্ৰৰ লগতে বহু আপত্তিজনক নথি পত্ৰ । এতিয়া দুদিনৰ ভিতৰত আৰক্ষীয়ে আৰু কি কি তথ্য লাভ কৰে সেয়াই গুৰুত্বপূৰ্ণ বিষয় ।

ভাৰত-বাংলা সীমান্তৰে বৃহৎ এক চোৰাং গৰুৰ ব্যৱসায় চলি থকাৰ কথা সকলোৰে জ্ঞাত ৷ এই ক্ষেত্ৰত আৰক্ষীয়ে বিভিন্ন ব্যৱস্থা কৰিও সফল হ’ব পৰা নাই ৷ কুশিয়াৰা নৈৰ বুকুৰে এই ব্যৱসায় চলাৰ অভিযোগ ৷ তাৰোপৰি বৰাক উপত্যকাৰ বাংলাদেশৰ গাতে লাগি থকা কৰিমগঞ্জৰেও চলে এই চোৰাং ব্যৱসায় ৷ এই চক্ৰটো যঠেষ্ট শক্তিশালী বুলি ইতিমধ্যে প্ৰমাণিত হৈছে ৷ কিছুদিন পূৰ্বে ধুবুৰীত আটক হোৱা এটা গৰু চোৰ চক্ৰই স্বীকাৰ কৰিছিল এই ব্যৱসায়ত বহু ৰাজনৈতিক নেতাৰ অঙহী-বঙহী জড়িত থকাৰ কথা ৷

আৰক্ষীৰ জেৰাত গো মাফিয়াৰ ভয়ংকৰ স্বীকাৰোক্তি

কইদিনমান পূৰ্বে ভাৰত-বাংলাদেশ সীমান্তত গৰু চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ প্ৰাণ হেৰুৱাইছিল আৰ আই বি এনৰ এজন জোৱানে ৷ বৰাক উপত্যকাতো বহুবাৰ গৰু চোৰৰ সৈতে সংঘাতৰ সন্মুখীন হৈছে সীমান্ত সুৰক্ষা বাহিনী ৷ আনকি চোৰাং গৰু সৰবৰাহৰ গইনা লৈ সীমান্ত এলেকাত বহু চুৰি-ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰো অভিযোগ উঠা দেখা গৈছে ৷ আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাত ৰৈ যোৱা কোনো সুৰুঙা অথবা কোনো তৃতীয় শক্তিৰ বাবেই হয়তো বৰ্তমানলৈকে অব্যাহত আছে এই চোৰাং বজাৰখন ৷

লগতে পঢ়ক : চৰকাৰী আঁচনিত দুৰ্নীতিৰ বিৰোধিতা কৰি আটক দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.