ETV Bharat / state

চৰকাৰৰ অৱহেলাঃ অৱশেষত স্থানীয় যুৱকে নিৰ্মাণ কৰিলে বাহৰ দলং - যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগীব লগীয়া হৈছে গাওঁবাসীয়ে

আজিও উন্নয়নৰ মূখ নেদেখিলে ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ এখন গাঁৱৰ ৰাইজে ৷ যাতায়ত, বিজুলী যোগান, স্বাস্থ্য় ইত্য়াদি সুবিধাৰ পৰা বঞ্চিত গাওঁবাসীয়ে অৱশেষত গাঠিৰ ধন ভাঙি তৈয়াৰ কৰিলে এখন বাহৰ দলং ৷

BROKEN  BAMOO BRIDGE AT DHUBURI
চৰকাৰৰ অৱহেলাঃ অৱশেষত স্থানীয় যুৱকে নিৰ্মাণ কৰিলে বাহৰ দলং
author img

By

Published : Oct 29, 2020, 1:26 PM IST

ধুবুৰী,29 অক্টোবৰ: পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা বিজেপি শাসিত চৰকাৰখনৰ ৫ বছৰীয়া কাৰ্য্যকাল অন্ত পৰিবলৈ মাজত মাথো কেইটামান মাহ ৷ কিন্ত আজিও উন্নয়নৰ মূখ নেদেখিলে ৰাজ্যৰ বহু অঞ্চলে ৷ উদাহৰন স্বৰূপে ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ এখন গাওঁ । আজিও চৰকাৰৰ দৃষ্টিত নপৰা আমবাৰী ভূঞাপাৰা গাঁৱৰ ৰাইজে বঞ্চিৰ হৈ আছে চৰকাৰী সুবিধাৰ পৰা ৷ যাতায়ত, বিজুলী যোগান, স্বাস্থ্য় ইত্য়াদিৰ দৰে গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ প্ৰাপ্য় সুবিধাখিনিৰ পৰা বঞ্চিত হৈ আহিছে গাওঁবাসী ৷ বিশেষকৈ যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগীব লগীয়া হৈছে গাওঁখনৰ লোক সকলে ৷

BROKEN  BAMOO BRIDGE AT DHUBURI
চৰকাৰৰ অৱহেলাঃ অৱশেষত স্থানীয় যুৱকে নিৰ্মাণ কৰিলে বাহৰ দলং

বিভিন্ন প্ৰান্তৰে সংযুক্ত হোৱা মুল পথটো প্ৰলয়ংকাৰী বানে চিঙি নিয়াৰ পিছত সকলোৰে লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে গাওঁখনৰ ৷ গাওঁবাসীয়ে স্থানীয় বিধায়ক,সাংসদ তথা সংশ্লিষ্ট কতৃপক্ষক অৱগত কৰাৰ পাছতো পোৱা নাই কোনো সুফল ৷ অৱশেষত গাঠিৰ ধন খৰচ কৰি গাওঁখনৰ যুৱকসকলে অস্থায়ী ভাৱে তৈয়াৰ কৰিলে এখন বাহৰ দলং।

এতিয়া স্থানীয় ৰাইজৰ লগতে স্কুল কলেজৰ ছাত্ৰ- ছাত্ৰীসকলে এই দলংখনৰ ওপৰেদি যাতায়ত কৰিছে । কিন্তু পৰিতাপৰ বিষয় যে, বাহৰ দলংখন পৰিচালনাৰ বাবে প্ৰতিজন লোকে আদায় দিব লাগে 10 ৰ পৰা ২০ টকা পৰ্য্যন্ত যিটো গাৱৰ সকলো লোকে প্ৰতিদিনে দিয়াটো সম্ভৱ নহয় ৷

স্থানীয় ৰাইজে বহুবাৰ স্থানীয় বিধায়ক আৰু ধুবুৰীৰ সাংসদগৰাকীক অৱগত কৰি আহিছে যদিও দলংখন সন্দৰ্ভত আজিলৈকে নিদিলে কোনো গুৰুত্ত্ব । এই সকল জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ সময়ত ৰাইজক মিছা প্ৰতিশ্ৰুতি দি কেৱল ভোটটোহে সংগ্ৰহ কৰে ৷ ইয়াৰ পিছত ৫ বছৰীয়া কাৰ্যকালত কোনো এজন প্ৰতিনিধিৰ মূখ দেখিবলৈ নাপায় বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অঞ্চলটোত শীঘ্ৰেই এখন পকী দলং নিৰ্মান কৰি ইয়াৰ স্থায়ী সমাধানৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:JEE কণ্ড : আজি আদালতত হাজিৰ কৰোৱা হ’ব 5 অভিযুক্তক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.