ETV Bharat / state

অসম বংগ সীমান্তত পুনৰ জব্দ ব্ৰইলাৰ মুৰ্গী ভৰ্তি ট্ৰাক

author img

By

Published : Jan 28, 2021, 6:00 PM IST

চৰকাৰী নিষেধাজ্ঞাৰ পিছতো বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ ব্ৰইলাৰ মুৰ্গী ভৰ্তি ট্ৰাক । ধুবুৰী জিলাৰ আগমনীত নিশা আৰক্ষীৰ অভিযানত জব্দ ব্ৰইলাৰ মুৰ্গী ভৰ্তি ট্ৰাক ।

অসম বংগ সীমান্তত পুনৰ জব্দ ব্ৰইলাৰ মুৰ্গী ভৰ্তি ট্ৰাক
অসম বংগ সীমান্তত পুনৰ জব্দ ব্ৰইলাৰ মুৰ্গী ভৰ্তি ট্ৰাক

ধুবুৰী, ২৮ জানুৱাৰী: চৰকাৰী নিষেধাজ্ঞাক আওকান কৰি প্ৰতিদিনে বহিঃৰাজ্যৰ পৰা অসমত শ শ ব্ৰইলাৰ মুৰ্গী ভৰ্তি ট্ৰাক প্ৰৱেশ কৰি আহিছে । বুধবাৰে নিশা আৰক্ষীৰ অভিযানত অসম বংগ সীমান্তৰ ধুবুৰী জিলাৰ আগমনীত জব্দ কৰা হয় এখন ব্ৰইলাৰ মুৰ্গী ভৰ্তি ট্ৰাক । AS০২BC - ৮৪৮৮ নম্বৰৰ ব্ৰইলাৰ মুৰ্গী ভৰ্তি ট্ৰাকখন বহিঃ ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰোতে নিশা আগমনী আৰক্ষীয়ে জব্দ কৰে ।

উল্লেখ্য যে, বাৰ্ডফ্লুৰ আতংকৰ বাবে ৰাজ্যৰ পশু চিকিৎসা বিভাগে বহিঃৰাজ্যৰ পৰা অসমত হাহঁ কুকুৰাৰ প্ৰৱেশত সামূহিকভাৱে নিষেধাজ্ঞা জাৰি কৰিছিল যদিও একাংশ ব্যৱসায়ীয়ে চোৰাং পথেৰে অবৈধভাৱে বহিঃৰাজ্যৰ পৰা অসমলৈ ব্ৰইলাৰ মুৰ্গী সৰবৰাহ কৰি আহিছিল । এই সৰবৰাহৰ বাবে আৰক্ষীয়ে ইতিপূৰ্বে কেবাখনো ট্ৰাক জব্দ কৰে ।

ইতিমধ্যে জব্দ কৰা ট্ৰাকখনৰ পৰা ব্ৰইলাৰ মুৰ্গীৰ তেজৰ নমুনা সংগ্রহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰে পশু চিকিৎসা বিভাগে । এইদৰে একাংশ বিষয়াৰ ছত্ৰছায়াত চৰকাৰী নিষেধাজ্ঞাক আওকান কৰি চলাই অহা ব্যৱসায়ৰ বাবে এইক্ষেত্ৰত আৰক্ষী আৰু পশু চিকিৎসা বিভাগে পৰৱৰ্তী সময়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় বিষয় হ'ব ।

লগতে পঢ়ক:বিৰোধী দলপতি প্ৰসংগঃ উচ্চ ন্যায়ালয়ত নৰজিল বিধানসভা সচিবালয়ৰ আৰ্জি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.