ETV Bharat / state

গা-ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ ঘাটত সন্ধানহীন ছাত্ৰ

ধুবুৰীত সমনীয়া সৈতে গা-ধুবলৈ গৈ ছাত্ৰ সন্ধানহীন ৷ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও বৰ্তমানলৈ ছাত্ৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ ব্ৰহ্মপুত্ৰৰ ঘাটত গা-ধুবলৈ গৈ সন্ধানহীন হয় ছাত্ৰজন ৷

Body of missing student found in Assam Duburi district
ধুবুৰীত গা-ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ ঘাটত সন্ধানহীন ছাত্ৰ
author img

By

Published : Aug 6, 2020, 9:32 PM IST

ধুবুৰী, 6 আগষ্ট : ৰাজ্যত ক'ভিড-19 আৰু বানাপনীৰ তাণ্ডৱ অব্য়াহত থকাৰ মাজতে বৃহস্পতিবাৰে ধুবুৰীত সমনীয়াৰ সৈতে গা-ধুবলৈ গৈ এগৰাকী ছাত্ৰ সন্ধানহীন হয় ৷ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ গৰাকীয়ে সমনীয়াৰ সৈতে দুপৰীয়াৰ ভাগত অয়ৰাণ জংলা তৃতীয় খণ্ড গাঁৱৰ কাষেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ ঘাটত গা-ধুবলৈ গৈ সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে ৷

ধুবুৰীত গা-ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ ঘাটত সন্ধানহীন ছাত্ৰ

জানিব পৰা মতে, ধুবুৰী চহৰৰ 12 নম্বৰ ৱাৰ্ডৰ সুভাষ নগৰৰ বাসিন্দা আকতাৰ হুছেইন সৰকাৰ ওৰফে গঞ্জেৰ আলীৰ পুত্ৰ তথা হ্যেপি কনভেণ্ট নামৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিফ সৰকাৰে চাৰি গৰাকী সমনীয়াৰ হৈছে দুপৰীয়াৰ ভাগত গা-ধুবলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ আছে ৷ তথ্য অনুসৰি, গা ধুই থকা সময়ত হঠাৎ প্ৰবল সোঁতত আইকেইজন উটি যায় । ইয়াৰে চাৰিজন কিশোৰ পাৰলৈ উঠি আহি কথমপি প্ৰাণ ৰক্ষা পৰে যদিও আছিফ সৰকাৰ নামৰ ছাত্ৰ গৰাকী সন্ধানহীন হৈ পৰে ।

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ঘাটত উপস্থিত হৈ আৰক্ষী আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ এছ ডি আৰ এফক খবৰ দিয়াত উদ্ধাৰ অভিযান চলাই যদিও বৰ্তমানলৈ ছাত্ৰ গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

আনহাতে, উদ্ধাৰ অভিযান চলাবলৈ অহা এছ ডি আৰ এফ বাহিনীৰ হৰেন পাল নামৰ এফন আৰক্ষী কনিষ্টবল গৰাকীয়ে মদ্যপান কৰি অহাৰ ঘটনাই অঞ্চলৰ সচেতন মহলৰ মাজত বিভিন্ন প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : নতুন শিক্ষা নীতি ৰূপায়নৰ পূৰ্বে বড়ো মাধ্যমৰ সমস্য়া সমাধানৰ দাবী এবছুৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.