ETV Bharat / state

অসমৰ বান সমস্যা : চৰকাৰক সমালোচনা আজমলৰ - ETV_ASSAM

অসমৰ বান সমস্যাক লৈ প্ৰতিক্ৰিয়া আগবঢ়াইছে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে ৷ অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে অসমৰ বান সাহায্য হিচাপে 5 হাজাৰ কোটি টকা প্ৰদানৰ দাবী উত্থাপন কৰে সাংসদ গৰাকীয়ে ৷

চৰকাৰক সালোচনা আজমলৰ
author img

By

Published : Jul 29, 2019, 5:38 PM IST

ধুবুৰী, জুলাই 29 : অসমৰ বান সমস্যাক লৈ প্ৰতিক্ৰিয়া আগবঢ়াইছে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে ৷ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী তোলে আজমলে ৷ বিগত দহ বছৰে সংসদৰ মজিয়াত এই দাবী উত্থাপন কৰাৰ পিচতো কেন্দ্ৰই কোনো গুৰুত্ব নিদিয়া বুলি দুখ প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত সাংসদ গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি তীব্ৰ সমালোচনা কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক ।

চৰকাৰক সালোচনা আজমলৰ

প্ৰধান মন্ত্ৰীয়ে যদি গুজৰাটৰ দুখন জিলাৰ বাবে বান সাহায্যৰ বাবদ 500 কোটি টকা দিব পাৰে,বিহাৰৰ বান সাহায্য হিচাপে যদি 500 কোটি টকা দিব পাৰে তেন্তে অসমৰ ক্ষেত্ৰত কেৱল 250 কোটি টকাহে কিয় দিলে বুলি প্ৰশ্ন উত্থাপন কৰে আজমলে। আনহাতে মাত্ৰ 250 কোটি টকা পাই বাঃ বাঃ লোৱা অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰীকো তীব্ৰ সমালোচনা কৰে বদৰুদ্দিন আজমলে ৷ অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে অসমৰ বান সাহায্য হিচাপে 5 হাজাৰ কোটি টকা প্ৰদানৰ দাবী উত্থাপন কৰে সাংসদ গৰাকীয়ে ৷

Intro: অসমৰ বানপানীক লৈ আজমলৰ প্ৰতিক্ৰিয়া। অসমৰ বানপানী গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। বিগত দহ বছৰে সংসদৰ মজিয়াত এই দাবী উত্থাপন কৰাৰ পিছত আজি পুনৰ এই দাবী উত্থাপন কৰিলে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে। আজমলে সংবাদ মাধ্যমৰ আগত আজি দুখ প্ৰকাশ কৰি সমালোচনা কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক।

Body:

অসমৰ বান গৰাখহনীয়া কিয় ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে কেন্দ্ৰীয় চৰকাৰে। এই প্ৰশ্ন সাংসদ বদৰুদ্দিন আজমলৰ। এই ক্ষোভ সাংসদ আজমলৰ। আজি সংবাদ মাধ্যমৰ আগত সাংসদ গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি তীব্ৰ সমালোচনা কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক। আজমলে কয়ঃ প্ৰধান মন্ত্ৰীয়ে গুজৰাটৰ দুখন জিলাৰ বাবে বান সাহায্য যদি ৫০০ কোটি দিব পাৰে। বিহাৰৰ বান সাহায্য হিচাপে যদি ৫০০ কোটি দিব পাৰে তেন্তে অসমৰ ক্ষেত্ৰত ২৫০ কোটি কিয় বুলি প্ৰশ্ন উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে সাংসদ আজমলে। আনহাতে মাত্ৰ ২৫০ কোটি টকা পাই বাঃ বাঃ লোৱা অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰীকো তীব্র সমালোচনা কৰে আজমলে। অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে অসমৰ বান সাহায্য হিচাপে ৫ হাজাৰ কোটি টকা সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে।

আনহাতে আজমলে বিগত দহ বছৰে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছে বুলি কৈ অসম চৰকাৰৰ ফালৰ পৰা এই ক্ষেত্ৰত কোনো দাবী উত্থাপন কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে আজমলে।

Byte:- বদৰুদ্দিন আজমল

Conclusion:উল্লেখযোগ্য যে, আজি অসম বিধান সভা অধিবেশনৰ মজিয়াত এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰিব বুলি উল্লেখ কৰে আজমলে। যদিওঁ অসম চৰকাৰে এতিয়া কি গুৰুত্ব প্ৰদান কৰে সেয়াহে লক্ষণীয় বিষয় হৈ পৰিব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.