বিলাসীপাৰা, 30 নৱেম্বৰ: সোমবাৰে বিলাসীপাৰাৰ টোকৰাবান্ধা শিল কোবেৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত প্ৰায় ৩০ ফুট ওপৰৰ পৰা বাগৰি পৰে এখন শিল ভৰ্তি ট্ৰাক । যাৰ ফলত থিতাতে নিহত হয় শিল কোবেৰীৰ এজন শ্ৰমিক। নিহত শ্ৰমিকজনৰ নাম হাতেম আলী । হাতেম আলীৰ ঘৰ বিলাসীপাৰাৰ টোকৰাবান্ধা লটেয়াত বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AMP-0811 ৷

উল্লেখ্য যে, শিল কোবেৰী কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় শালকোচা আৰক্ষী ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷
অন্য এক খবৰৰ বাবে: ১ জানুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়