ETV Bharat / state

জৰাজীৰ্ণ বাঁহৰ দলঙেৰে যাত্ৰা বেলগুৰিবাসীৰ! - BILASHIPARA BROKEN BRIDGE

জৰাজীৰ্ণ এখন বাঁহৰ দলঙে জীয়াতু ভুগাইছে পশ্চিম বিলাসীপাৰাৰ বেলগুৰীবাসীক ৷ প্ৰায় 30 বছৰে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা দলং খনেৰে বিপদসংকুল ভাৱে যাতায়ত কৰিছে প্ৰায়10-20 খন গাঁৱৰ ৰাইজে ৷ দলং খন মেৰামতিৰ বাবে কোনো ব্যৱস্থা হাতত নোলোৱাৰক অভিযোগ স্থানীয় বিধায়কৰ বিৰুদ্ধে ৷

30 বছৰে মেৰামতি নোহোৱা এখন দলং
author img

By

Published : Oct 23, 2019, 11:13 AM IST

পশ্চিম বিলাসীপাৰা,23অক্টোবৰ : পশ্চিম বিলাসীপাৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত বেলগুৰীৰ জনসাধৰণক জ্বলা-কলা খুৱাইছে জৰাজীৰ্ণ এখন বাঁহৰ দলঙে ৷ প্ৰায় 30 বছৰ ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে দলংখন ৷ টিপকাই নৈৰ ওপৰত অৱস্থিত এই মৰণফান্দ দলং খনেৰে যাতায়ত কৰে প্ৰায় 10-20 খন গাঁৱৰ ৰাইজে ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি ইতিমধ্যেই দলংখনৰ পৰা নদীত পৰি একাধিক লোকৰ মৃত্যু পৰ্যন্ত হৈছে ৷ তথাপিও কিন্তু স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদ, সাংসদ বদৰুদ্দিন আজমল, তথা এম চি এল এ যতীন্দ্ৰ ব্ৰহ্মই দলঙখনৰ মেৰামতিৰ বাবে হাতত লোৱা নাই কোনো ব্যৱস্থা ৷ যাৰ বাবে অঞ্চলবাসী অতিষ্ঠ হৈ বুধবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অতি শীঘ্ৰে এই দলং খনৰ মেৰামতিৰ কাম আৰম্ভ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনৰ লগতে বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে অঞ্চলবাসীয়ে ৷

30 বছৰে মেৰামতি নোহোৱা এখন দলং

ইফালে, স্থানীয় যুৱ নেতা ৰঞ্জয় কুমাৰ ব্ৰহ্মৰ নেতৃত্বত একাংশ ৰাইজে দলঙখন বাঁহৰে নিৰ্মান কৰিছে যদিও বৰ্তমান মেৰামতিৰ অভাৱত বৰ্তমান জহি-খহি যাবলৈ ধৰিছে দলং খন ৷ জহি-খহি যোৱা দলং খনৰ বাবে দুৰ্ভোগ ভুগিছে দলং খনেৰে নিতৌ যাতায়ত কৰা শ-শ শিক্ষাৰ্থীৰ লগতে হাজাৰ-হাজাৰ জনসাধৰণে ৷ আনকি,অঞ্চলবাসীৰ অভিযোগ অনুসৰি ৰোগীসকলক চিকিৎসাললৈ নিবলৈ মৃত্যুঞ্জয় বাহনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব লাগে ঠেলা ৷ দলংখন মেৰামতিৰ বাবে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষৰ সহায় বিচাৰিছে যদিও নিৰাশ হ'বলগীয়া হৈছে অঞ্চলবাসী ৷ যাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী হাতত লৱলৈ বাধ্য হৈছে স্থানীয় ৰাইজে ৷ প্ৰতিবাদকাৰীসকলৰ দাবী বোকা ছটিওৱাৰ ৰাজনীতি নকৰি ৰাইজৰ বাবে কাম কৰক ৰাজনৈতিক নেতাসকলে ৷

Intro:Anchor - পশ্চিম বিলাসীপাৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত বেলগুৰীত এখন জৰাজীৰ্ণ বাঁহৰ দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক ৰাইজক | বিগত প্ৰায় ত্ৰিছ বছৰ ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা দলং খনে মৰন ফান্দ লৈ পৰ্যবসিত হৈছে | টিপকাই নৈৰ ওপৰত বেলগুৰী গাঁৱত অৱস্থিত এই মৰন ফান্দ সদৃশ দলং খনেৰে স্থানীয় বহু কেইখন গাঁৱৰ ৰাইজে বিপদ সংকুল যাতায়ত কৰি আহিব লগীয়া হৈছে, এই দলং খনৰ পৰা পৰি ইতিমধ্যে কেবাজন লোক মৃত্যু মুখত পৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে | ইয়াৰ পিছতো বিধায়ক হাফিজ বছিৰ আহমেদ, সাংসদ বদৰুদ্দিন আজমল, তথা এম চি এল এ যতীন্দ্ৰ ব্ৰহ্মৰ কোনো কানষাৰ নাই বুলিও ৰাইজে অভিযোগ তুলিছে |Body:জনপ্ৰতিনিধি সকলৰ সদিচ্ছাৰ অভাৱত বছৰৰ পিছত বছৰ ধৰি বিলাসীপাৰা টিপকাই সংযোগী গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথটোৰ ওপৰত এই দলং খন অচিৰেই মেৰামতি নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনৰ লগতে বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলি সকীয়াই দিয়ে ভুক্তভোগী ৰাইজ সকলে | পথছোৱৰ বেলগুৰি গাঁৱত টিপকাই নৈৰ ওপৰত থকা কাঠৰ দলং খনে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰি অহাত স্থানীয় যুৱ নেতা ৰঞ্জয় কুমাৰ ব্ৰহ্মৰ নেতৃত্বত একাংশ ৰাইজে দলং খন বাঁহৰে নিৰ্মিত কৰি বিপদজনক ভাবে যাতায়ত অব্যাহত ৰাখিছে | দলং খনেৰে নিতৌ শ শ স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে হাজাৰ হাজাৰ লোক যাতায়ত কৰিব লগীয়া বাঁহৰ এই দলং খনেৰে ৰোগীক চিকিৎসালয় লৈ নিয়াৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগীয়া হৈছে অঞ্চলবাসী |Conclusion:উল্লেখযোগ্য যে পশ্চিম বিলাসীপাৰা সমষ্টিৰ আৰু বিটিএডিৰ অধীনৰ এলেকাধীন হোৱা বাবে এজনে ভাবে সিজনে নিৰ্মাণ কৰিব আনজনে ভাবে সিজনে নিৰ্মাণ কৰিব, এনে বোকা ছটিওৱাৰ ৰাজনীতিৰ মেৰপেচত দলং খন যুগ যুগ ধৰি জৰাজীৰ্ণ হৈ পৰি আছে | ফলত বড়ো জনগোষ্ঠীয় অধ্যুষিত অঞ্চলটোৰ দলং খনৰ ওপৰত সোমবাৰে ৰঞ্জয় কুমাৰ ব্ৰহ্মৰ নেতৃত্বত একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি দলং খন অতি শীঘ্ৰে নিৰ্মাণৰ দাবী তুলিছে |
Byte১+২ স্থানীয় নাগৰিক
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.