ধুবুৰী, ১০ আগষ্ট : সোমবাৰে দেশৰ ৰাজহুৱা সম্পদ আৰু শ্ৰমিক-কৃষকৰ অধিকাৰ ৰক্ষাৰ হকে প্ৰতিবাদত নামিল CITU, AIUTUC আৰু UTUC কে ধৰি কেইবাটাও সংগঠন । দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনকেইটাই । ৰাজ্যৰ আন আন জিলাৰ লগতে ধুবুৰীতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনকেইটাই । জিলাখনৰ তিনিটা স্থানত বিক্ষোভ প্ৰদৰ্শন কৰে সদস্যসকলে ।
ধুবুৰী সদৰ চহৰৰ লগতে আগমনি, বিলাসীপাৰাতো সোমবাৰে আইন অমান্য আন্দোলন কৰে সংযুক্ত কৃষক মৰ্চা, ট্ৰেড ইউনিয়নকে ধৰি সংগঠনকেইটাই । ভাৰত বচাও দিৱস পালন কৰি শ্রমিক-কৃষক আৰু গণ সংগঠনসমূহে ঐক্যবদ্ধভাৱে প্রতিবাদ সাব্যস্ত কৰে । মূল্যবৃদ্ধি ৰোধ কৰা, মধ্যাহ্ন ভোজনৰে জড়িত কর্মচাৰীসকলৰ বকেয়া দৰমহা আদায় দিয়া, ৩ খন কৃষি আইন বাতিল কৰা, বিদ্যুৎ সংশোধনী বিল বাতিল কৰাকে ধৰি একাধিক দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।
চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনকেইটাৰ সদস্যসকলে ।
দেশৰ বিভিন্ন প্ৰান্ততো সোমবাৰে কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সাধাৰণ জনতাকো এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় সংগঠনকেইটাই । চৰকাৰে ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক: জনজাতিকৰণৰ নামত ৰাজনীতি বন্ধ কৰাৰ হুংকাৰ আছাৰ