ধুবুৰী , 7 জুনঃ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা এজন বাংলাদেশী নাগৰিকক আটক কৰিছে মনকাচৰ আৰক্ষীয়ে ৷ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী ডাকেৰ গাৱঁত সংঘটিত হৈছে এই ঘটনা ৷ এজন স্থানীয় লোকৰ ঘৰত আত্মগোপন কৰি আটকাধীন নাগৰিকজনে চলাই গৈছিল ড্ৰাগছ আৰু মদৰ ৰোমৰমীয়া বেহা ৷ মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শনিবাৰে নিশা গোপন সূত্ৰৰ পম খেদি ডাকেৰ গাঁৱৰ নুৰ আমিন নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা আটক কৰে বাংলাদেশী নাগৰিকজনক ৷
উল্লেখযোগ্য যে , নুৰ আমিন নামৰ ব্যক্তি জনৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ সুৰা আৰু নিচা জাতীয় দ্ৰব্য ৷ কিন্তু আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম ন'হল গৃহস্ত নুৰ আমিনক ৷ ধৃত বাংলাদেশী লোকজন কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী আৰক্ষী থানাৰ অন্তৰ্গত বগবান্ধা গাঁৱৰ মহাম্মদ আলীৰ পুত্ৰ মিলন মিয়া বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷
মন কৰিবলগীয়া যে , ভাৰত-বাংলা সীমান্তৰে ড্ৰাগছ আৰু সুৰাৰ চোৰাং বেহা দীৰ্ঘ দিনৰে পৰা চলি আহিছে । এই ক্ষেত্ৰত মানকাচৰ আৰক্ষীৰ জালত পৰা বাংলাদেশী সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে কেনে ধৰণৰ তথ্য উদঘাটন কৰিবলৈ সক্ষম হয় সেয়া হ'ব লক্ষণীয় ৷