ধুবুৰী, 15 ছেপ্টেম্বৰ: পুনৰ মিলন নে 2024ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এক ৰাজনৈতিক কৌশল ? শুকুৰবাৰে ধুবুৰীৰ আৱৰ্ত ভৱনত স্থানীয় সাংসদ তথা AIUDF মুৰব্বী বদৰুদ্দিন আজমলৰ সৈতে ধুবুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন AIUDF বিধায়ক ৰছুল হ’কৰ মিলনৰ দৃশ্যই এতিয়া অৱতাৰণা কৰিছে এতিয়া এই প্ৰশ্নৰ ।
এসময়ৰ তিক্ততা পাহৰি শুকুৰবাৰে দুপৰীয়া দুয়োকে একেলগে বহি থকা দেখা পোৱা গ’ল ধুবুৰীৰ আৱৰ্ত ভৱনত ৷ সেয়া প্ৰত্যক্ষ কৰি সেই ঠাইত উপস্থিত থকা সাংবাদিকৰ প্ৰশ্নত ধুবুৰীৰ পূৰ্বৰ দলীয় বিধায়ক ৰছুল হ’ক সৰু ভাইটিৰ দৰে আছিল বুলি মন্তব্য কৰে আৰু হ’কৰ প্ৰতি থকা পুৰণি খং আৰু নাই বুলি মন্তব্য কৰে আজমলে ৷
বহুদিনৰ পিছত লগ পাই ভাল লগা বুলিও উল্লেখ কৰে আজমলে ৷ আনকি খোলা মনেৰে আহিলে হ’কক পুনৰ আদৰি ল’ব বুলিও জনায় আজমলে । ৰছুল হ’কক কাষত বহুৱাই তেখেতৰ ৰাজনৈতিক জীৱন ডাঙৰ ককায়েকে ধ্বংস কৰা বুলি সাংবাদিকৰ সন্মুখত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আজমলে ।
উল্লেখ্য যে, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা সম্প্ৰতি অসম গণ পৰিষদ দলত যোগদান কৰা মহিবুল হ’ক আৰু ৰছুল হ’ক বাহাদুৰ হ’ল সম্পৰ্কত ভায়েক-ককায়েক ৷ আনহাতে ৰছুল হ’কেও সাংবাদিকৰ সন্মুখত আজমলৰ প্ৰশংসাত গদগদ হৈ পৰা দেখা যায় । সাংসদ আজমলক ডাঙৰ ভাতৃ বুলি অভিহিত কৰি হুজুৰে বিচাৰিলে সকলো হ’ব বুলি সাংবাদিকৰ সন্মুখত এক বিশেষ ইংগিতবাহী মন্তব্য কৰে হ’কে ।
ইফালে ধুবুৰীৰ প্ৰাক্তন AIUDF বিধায়ক ৰছুল হ’ক বাহাদুৰৰ সৈতে দলটোৰ মুৰব্বী আজমলৰ আজিৰ এই মিলন বিশেষ তাৎপৰ্যপূৰ্ণ হিচাবে বিবেচিত হৈছে । সমান্তৰালকৈ আজিৰ দুয়োৰে পুনৰ মিলনৰ ঘটনাক লৈ বৰ্তমানৰ ধুবুৰীৰ AIUDFৰ বিধায়ক নজৰুল হ’কৰ প্ৰতিক্ৰিয়া কি হ’ব পাৰে তাকেলৈয়ো বিভিন্ন মহলত চৰ্চা আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে ৷
ইফালে ধৰ্মক ৰাজনীতিৰ সৈতে একাকাৰ নকৰিবলৈ আহ্বান জনায় এদিন আমাৰো সময় আহিব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে আজমলে ৷
লগতে পঢ়ক: Sanatan Dharma Row: সনাতন ধৰ্মক শেষ কৰিবলৈ বিৰোধী মিত্ৰজোঁট গঠন হৈছে; ড৹ হিমন্ত বিশ্ব শৰ্মা