ETV Bharat / state

‘হিমন্ত বিশ্ব শৰ্মাই মোৰ হত্যাৰ ষড়যন্ত্ৰ কৰিছে’-বদৰুদ্দিন আজমল - Badaruddin Ajmal's reaction on CAA

নতুন ভূমি নীতিক লৈ এদিন পূৰ্বে এ আই ইউ ডি এফ প্ৰধান সাংসদ গৰাকীয়ে সত্তৰ আশী লাখ মুছলমানক খেদি পঠিওৱাৰ বাবে বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰা বুলি মন্তব্য কৰিছিল ৷ ইয়াকে লৈ বিভিন্ন জনে এয়া উচটনিমুলক আৰু সাম্প্ৰদায়িক মন্তব্য বুলি তেখেতক উভতি ধৰে ৷

Badaruddin Ajmal's reaction on CAA
‘হিমন্ত বিশ্ব শৰ্মাই মোৰ হত্যাৰ ষড়যন্ত্ৰ কৰিছে’-বদৰুদ্দিন আজমল
author img

By

Published : Jan 21, 2020, 11:01 PM IST

Updated : Jan 21, 2020, 11:29 PM IST

ধুবুৰী,21 জানুৱাৰীঃ পুনৰ এক নতুন বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে এআইইউডিএফ দলৰ প্ৰধান সাংসদ বদৰুদ্দিন আজমল ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলৰ হত্যাৰ পৰিকল্পনা কৰিছে বুলি মঙলবাৰে ধুবুৰীত বিস্ফোৰক মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ নতুন ভূমি নীতিক লৈ এদিন পূৰ্বে এ আই ইউ ডি এফ প্ৰধান সাংসদ গৰাকীয়ে সত্তৰ আশী লাখ মুছলমানক খেদি পঠিওৱাৰ বাবে বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰা বুলি মন্তব্য কৰিছিল ৷

ধুবুৰীত বদৰুদ্দিন আজমল

ইয়াকে লৈ বিভিন্ন জনে এয়া উচটনিমুলক আৰু সাম্প্ৰদায়িক মন্তব্য বুলি তেখেতক উভতি ধৰে ৷ কিন্তু এই বিষয়ে সাংবাদিকে তেখেতৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেখেতে কি মন্তব্য আগবঢা়ইছিল সেইয়া মনত নাই বুলি কয় ৷

ধুবুৰীত বদৰুদ্দিন আজমল

আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চিনেমাৰ নায়ক হোৱাৰ বাবে পৰামৰ্শ দিয়াৰ সমান্তৰালকৈ যদি ৰাইজে নায়ক হিচাপে পছন্দ নকৰে তেন্তে ভিলেন হোৱাৰ পৰামৰ্শ দিয়ে সাংসদ আজমলে ৷ বুধবাৰে হ’বলগীয়া নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰতি তেখেতৰ আস্থা আছে ৷

ধুবুৰীত বদৰুদ্দিন আজমল

সাংসদ বদৰুদ্দিন আজমলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ কৰা বুলি উত্থাপন কৰা বিস্ফোৰক অভিযোগ আৰু তেখেতলৈ আগবঢ়োৱা পৰামৰ্শৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াক কেনেদৰে গ্ৰহণ কৰে সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷
লগতে পঢ়ক-"মহাদেৱ হ'লে বিষ খাবই লাগিব":কিয় ক'লে হিমন্ত বিশ্ব শৰ্মাই ?

Intro: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলৰ হত্যাৰ প্লেন কৰি আছে। এই বিস্ফোৰক অভিযোগ এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু কিয় মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে আজমলৰ এনে বিস্ফোৰক অভিযোগ। কেৱল এয়াই নহয়। মন্ত্ৰী হিমন্ত লৈ আজমলৰ বিশেষ পৰামৰ্শ।

Body: প্ৰথমে শুনক সাংসদ বদৰুদ্দিন আজমলে আজি ধুবুৰীত কি বিস্ফোৰক অভিযোগ কৰিলে মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে।

হয়, দৰাচলতে নতুন ভূমি নীতিক লৈ এদিন পূৰ্বে এ আই ইউ ডি এফ প্ৰধান সাংসদ বদৰুদ্দিন আজমলে সত্তৰ আশী লাখ মুছলমানক খেদি পঠিওৱাৰ ষড়যন্ত্ৰ বিজেপি চৰকাৰে লৈছে বুলি মন্তব্য কৰাৰ পিছত এক বিতৰ্কৰ মাজত সোমাই পৰিছে সাংসদ বদৰুদ্দিন আজমল। বিভিন্ন জনে এয়া উচটনিমুলক আৰু সাম্প্ৰদায়িক মন্তব্য বুলি আজমলক উভতি ধৰিছে। যদিওঁ এনে সন্দিক্ষণত আজি ধুবুৰীত উপস্থিত হোৱা সাংসদ বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত আজমলে ভূমি নীতিক লৈ কি মন্তব্য কৰিছিল সেয়া হেনো আজমলৰ মনত নাই। পাহৰিছে হেন আজমলে। কিন্তু একে সময়তে অসমৰ বিত্ত মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত উচটনি মূলক মন্তব্য দি আহিছে বুলি অভিযোগ তুলি মন্ত্ৰী হিমন্তই আজমলে মুখ্যমন্ত্ৰী হব বুলি বিভিন্ন সময়ত উচটনি মূলক মন্তব্য দি আজমলক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰা বুলি এক বিস্ফোৰক অভিযোগ এনে সাংসদ আজমলে। আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চিনেমাৰ নায়ক হোৱাৰ বাবে পৰামৰ্শ দিয়াৰ সমান্তৰালকৈ যদি ৰাইজে নায়ক তথা হিৰো হিচাপে পছন্দ নকৰে তেন্তে ভিলেন হোৱাৰ পৰামৰ্শ দিয়ে সাংসদ আজমলে। আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মঞ্চত অভিনয় কম কৰাৰ লগতে নিজৰ মস্তিষ্ক আৰু মুখখন কণ্ট্ৰোল কৰি অসমৰ সমস্যা সমাধানৰ পৰামৰ্শ দিয়ে আজমলে।

Byte:- বদৰুদ্দিন আজমল, সাংসদ, ধুবুৰী

আনহাতে কাইলৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন কা'ৰ শুনানি সম্পৰ্কে প্ৰতিক্ৰিয়া জানিব বিচৰাত দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰতি আস্থা থকা বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে।

Byte:- বদৰুদ্দিন আজমল, সাংসদ, ধুবুৰী

Conclusion:উল্লেখযোগ্য যে, সাংসদ বদৰুদ্দিন আজমলে মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে উত্থাপন কৰা বিস্ফোৰক অভিযোগ আৰু পৰামৰ্শ দিয়াৰ পিছত মন্ত্ৰী হিমন্তই কি দৰে গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

Last Updated : Jan 21, 2020, 11:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.