ETV Bharat / state

ধুবুৰীত অব্যাহত আজমলৰ যাদু - তৃতীয়বাৰৰ বাবে ধুবুৰীত আজমলৰ বিজয়ৰ হাঁহি

তৃতীয়বাৰৰ বাবে ধুবুৰীৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পাচতে ধুবুৰী লোকসভাৰ উন্নয়নৰ ক্ষেত্ৰত পূৰ্বতকৈও অধিক গুৰুত্ব দিয়াৰ লগতে সংবাদ মাধ্যম পৰা আদি কৰি ধুবুৰীৰ বুদ্ধিজীৱী, সাধাৰণ ৰাইজৰ সৈতে আলোচনা কৰিয়েই ধুবুৰীৰ উন্নয়নৰ কাম আৰম্ভ কৰাৰ কথা উল্লেখ কৰে আজমলে ।

বিজয়ৰ পাচতেই প্ৰতিক্ৰিয়া আজমলৰ প্ৰকাশ
author img

By

Published : May 23, 2019, 11:57 PM IST

ধুবুৰী, 23 মে' : তৃতীয়বাৰৰ বাবে ধুবুৰীত বিজয়ৰ হাঁহি মাৰিলে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে । কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক হৰুৱাই ৭,১৪,২৪৭ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে বদৰুদ্দিন আজমলে । অৱশ্যে ধুবুৰীৰ বিলাসীপাৰা আৰু দক্ষিণ শালমাৰাত বৰ্তমানেও অব্যাহত আছে ভিভিপেডৰ ভোট গণনা । তৃতীয়বাৰৰ বাবে ধুবুৰীৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পাচতে ধুবুৰী লোকসভাৰ উন্নয়নৰ ক্ষেত্ৰত পূৰ্বতকৈও অধিক গুৰুত্ব দিয়াৰ লগতে সংবাদ মাধ্যম পৰা আদি কৰি ধুবুৰীৰ বুদ্ধিজীৱী, সাধাৰণ ৰাইজৰ সৈতে আলোচনা কৰিয়েই ধুবুৰীৰ উন্নয়নৰ কাম আৰম্ভ কৰাৰ কথা উল্লেখ কৰে আজমলে ।

বিজয়ৰ পাচতেই প্ৰতিক্ৰিয়া আজমলৰ প্ৰকাশ

ইপিনে প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক ধন্যবাদ দিয়াৰ বিপৰীতে দেশৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ দুখজনক ফলাফলত দুখ প্ৰকাশ কৰি আজমলে ইভিএম প্ৰসংগ লৈ বিজেপিক পৰোক্ষভাৱে সমালোচনা কৰে ।

Intro: তৃতীয় বাৰৰ বাবে ধুবুৰীত হেট্ৰিক মাৰিলে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে। নিৰ্বাচনী ফলাফলত নিশ্চিত বিজয়ৰ পিছতেই আজমলৰ প্ৰথম প্ৰতিক্ৰিয়া।

Body: ধুবুৰীত তৃতীয় বাৰৰ বাবে সাত লক্ষাধিক ভোট লাভ কৰি হেট্ৰিক মাৰিলে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে। আজি অনুষ্ঠিত হোৱা লোকসভা সমষ্টিৰ ভোট গণনাৰ ফলাফল আনুষ্ঠানিক ভাৱে নিৰ্বাচন আয়োগে ঘোষণা কৰা নাই যদিওঁ ইভিএমৰ ভোট গণনাৰ সম্পন্ন হোৱাৰ পিছত আজমলে ৭,১৪,২৪৭ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে ৪,৮৮,২৩৩ টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে। আনহাতে মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে ৩,৯৭,১৪৪ টা ভোট পাই তৃতীয় স্থানত থাকে। মুঠৰ ওপৰত আজমলে ২,২৬,০৫৪ টা ভোটৰ ব্যৱধানত বিজয়ী হবলৈ সক্ষম হয়। অৱশ্যে ধুবুৰীৰ বিলাসিপাৰা আৰু দক্ষিণ শালমাৰাত ভিভিপেডৰ ভোট গণনা অব্যাহত আছে। বাবে পৰৱৰ্ত্তী সময়ত ভোটৰ সংখ্যা সামান্য কম বেছি হব পাৰে বুলি ধাৰণা কৰা হৈছে।

ইপিনে বদৰুদ্দিন আজমলে তৃতীয় বাৰৰ বাবে ধুবুৰীৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত ধুবুৰী লোকসভাৰ উন্নয়নৰ ক্ষেত্ৰত পূৰ্বতকৈ বেছি গুৰুত্ব দি সংবাদ মাধ্যমৰ লগতে ধুবুৰীৰ বুদ্ধিজীৱি, সাধাৰণ ৰাইজৰ সৈতে আলোচনা কৰিয়েই ধুবুৰীৰ উন্নয়নৰ কাম আৰম্ভ কৰাৰ কথা উল্লেখ কৰে আজমলে।

প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক ধন্যবাদ দিয়াৰ বিপৰীতে দেশৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ দুখ জনক ফলাফলত দুখ প্ৰকাশ কৰি আজমলে ইভিএম প্ৰসংগ লৈ বিজেপিক পৰোক্ষভাৱে সমালোচনা কৰা দেখা যায়। আনহাতে ৰাহুল গান্ধীৰ এখন আসনৰ পৰাজয়ৰ বাবে আজমলে দুখ প্ৰকাশ কৰে। আনপিনে দ্বিতীয় বাৰৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী হোৱাৰ দিশে আগবঢ়া নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে আজমলে।

ইপিনে চাচা ভতিজা মিলি সংসদৰ মজিয়াত অসমৰ বাবে যুঁজিব উল্লেখ কৰে বদৰুদ্দিন আজমলে।

Conclusion: উল্লেখযোগ্য যে, ধুবুৰীৰ বিলাসিপাৰা আৰু দক্ষিণ শালমাৰাৰ ভিভিপেডৰ ভোট গণনা সম্পন্ন হোৱাৰ পিছত কাইলৈ পুৱাৰ ভাগত জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে চাৰি নং ধুবুৰী লোকসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হব বুলি প্ৰশাসনৰ ফালৰ পৰা জনাইছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.