ETV Bharat / state

এ আই ইউ ডি এফৰ ৰাজনৈতিক শত্ৰু হৈছে বিজেপি : আজমল - ধুবুৰী

ধুবুৰীত আজমলৰ বিশাল নিৰ্বাচনী সভা । ধুবুৰীৰ নিৰ্বাচনী জনসভাত কংগ্ৰেছ-বিজেপিক সমালোচনা আজমলৰ । এইবেলি কংগ্ৰেছ নহয় যুজঁ হ’ব এ আই ইউ ডি এফৰ ৰাজনৈতিক শত্ৰু বিজেপিৰ সৈতে । এই মন্তব্য আজমলৰ ।

ধুবুৰীত আজমলৰ নিৰ্বাচনী সভা
author img

By

Published : Apr 16, 2019, 10:02 PM IST

ধুবুৰী, 16 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী থকাৰ সময়তে ধুবুৰীত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । এইবাৰ আমাৰ অস্তিত্বৰ যুজঁ হ’ব বুলি মন্তব্য কৰি পুনৰ ভয় ভীতিৰ ৰাজনীতি আৰম্ভ কৰি আজমলে কয় পুনৰ নৰেন্দ্ৰ মোডী চৰকাৰ গঠন হ’লে আপোনালোক বাংলাদেশ যাব লাগিব । মোডীক আসনচ্যুত কৰিব পাৰিলে স্ব:দেশত থাকিব পাৰিব বুলি ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে আজমলে । আনহাতে কংগ্ৰেছৰ সৈতে এঘাৰ খন আসন বুজাবুজি তথা মিত্ৰতা হোৱাৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছে প্ৰতাৰণা কৰিলে বুলিও ক্ষোভ প্ৰকাশ কৰে আজমলে । কংগ্ৰেছে আজমলক টাৰ্গেট কৰি লৈছে ৷ কিন্তু কংগ্ৰেছে প্ৰক্ষেপ কৰা শক্তিশালী প্ৰাৰ্থী শক্তিশালী নহয় বুলি কৈ আবু তাহেৰ বেপাৰী এজন বিজেপি প্ৰাৰ্থী বুলি ভাষণত উল্লেখ কৰে নেতাগৰাকীয়ে ।

ETV BHARAT ASSAM
ধুবুৰীত আজমলৰ নিৰ্বাচনী সভা

ইপিনে ধুবুৰীৰ আন এখন নিৰ্বাচনী সভাতে মোডী আৰু হিমন্তক তুলাধূনা দিলে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে । মন্ত্ৰী হিমন্তৰ নৃত্যৰ প্ৰসংগ উপস্থাপন কৰি আজমলে ক’লে হিমন্ত বৰ্তমান ৯৫% পাগল হৈছে আৰু নিৰ্বাচনৰ পিচত ১০০% পাগল হ’ব ৷ নিৰ্বাচনৰ পাচত সম্পূৰ্ণ নিজা খৰচৰে হিমন্তক তেজপুৰত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰিব বুলি কটাক্ষ কৰে আজমলে ৷ মঙলবাৰে ধুবুৰীৰ ধৰ্মশালাত এখন দলীয় নিৰ্বাচনী সভাত হেলিকপ্টাৰ লৈ উপস্থিত হৈ নিজৰ ভাষণত হিমন্তক এইদৰে সমালোচনা কৰাৰ সমান্তৰালকৈ তীব্ৰ বাক্যবানেৰে আক্ৰমণ কৰে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহক ।

এ আই ইউ ডি এফৰ ৰাজনৈতিক শত্ৰু হৈছে বিজেপি : আজমল

উল্লেখ্য যে, যোৱা কেইবাদিনৰ পৰা এ আই ইউ ডি এফৰ মূৰব্বী তথা প্ৰাৰ্থী বদৰুদ্দিন আজমলে ধুবুৰীৰ আকাশত হেলিকপ্টাৰ উৰুৱাই সৃষ্টি কৰিছে নিৰ্বাচনী চমক । মঙলবাৰে ধুবুৰীৰ ধৰ্মশালা, বিৰসিং চৰ আৰু দুমৰদহ অঞ্চলত তিনিখনকৈ সভাত অংশ গ্ৰহণ কৰি নিজৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ হাউৰিয়াপেটত ইউ পি পি এলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বদৰুদ্দিন আজমলে ।

Intro: ধুবুৰীত আজমলৰ নিৰ্বাচনী সভা। ধুবুৰীৰ নিৰ্বাচনী জনসভাত পুনৰ আজমলৰ ক্ষোভ কংগ্ৰেছৰ বিৰুদ্ধে। এইবেলি যুজঁ হব এ আই ইউ ডি এফৰ ৰাজনৈতিক শত্ৰু বিজেপিৰ সৈতে। এই মন্তব্য আজমলৰ।

Body: তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনলৈ মাজত কেইটাদিন বাকী থকাৰ সময়তে ধুবুৰীত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। যোৱা কেইটাদিনৰ পৰা এ আই ইউ ডি এফৰ মুৰব্বী তথা প্ৰাৰ্থী বদৰুদ্দিন আজমলে ধুবুৰীৰ আকাশত হেলিকপ্টাৰ উৰুৱাই নিৰ্বাচনী চমক সৃষ্টি কৰিছে। আজি পুণৰ ধুবুৰীৰ ধৰ্মশালা, বিৰসিং চৰ আৰু দুমৰদহ অঞ্চলত তিনিখনকৈ সভাত অংশ গ্ৰহণ কৰি নিজৰ নিৰ্বাচনী প্ৰচাৰ চলায় আজমলে। নিজৰ ভাষণত এইবাৰ আমাৰ অস্তিত্বৰ যুজঁ হব বুলি মন্তব্য কৰি পুণৰ ভয় ভীতিৰ ৰাজনীতি কৰি কয়ঃ পুণৰ নৰেন্দ্ৰ মোডী চৰকাৰ গঠন হলে আপোনালোকে বাংলাদেশ যাব লাগিব। আনহাতে মোডীক আসনচুত কৰিব পাৰিলে স্ব দেশত থাকিব পাৰিব বুলি ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে আজমলে।
আনহাতে কংগ্ৰেছৰ সৈতে এঘাৰ খন আসন বুজাবুজি তথা মিত্ৰতা হোৱাৰ প্ৰসংগ উপস্থাপন কৰি কংগ্ৰেছে প্ৰতাৰণা কৰিলে বুলিও ক্ষোভ প্ৰকাশ কৰে আজমলে। আনহাতে কংগ্ৰেছে আজমলক টাৰ্গেট কৰি লৈছে বুলিও মন্তব্য কৰি কংগ্ৰেছে প্ৰক্ষেপ কৰা শক্তিশালী প্ৰাৰ্থী শক্তিশালী নহয় আৰু আবু তাহেৰ বেপাৰী এজন বিজেপি প্ৰাৰ্থী বুলি ভাষণত উল্লেখ কৰে আজমলে।
যদিওঁ কেইবা হাজাৰ লোকৰ উপস্থিতিত তৃতীয় বাৰৰ বাবে হেট্ৰিক মৰাৰ সপোন দেখিছে আজমলে।
Byte:- আজমল

Conclusion: আজমলে বহু সংখ্যক ভোটৰ ব্যৱধানত জয়ী হোৱাৰ সপোন দেখিছে যদিওঁ ভোটাৰ ৰাইজে কি ৰায় প্ৰদান কৰে সেয়াই লক্ষণীয় বিষয়।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.