ETV Bharat / state

চোকা অস্ত্ৰৰে হানি-খুচি হত্যাৰ চেষ্টা নাজিবুলক

কলগাছিয়াৰ বালিকুৰি গাঁৱত অঘটন ৷ চোকা অস্ত্ৰৰে হানি-খুচি হত্যাৰ চেষ্টা নাজিবুল ইছলাম নামৰ এজন যুৱকক । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷

jania murder case
বালিকুৰি চাঞ্চল্যকৰ হত্যাকাণ্ড
author img

By

Published : Jul 29, 2021, 1:16 PM IST

জনীয়া,29 জুলাই : কলগাছিয়াত সংঘটিত হৈছে এক অঘটন ৷ মঙলবাৰে নিশা প্ৰায় 12 বজাত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল নাজিবুল ইছলাম নামৰ এজন লোক ৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় নাজিবুল ইছলাম ৷

ঘটনাৰ বিৱৰণি অনুসৰি, মঙলবাৰে নিশাৰ আহাৰ গ্ৰহণ কৰি ঘৰৰ পদূলিত খোজ কাঢ়ি আছিল নাজিবুল ইছলাম ৷ কিন্তু হঠাতে পিছফালৰ পৰা এজন লোকে আহি চোকা অস্ত্ৰৰে আঘাত কৰে নাজিবুল ইছলামক ৷ ফলত গুৰুত্বৰভাৱে আহত হয় নাজিবুল ইছলাম ৷

এই ঘটনাক কেন্দ্ৰ কৰি নিশাই হুৱা-দুৱা লাগে অঞ্চলটোত ৷

বালিকুৰি চাঞ্চল্যকৰ হত্যাকাণ্ড

জানিব পৰা মতে, আহত নাজিবুল ইছলামে চিঞৰ বাখৰত নিশা ওচৰ চুবুৰীয়া উঠি আহে ৷ স্থানীয় ৰাইজক দেখি অভিযুক্ত মকিবুলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পৰৱৰ্তী সময়ত বালিকুৰি গাঁৱৰ ছেফাত আলীৰ আহত পুত্ৰক নাজিবুল ইছলামক ভৰ্তি কৰোৱা হয় চিকিৎসাত ৷ এই ঘটনা সন্দৰ্ভত নাজিবুল ইছলামৰ পৰিয়ালে কাষ চাপে আৰক্ষীৰ ৷

আহত নাজিবুল ইছলামে আৰক্ষীৰ আগত অৱগত কৰা অনুসৰি, তেওঁক হত্যা কৰাৰ চেষ্টা কৰে ৰাহমাতুল্লাৰ পুত্ৰ মকিবুল ইছলামে ৷ বালিকুৰি আৰক্ষী চকীত খবৰ দিয়াত বালিকুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ জানিব পৰা মতে, ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যৱহৃত এখন চোকা অস্ত্ৰ ৷

আৰক্ষীৰ সন্দেহ নাজিবুল আৰু মকিবুলৰ মাজত পূৰ্বৰে পৰাই আছিল শত্ৰুতা ৷ যাৰ পৰিণতিত মঙলবাৰে নিশা সংঘটিত হয় এই অঘটন ৷

লগতে পঢ়ক: শংকৰী ধৰ্ম-সংস্কৃতিক বিকৃতকৰণৰ অভিযোগ সত্ৰ মহাসভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.