ETV Bharat / state

ধুবুৰীত লুটপাতত জড়িত সাতজনক গ্ৰেপ্তাৰ আৰক্ষীৰ - সংবাদমেল

গৌৰীপুৰত সংঘটিত এক লুটপাতৰ ঘটনাত জড়িত সাত অভিযুক্তক শনিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষী । আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নগদ ধন আৰু অন্যান্য সামগ্ৰী ৷ শনিবাৰে এই সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক যুৱৰাজে এক সংবাদমেল অনুষ্ঠিত কৰে ৷

ধুবুৰী
সাতজনক গ্ৰেপ্তাৰ
author img

By

Published : Jan 25, 2020, 7:22 PM IST

ধুবুৰী,25 জানুৱাৰীঃ গণৰাজ্য দিৱসৰ এদিন পূৰ্বে ধুবুৰী আৰক্ষীৰ বৃহৎ সফলতা । গৌৰীপুৰত সংঘটিত এক লুটপাতৰ ঘটনাত জড়িত সাত অভিযুক্তক শনিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষী । আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নগদ ধন আৰু অন্যান্য সামগ্ৰী ৷ শনিবাৰে এই সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক যুৱৰাজে এক সংবাদমেল অনুষ্ঠিত কৰে ৷ বিগত 20 জানুৱাৰীৰ পুৱতি নিশা ধুবুৰী জিলাৰ গৌৰীপুৰৰ এছ বি আই এ টি এম-ৰ পৰা দুৰ্বৃত্তই কৌশলেৰে লুটি নিছিল ৪২,৪৫,000 টকা ৷

সাতজনক গ্ৰেপ্তাৰ

ঘটনাৰ পিছতে ধুবুৰী আৰক্ষীয়ে আৰম্ভ কৰিছিল ধাৰাবাহিক তদন্ত ৷ ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ ভিন্ন অঞ্চলত আৰক্ষীয়ে অভিযান চলাই লুটপাতত জড়িত সাতজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লগতে ধৃত দলটোৰ জিম্মাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ১৯,৫১,৫০০ টকা ৷ নগদ ধনৰ উপৰিও দুখন মটৰ চাইকেলসহ চিলিণ্ডাৰ,গেছ কাটাৰ আৰু এ টি এম মেচিনৰ কিছু অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকা,উপ-আৰক্ষী অধীক্ষক তৃণয়ন ভূঞা ভাষ্কৰৰ লগতে গৌৰীপুৰৰ আৰক্ষী বিষয়া উপস্থিত থাকে সংবাদমেলখনত । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দলটোৰ সৈতে আন চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ঘটনাতো সম্পৰ্কে পৰৱৰ্তী সময়ত আৰক্ষীয়ে কেনে ধৰণৰ সফলতা লাভ কৰে সেয়া লক্ষণীয় হ’ব ।

লগতে চাওকঃইউটিচি গঠনৰ তীব্ৰ বিৰোধীতা চিলাৰায় উন্নয়ন মঞ্চৰ

Intro:আগন্তক গণৰাজ্য দিৱসৰ পূৰ্বে ধুবুৰী আৰক্ষীৰ বৃহৎ সফলতা। ধুবুৰীৰ গৌৰীপুৰৰ এখন লুটৰ ঘটনাৰ সৈতে জড়িত সাত অভিযুক্তক গ্ৰেপ্তাৰ ধুবুৰী আৰক্ষীৰ। উদ্ধাৰ বৃহৎ পৰিমাণৰ নগদ ধন আৰু বিভিন্ন সামগ্ৰী।

Body:

ধুবুৰীত জিলা আৰক্ষী অধীক্ষক যুৱৰাজৰ সংবাদমেদ। যোৱা বিশ জানুৱাৰীৰ পুৱতি নিশা ধুবুৰী জিলাৰ গৌৰীপুৰৰ এইখন এছ বি আই এটিএমৰ পৰা দুৰ্বৃত্তই কৌশলেৰে লুটি নিছিল ৪২ লাখ ৪৫ হাজাৰ টকা। তাৰ পিছতেই নিদ্ৰা হৰণ হোৱা ধুবুৰী আৰক্ষীয়ে আৰম্ভ কৰিছিল ধাৰাবাহিক অভিযান। ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ ভিন্ন অঞ্চলত আৰক্ষীয়ে অভিযান চলাই এই সাতজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে ধৃত মুছা মিঞা, কাশেম আলী, নুৰ নবী আহমেদ, মেহদি হাচান মণ্ডল, নুৰ জামাল হক, বাহাৰ আলী আৰু মনিৰুল জামান আহমেদৰ জিম্মাৰ পৰা আৰক্ষীয়ে নগদ ১৯ লাখ ৫১ হাজাৰ ৫০০ টকা উদ্ধাৰ কৰাৰ বিপৰীতে দুখনকৈ মটৰ চাইকেল সহ গেছ ছিলিণ্ডাৰ, গেছ কাটাৰ আৰু এটিএমৰ কিছু যন্ত্ৰঅংশ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকা, উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞা ভাস্কৰৰ লগতে গৌৰীপুৰ আৰক্ষী বিষয়াক লগতলৈ জিলা আৰক্ষী অধীক্ষক যুৱৰাজে আয়োজন কৰে এখন সংবাদমেলৰ।

Conclusion:অৱশ্যে এই বৃহৎ চক্ৰৰ সৈতে আন কেইবাজনো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা থকাৰ বিপৰীতে বহিঃৰাজ্যৰ কোনো মাষ্টাৰ মাইণ্ড জড়িত আছে নেকি সেয়াও প্ৰশ্ন উত্থাপিত হৈছে। যদিওঁ আৰক্ষীয়ে কেনে ধৰণৰ সফলতা লাভ কৰে সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.