ধুবুৰী,11 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনীৰ অন্যতম এখন আঁচনী হৈছে অটল অমৃত অভিযান ৷ এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ, সৰ্বশ্ৰান্ত লোকসকলক ছয়টা মাৰাত্মক ৰোগৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে ৷ হৃদজনিত ৰোগ (Cardiovascular diseases), কৰ্কট (Cancer), বৃক্ক (Kidney diseases), স্নায়ু ৰোগ (Neurological conditions), নৱজাতক ৰোগ (Neonatal diseases) আৰু জুইয়ে পুৰা (Burns) এই ছয়টা ৰোগৰ ৰোগীয়ে এই আঁচনী জৰিয়তে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰে ৷
বৰ্তমানলৈকে ধুবুৰী জিলাৰ ৭ লাখ ৩৭ হাজাৰ ৪৬৩ গৰাকী হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হৈছে । কিন্তু এই আঁচনিৰ অধীনত যি ছয়টা ৰোগৰ চিকিৎসাৰ সুবিধা লাভ কৰিব হিতাধিকাৰীয়ে । সেই ৰোগৰ চিকিৎসাৰ সুবিধা নাই ধুবুৰী অসামৰিক চিকিৎসালয়ত । একেদৰে ধুবুৰী নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰকে ধৰি কোনো এখন চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ পৰা ৰোগীয়ে লাভ কৰা নাই অটল অমৃত অভিযানৰ সুবিধা ।
এই সন্দৰ্ভত ধুবুৰী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ বি কে দাসে ইটিভি ভাৰতৰ আগত উল্লেখ কৰে যে, আৰম্ভণিৰে পৰা ২০১৮ চনৰ মাৰ্চ মাহলৈকে প্ৰায় এশ গৰাকী হিতাধিকাৰীক ধুবুৰী অসামৰিক চিকিৎসালয়ৰ পৰা গুৱাহাটী জি এম চি এইচলৈ প্ৰেৰণ কৰা হৈছিল । যদিওঁ বৰ্তমানে প্ৰতিজন হিতাধিকাৰী ৰোগীয়ে নিজে নিজে গুৱাহাটী জি এম চি এইচ আৰু বিভিন্ন বেচৰকাৰী খণ্ডৰ উন্নত মানৰ চিকিৎসালয়ত গৈ অটল অমৃত অভিযানৰ সুবিধা লাভ কৰিব পাৰে বুলি উল্লেখ কৰে । সমান্তৰাল ভাৱে ধুবুৰী অসামৰিক চিকিৎসালয়ত বিনামূলীয়া ভাবে চিটি স্কেনৰ লগতে আলট্ৰা চনোগ্ৰাফী, ই চি জিৰ সুবিধা থকাৰ উপৰি বিনামূলীয়া ডায়েগনেষ্টিক চেণ্টাৰ কাৰ্যক্ষম হৈ আছে বুলিও উল্লেখ কৰে চিকিৎসালয়খনৰ অধীক্ষক গৰাকীয়ে ।
একেদৰে ধুবুৰী নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক বিষয়া ডাঃ ৰিংকু আহমেদে ইটিভি ভাৰতৰ আগত কয় যে, অটল অমৃত আৰু বি পি এল বা এ পি এল বুলি কোনো কথা নাই । ইয়াত সকলো ৰোগীক বিনামূলীয়া ভাবে চিকিৎসা প্ৰদান কৰা হয় ।
আনহাতে, ধুবুৰী অসামৰিক চিকিৎসালয়ৰ বহিৰ্ভাগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিছে যদিওঁ একাংশ ৰোগীয়ে সন্তুষ্টি লাভ কৰিব পৰা নাই । ধুবুৰী অসামৰিক চিকিৎসালয়ত লাভ কৰা চিকিৎসা সেৱাক লৈ দুই এজনে সন্তুষ্টি প্ৰকাশ কৰে যদিও আন একাংশ ৰোগীয়ে অসন্তোষ্টি প্ৰকাশ কৰে ইটিভি ভাৰতৰ আগত ।
উল্লেখ্য যে, ধুবুৰী জিলাত ৭ লাখ ৩৭ হাজাৰ ৪৬৩ গৰাকী হিতাধিকাৰীয়ে অটল অমৃত অভিযানৰ কাৰ্ড পাইছে যদিও কাৰ্যত কোনো সুবিধা লাভ কৰা নাই ৷ কিয়নো ধুবুৰী অসামৰিক চিকিৎসালয়কে ধৰি জিলা খনৰ কোনো চৰকাৰী খণ্ডৰ চিকিৎসালয়ত অটল অমৃত অভিযানৰ অধীনত কোনো চিকিৎসাৰ সুবিধা নাই । অটল অমৃত অভিযানে সামৰি লোৱা সেই বিশেষ ছয়টা ৰোগৰ চিকিৎসা ধুবুৰী অসামৰিক হাস্পতালত কৰা হ'লে বহু হিতাধিকাৰী ৰোগীয়ে এই সুবিধা লাভ কৰিব পাৰিব । কিন্তু ধুবুৰী জিলা ৰোগীসকলে চিকিৎসাৰ বাবে বহু কষ্টৰে যাবলগা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ ৷
বৰ্তমান এই আঁচনিখন ধুবুৰী জিলাত নামমাত্ৰহে ৰূপায়ন কৰা পৰিলক্ষিত হৈছে ৷ বাস্তৱতঃ এই আঁচনিখন থাকি গ'ল কেৱল চৰকাৰী কাগজ-পত্ৰতহে, প্ৰকৃততে এক শতাংশও কাৰ্যক্ষম হোৱা পৰিলক্ষিত নহ'ল এই আঁচনিখন ধুবুৰী জিলাত ৷
লগতে পঢ়ক:অটল অমৃত অভিযান : শিৱসাগৰত ধোঁৱা চাঙত অটল অমৃত আঁচনি