ETV Bharat / state

পশ্চিমবংগত অসম আৰক্ষীৰ গুলিচালনা - তৃণয়ন ভূঞা

পশ্চিমবংগত গুলীচালনা কৰিবলগা হয় অসম আৰক্ষীয়ে ৷ চোৰাং গৰু বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ স্থানীয় ৰাইজেৰে খণ্ডযুদ্ধত লিপ্ত হোৱাৰ পাছতে শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে ৷

পশ্চিমবংগত অসম আৰক্ষীৰ গুলিচালনা
author img

By

Published : Aug 2, 2019, 9:16 PM IST

ধুবুৰী, 2 আগষ্ট : পশ্চিমবংগৰ বক্সিৰহাটৰ গো হাটত আব্দুল জব্বাৰ বেপাৰী নামৰ চোৰাং গৰু বেপাৰী এটাক গ্ৰেপ্তাৰ কৰিবলৈ গৈ গুলীচালনা কৰে অসম আৰক্ষীয়ে ৷ উল্লেখ্য যে, চোৰাং বেপাৰীটোৱে আত্মগোপন কৰাৰ খবৰ লাভ কৰাৰ পাছতে পশ্চিমবংগত উপস্থিত হয় ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ন ভূঞা ৷ কোচবিহাৰ আৰক্ষীৰ সহায়ত গো হাটত উপস্থিত হৈ আব্দুল জব্বাৰক গ্ৰেপ্তাৰ কৰাৰ সময়তে একাংশ উত্তেজিত ৰাইজে আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হয় ৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত শূন্যলৈ গুলীচালনা কৰি উপস্থিত ৰাইজক ছত্ৰভংগ দিয়ে আৰক্ষীয়ে ৷

পশ্চিমবংগত অসম আৰক্ষীৰ গুলিচালনা

উল্লেখ্য যে, যোৱা এটা মাহত তিনি শতাধিক চোৰাং গৰু জব্দ কৰাৰ লগতে 16 টাকৈ চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে ৷ এই ঘটনাত আহত হয় প্ৰকাশ দাস নামৰ এজন আৰক্ষী জোৱান ৷ সম্প্ৰতি চোৰাং বেপাৰীটোক গৌৰীপুৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰখা হৈছে ৷ এই ঘটনাৰ কথা জানিব পাৰি বৰ্তমান আন বহুকেইটা বেপাৰীয়ে গ্ৰেপ্তাৰৰ ভয়ত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছে আৰক্ষীয়ে ৷

Intro: পশ্চিম বংগত গুলিচালনা অসম আৰক্ষীৰ। আত্মৰক্ষাৰ বাবে শূণ্যলৈ গুলি অসম আৰক্ষীৰ। অসমৰ পৰা গৈ পশ্চিম বংগত আত্মগোপন কৰি থকা গৰু ব্যৱসায়ীৰ সমৰ্থক ৰাইজে আক্ৰমণ কৰিলে অসম আৰক্ষীক। শূণ্যলৈ গুলিচালনা কৰি ৰাইজক ছত্ৰভংগ দি গ্ৰেপ্তাৰ কৰিলে গৰুৰ চোৰাং বেপাৰীক। এই ঘটনাই অসম পশ্চিম বংগত সৃষ্টি কৰিছে আলোড়ণৰ।

Body:

হয়, আজি পশ্চিম বংগত চাঞ্চল্যকৰ ঘটনা। অসম বংগ সীমান্ত এলেকাৰ পশ্চিম বংগৰ বক্সিৰহাট গো হাটত উত্তপ্ত পৰিস্থিতি। অসমৰ পৰা গৈ পশ্চিম বংগত আত্মগোপন কৰি থকা ধুবুৰীৰ এজন চোৰাং গৰু বেপাৰীক আটক কৰিবলৈ যোৱা ধুবুৰী আৰক্ষীক আক্ৰমণ কৰে চোৰাং গৰু ব্যৱসায়ীৰ একাংশ সমৰ্থকে। আৰক্ষীয়ে উত্তেজিত ৰাইজক ছত্ৰভংগ দিবলৈ চলালে শূণ্যলৈ গুলিচালনা।

দৰাচলতে, ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মধুশৌলমাৰী গাঁওৰ আব্দুল জুব্বাৰ বেপাৰী নামৰ চোৰাং গৰু বেপাৰীৰ বিৰুদ্ধে ৰুজু হৈ আছিল এক গোচৰ। যোৱা কেইটাদিনত গৰুৰ চোৰাং কাৰবাৰ সন্দৰ্ভদ ধুবুৰী জিলাৰ বিভিন্ন আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে যোৱা এটা মাহত তিনি শতাধিক চোৰাং গৰু জব্দ কৰাৰ বিপৰীতে ১৬ জন চোৰাং গৰু বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আনহাতে আন কেইবাজনো মূল গৰু বেপাৰী অসম এৰি পশ্চিম বংগত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰে ধুবুৰী আৰক্ষীয়ে।
সেইমতে আজি ধুবুৰী জিলা আৰক্ষী অধীক্ষক যুৱৰাজ সিঙে কোচবিহাৰ আৰক্ষী অধীক্ষকৰ সৈতে কৰা আলোচনা মৰ্মে ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই সাধাৰণ পোচাকত গৈ উপস্থিত হয় পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ বক্সিৰহাট গো হাটত। অতৰ্কিতে ধুবুৰী আৰক্ষীৰ অভিযানকাৰী দলটোৱে গো হাটৰ পৰা কুখ্যাত গৰু চোৰাং বেপাৰী আব্দুল জব্বাৰ বেপাৰীক আটক কৰে। এনেতে বজাৰত থকা স্থানীয় একাংশ ৰাইজে ধৃত জব্বাৰ বেপাৰীক মোকোলাই নিয়াৰ বাবে বলপূৰ্বক চেষ্টা চলায়। যদিওঁ বিফল হোৱাৰ পিছত শিলগুটিৰে আক্ৰমণ চলায় আৰক্ষীৰ ওপৰত। পিছত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ প্ৰতি লক্ষ্য কৰি আৰক্ষীয়ে শূণ্যলৈ চাৰি জাই গুলি ফুটাই উত্তেজিত ৰাইজক ছত্ৰভংগ দি ধৃত চোৰাং বেপাৰী জব্বাৰক লৈ ওলাই আহিবলৈ সক্ষম হয়। যদিওঁ প্ৰকাশ দাস নামৰ এজন আৰক্ষী যোৱান শিলগুটিৰ আক্ৰমণত আহত হয়। সম্প্ৰতি গৌৰীপুৰ আৰক্ষী থানাত ৰখা চোৰাং গৰু বেপাৰী জব্বাৰ বেপাৰীক জেৰা চলাইছে আৰক্ষীয়ে।

ইপিনে এই ঘটনাৰ পিছত ধুবুৰী জিলা আৰক্ষী অধীক্ষক যুৱৰাজ সিঙে চোৰাং গৰু বেপাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্রতৰ ভাবে চলিছে বুলি উল্লেখ কৰাৰ বিপৰীতে চলিত মাহত ৯ জনকৈ চোৰাং গৰু বেপাৰীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ডেৰ শতাধিক চোৰাং গৰু জব্দ কৰা হৈছে বুলি উল্লেখ কৰে। লগতে সম্প্ৰতি তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে।

Byte:- YUVRAJ, SP, Dhubri

Conclusion:উল্লেখযোগ্য যে, ধুবুৰী জিলাৰ বহু কেইজন গৰুৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছে। আৰক্ষীয়ে ইতিমধ্যে কেইবাজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে অভিযান অব্যাহত ৰাখিছে। বৰ্তমান লৈকে বহুকেইজন মূল বেপাৰী আত্মগোপন কৰি আছে গ্ৰেপ্তাৰৰ ভয়ত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.