ETV Bharat / state

ৰাজ্যৰ কৃষক সকলৰ বাবে মন্ত্ৰী ৰণজিৎ দাসে আনিলে সুখবৰ - Ranjit Das at Dhubri

দেওবাৰে, ধুবুৰীৰ আৱৰ্ত ভৱনত অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয় শুভ উদ্বোধন কৰাৰ পিছত এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । এই সংবাদমেলযোগে ৰাজ্যৰ কৃষকসকলৰ বাবে তেওঁ ঘোষণা কৰে এটা সুখৰ খবৰ ৷

assam-government-will-buy-rice-to-give-proper-market-price-to-its-farmers
ৰাজ্যৰ কৃষক সকলৰ বাবে মন্ত্ৰী ৰণজিৎ দাসে আনিলে সুখবৰ
author img

By

Published : Jul 19, 2021, 8:12 AM IST

ধুবুৰী, 19 জুলাই : ৰাজ্যৰ কৃষকসকলৰ বাবে এটা সুখবৰ । এতিয়াৰে পৰা সমগ্ৰ ৰাজ্যৰ কৃষকসকলে পাব উৎপাদিত ধানৰ উচিত মূল্য । লক্ষণীয় যে, পূৰ্বতে ৰাজ্যৰ কৃষকসকলে ধানৰ উচিত মূল্য নোপোৱা বুলি বহু অভিযোগ উত্থাপিত হৈ আহিছে ৷ এই পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কৃষক সকলৰ বাবে ৰাজ্য চৰকাৰে এক সুখবৰ লৈ অহাৰ কথা ঘোষণা কৰে ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান দপ্তৰৰ (food and civil service department) মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjit Das) ৷

ৰাজ্যৰ কৃষক সকলৰ বাবে মন্ত্ৰী ৰণজিৎ দাসে আনিলে সুখবৰ

কৃষক সকলক ধানৰ উচিত মূল্য প্ৰদানৰ বাবে ৰাজ্যৰ কৃষি প্ৰধান জিলা সমূহত স্থাপন কৰা হ’ব ১২ টাকৈ ধান ক্ৰয় কেন্দ্ৰ(rice buying center) । এই ধান ক্ৰয় কেন্দ্ৰসমূহৰ জৰিয়তে ৰাজ্য চৰকাৰে কৃষক সকলৰ বাবে সৃষ্টি কৰিব এখন উপযুক্ত বজাৰ ৷ দেওবাৰে ধুবুৰীৰৰ অভিভাৱক মন্ত্ৰী হিচাপে ধুবুৰী আৱৰ্ত ভৱনত অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয় শুভ উদ্বোধন কৰাৰ পিছত সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰিলে মন্ত্ৰী ৰণজিৎ দাসে ।

এই ক্ৰয় কেন্দ্ৰ ব্যৱস্থাৰ জৰিয়তে অসমৰ ধানৰ বজাৰসমূহ সম্পূৰ্ণ দালাল মুক্ত হ’ব বুলিও অৱগত কৰে মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, চৰকাৰীভাৱে নিৰ্ধাৰিত ১৮৮৫ টকা ধানৰ মূল্য লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে ৰাজ্যৰ কৃষক সকল ৷

এই পৰিপ্ৰেক্ষিতত ইতিমধ্যে ধান ক্ৰয়ৰ বাবে বাজেটত ২০০ কোটি টকা ধাৰ্য কৰা হৈছে । ইয়াৰোপৰি, কেন্দ্ৰীয় চৰকাৰ(union government)ৰ পৰাও ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে এই সম্পৰ্কত লাভ কৰিছে 12 কোটি টকা ৷ সৰ্বমুঠ ২১২ কোটি টকাৰে ধান ক্ৰয় কৰা হ’ব আৰু বিজেপিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাইক অধ্যক্ষ হিচাপে লৈ গঠন হ’ব লগীয়া এখন কমিটিয়ে নিৰ্ধাৰণ কৰিব ধান ক্ৰয় কেন্দ্ৰ সমূহৰ স্থান ৷

লগতে পঢ়ক : আগষ্টৰ শেষলৈ ক'ভিডৰ তৃতীয় ঢৌ: সুৰক্ষিত ৰাখিবলৈ কি কৰিব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.