ETV Bharat / state

বিলাসীপাৰাৰ কৰ'ণা আক্ৰান্ত গাঁও ছীল কৰিলে প্ৰশাসনে - Twitter

ধুবুৰী জিলাৰ বিলাসীপাৰাত চিনাক্ত এগৰাকী কৰ’ণা আক্ৰান্ত ৰোগী ৷ বৃহস্পতিবাৰে নিশা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে সদৰী কৰে এই কথা ৷ ফলত ৰাজ্য়ত আক্ৰান্তৰ সংখ্য়া 29 জনলৈ বৃদ্ধি পায় ৷

another corona virus patient found at bilasipara
আক্ৰান্তৰ গাঁও ছীল প্ৰশাসনৰ
author img

By

Published : Apr 10, 2020, 5:27 PM IST

বিলাসীপাৰা,10 এপ্ৰিলঃ বিগত 7 এপ্ৰিলত ধুবুৰীত কৰ’ণা ভাইৰাছত এগৰাকী ব্যক্তি আক্ৰান্ত হোৱাৰ পিছত পুনৰ এগৰাকী ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ৷ ব্যক্তিগৰাকী বাস কৰা গাঁৱখন সুৰক্ষাৰ স্বাৰ্থত ছীল কৰে ধুবুৰী জিলা প্ৰশাসনে ৷ শুকুৰবাৰে দিনৰ ভাগত গাওঁখনত উপস্থিত হয় ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত ছৰফৰাজ হক ৷ লগতে গাঁৱখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে ছেনিটাইজেচন কৰাৰো ব্যৱস্থা গ্ৰহণ কৰে ৷ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কৰ’ণাত আক্ৰান্ত ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোক কেইজনক স্বাস্থ্য পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ পৰিয়ালৰ লোকসকলৰ শাৰিৰীক নমুনা সংগ্ৰহ কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ৷

আক্ৰান্তৰ গাঁও ছীল প্ৰশাসনৰ

ইফালে, জিলাখনত দ্বিতীয়গৰাকী ব্যক্তিৰ শৰীৰত ভাইৰাছবিধৰ উপস্থিতিৰ কথা প্ৰকাশ হোৱাৰ পিছতে সমগ্ৰ বিলাসীপাৰা মহকুমাত নিমাওমাও পৰিৱেশে বিৰাজ কৰে ৷ একেবাৰে জনশূন্য হৈ পৰিছে অঞ্চলটো ৷ উল্লেখ্য যে, আক্ৰান্ত ব্যক্তিগৰাকী কিছুদিন পূৰ্বে দিল্লীৰ নিজামুদ্দিনৰ পৰা আহিছিল ৷ ব্যক্তিগৰাকীয়ে তবলীগি জামাতৰ উদ্দেশ্যে অভয়াপুৰী, বঙাইগাওঁ, গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ মছজিদলৈ গৈছিল ৷ পৰৱৰ্তী সময়ত ব্যক্তিগৰাকীয়ে বিলাসীপাৰাৰ বিভিন্ন মছজিদৰ লগতে বহুজনৰ সংস্পৰ্শলৈ আহিছিল ৷ বিষয় সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷

লগতে চাওকঃ ৰাজপথত লক ডাউন উলংঘাকাৰীক দমন উপায়ুক্তৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.