ETV Bharat / state

বাজেট সম্বন্ধে বদৰুদ্দিন আজমলে কি ক'লে ধুবুৰীত ? - বদৰুদ্দিন আজমল

৫জুলাইত সদনত নৰেন্দ্ৰ মোডী চৰকাৰে উত্থাপন কৰা ২০১৯-২০ বৰ্ষৰ বাজেটক সমালোচনা কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে । বাজেটক লৈ সুখী নহয় বুলিও মন্তব্য কৰে আজমলে ৷

বাজেটক লৈ সুখী নহয় আজমল
author img

By

Published : Jul 7, 2019, 4:58 PM IST

ধুবুৰী,৭জুলাই : ৫ জুলাইত সদনত নৰেন্দ্ৰ মোডী চৰকাৰে উত্থাপন কৰিলে ২০১৯-২০ বৰ্ষৰ বাজেট । এই বাজেট উত্থাপনৰ পাছতেই দেওবাৰে বাজেট সম্বন্ধে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এ আই ইউ ডি এফৰ মূৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে । ধুবুৰীৰ হাউৰাৰপাৰত আজমলে দহ কোটি টকীয়া এখন আঁচনিৰ শুভ উদ্বোধন কৰি নৰেন্দ্ৰ মোডী চৰকাৰৰ বাজেটক সমালোচনা কৰে । আজমলে ক’লে বাজেটত মোডী চৰকাৰে কেৱল প্ৰতিশ্ৰুতিহে প্ৰদান কৰিলে । কামবোৰ কেতিয়া কাৰ্যকৰী হ'ব তাৰ কোনো সৱিশেষ জনাব নোৱাৰিলে মোডী চৰকাৰে । ইফালে,বাজেটত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ দিশত উন্নয়নৰ বাবে কোনো নতুন পদক্ষেপ গ্ৰহণ নকৰি পূৰ্বৰ দৰেই ৪৭ হাজাৰ কোটি টকা ধার্য কৰা হৈছে বুলি মন্তব্য কৰিলে আজমলে ।

বাজেটক লৈ সুখী নহয় আজমল

আনহাতে ৰূপচী বিমানবন্দৰৰ পুন: নিৰ্মাণৰ কাম লেহেমীয়া গতিত চলি থকাৰ বিপৰীতে স্থানীয় একাংশই নিৰ্মাণ কাৰ্যত বাধাৰ সৃষ্টি কৰি আছে বুলিও আন এক চাঞ্চল্যকৰ অভিযোগৰ কথা উল্লেখ কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ।

Intro: দ্বিতীয় বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছত নৰেন্দ্ৰ মোডী চৰকাৰে ২০১৯-২০ বৰ্ষৰ বাজেট সদনত উত্থাপন কৰাৰ পিছত আজি প্ৰথমবাৰ মুখ খুলিলে এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে।

Body: আজি ধুবুৰীৰ হাউৰাৰপাৰত এখন দহ কোটি টকীয়া আঁচনিৰ শুভ উদ্বোধন কৰি নৰেন্দ্ৰ মোডী চৰকাৰৰ বাজেটক খুৰধাৰ সমালোচনা কৰি আজমলে কলে বাজেটত কেৱল কৰিম কৰিম প্ৰতিশ্ৰুতি। কিন্তু কৰিব কেতিয়া ? বাজেটত সংখ্যালঘুৰ উন্নয়ন মূলক বাজেটত পূৰ্বৰ দৰেই ৪৭ হাজাৰ কোটি টকা ধার্য্য কৰা হৈছে। সংখ্যালঘুৰ পুঁজি এটকাও বৃদ্ধি কৰা হোৱা নাই। লগতে আজমলে কয়ঃ সংখ্যালঘুৰ উন্নয়নৰ বাবে ধার্য্য কৰা পূঁজিৰে সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ জলপানী দিব নে সংখ্যালঘু পৰিকল্পনা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিশ্ব বিদ্যালয় স্থাপন কৰিব। বাজেটৰ সংখ্যালঘু উন্নয়নৰ নামত চকলেট ললিপপ দিব বিচাৰিছে নেকি বুলিও কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰে আজমলে। আনহাতে সংখ্যালঘু ছাত্ৰ ছাত্ৰী সকলে এই টকাৰ পৰা মাহেকত কিমান টকা কৈ পাব সেই বিষয়ে অংক কৰি দেখুৱালে আজমলে। লগতে কেৱল মুছলমান সংখ্যালঘু নহয় শিখ, খ্ৰীষ্টান আদি সম্প্ৰদায়ৰ সংখ্যালঘু আছে। সেই সকলৰ মাজত এই সংখ্যালঘু পুঁজি বিভক্ত কৰা হলে একো নাথাকিব বুলি কৈ এই বাজেটক লৈ আজমলে নিৰাশ হৈছে বুলি উল্লেখ কৰে। আনহাতে বাজেটত উত্থাপন কৰা বিভিন্ন কাম ২০২০ ত কৰিব, ২০২৫ কৰিব আৰু ২০৮০ ত কৰিব বুলি উদাহৰণ উল্লেখ কৰি কেৱল কৰিম কৰিম বুলি কৈ ইমান দিন মোডী চৰকাৰ থাকিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰি মোডী চৰকাৰে কেৱল টোপোলা দেখুৱাইছে। মোডী চৰকাৰে দূৰৰ পৰা চন্দ্ৰ দেখুৱাইছে বুলি উল্লেখ কৰে সাংসদ আজমলে। মোডী চৰকাৰে কেৱল কৰিম নাম ৰাখিছে। কৰিম ৰহিম মুছলমানৰ মাজত বহুত নাম আছে। এতিয়া বেলেগ নাম ৰাখক বুলি বাজেটক কোটাক্ষ কৰি কেতিয়া কৰিব? যি কৰিব কেচ কৰক কেচ বুলি উল্লেখ কৰে আজমলে।
Byte- আজমল

আনহাতে ৰূপচী বিমানবন্দৰৰ পুণৰ নিৰ্মাণৰ কাম লেহেমীয়া গতিত চলি থকাৰ বিপৰীতে স্থানীয় একাংশই নিৰ্মাণ কাৰ্য্যত বাধাৰ সৃষ্টি কৰি আছে বুলিও আন এক চাঞ্চল্যকৰ অভিযোগৰ কথা উল্লেখ কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে।
Byte- আজমল

Conclusion:
মুঠৰ ওপৰত নৰেন্দ্ৰ মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্য্যকালৰ প্ৰথম বৰ্ষৰ বাজেটক লৈ এশ শতাংশ অসন্তুষ্ট ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.