ধুবুৰী, 1 নৱেম্বৰ : দেওবাৰে নির্মাণৰত ধুবুৰী চিকিৎসা মহাবিদ্যালয়(Dhubri Medical College)ৰ কাম-কাজ আৰু সামগ্ৰিক দিশৰ বুজ লয় অসম চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালক আৰু লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাসহ এটা সঁজাতি দলে । 2022 বৰ্ষত আৰম্ভ হ’ব ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰম ।

আগন্তুক বৰ্ষৰ মাৰ্চৰ ভিতৰত মহাবিদ্যালয়খনৰ নির্মাণকাৰ্য সম্পন্ন কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তি আৰু পাঠদান প্ৰক্ৰিয়াও আৰম্ভ হ’ব । এই কথা ঘোষণা কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালক অনুপ বৰ্মনে ৷
পৰিদৰ্শন কালত নিৰ্মাণৰত চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত থাকে অসম লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা অনুজ বৰগোঁহাই, গড়কপ্তানি(গৃহ) বিভাগৰ সচিব বিৰাজ তালুকদাৰ, কনচালটেণ্ট শশাংক ভাৰ্গৱ আৰু ধুবুৰী জিলা গড়কপ্তানি(গৃহ) বিভাগৰ কাৰ্যবাহী অভিযন্তা তপন ফুকনসহ দুটা বিভাগৰ যুটীয়া দল ৷ সঁজাতি দলটোৱে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসা বিভাগ, ছাত্ৰাৱাস, ছাত্ৰীনিৱাস, লেব’ৰেটৰীকে ধৰি মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ নির্মাণৰত বিল্ডিঙৰ সকলো কাম-কাজ পৰ্যবেক্ষণ কৰে ।

ইফালে চিকিৎসা মহাবিদ্যালয়খনৰ সৈতে সংলগ্ন হৈ থকা মাডাৰ চাইল্ড হাস্পতাল বিল্ডিঙৰ নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰে নির্মাণকাৰ্য অতি লেহেমীয়া গতিত চলাই নিছে ৷ যাৰ বাবে ফোনযোগে মৌখিকভাৱে ঠিকাদাৰজনক শ্ব’কজ কৰাৰ লগতে নির্মাণকাৰ্য ভালদৰে নোহোৱা বুলি একপ্ৰকাৰ ধমকি দিয়ে চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালক অনুপ বৰ্মন আৰু লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা অনুজ বৰগোঁহাইয়ে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে চিকিৎসা মহাবিদ্যালয়খনৰ কাম-কাজৰ সামগ্ৰিক বুজ লয় সঁজাতি দলটোৱে ৷ ধুবুৰী অসামৰিক চিকিৎসালয় কাৰ্যক্ষম হৈ থকাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ কাম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে । এইক্ষেত্ৰত চিকিৎসালয় কৰ্তৃপক্ষ আৰু লোক নিৰ্মাণ বিভাগৰ প্ৰতিনিধি দলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰি সমস্যা সমাধান কৰা হ’ব বুলি উল্লেখ কৰে সঞ্চালক অনুপ বৰ্মনে ৷
লগতে পঢ়ক : বঢ়মপুৰত একেদিনাই তিনিখনকৈ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন