ধুবুৰী,২৮ জুন: সোমবাৰে ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল(HS Result 2022) । বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় । কিন্তু উৎসৱমুখৰ পৰিৱেশ চলি থকাৰ মাজতো নিজৰ ফলাফল লবলৈ নাই ধুবুৰীৰ বিজ্ঞান শাখাৰ এগৰাকী মেধাবী ছাত্ৰ । কাৰণ বিগত তিনিদিনে লুইতৰ বুকুত সন্ধানহীন হৈ আছে ধুবুৰীৰ মেধাবী ছাত্ৰ অভিজিৎ সূত্ৰধৰ (Abhijit Sutradhar who went missing in Brahmaputra passed first division) ।
ভাল ফলাফল লাভ কৰাৰ পাছত প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ত আনন্দমুখৰ পৰিৱেশৰ সূচনা হয় যদিও ধুবুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় চৌহদত এক নিমাওঁ মাও পৰিৱেশহে দেখা পোৱা গ'ল । মেধাবী ছাত্ৰ গৰাকী সন্ধানহীন হোৱাক লৈ সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে এক শোককুল পৰিৱেশে । ফলাফল অনুযায়ী অভিজিৎ সূত্ৰধৰে বিজ্ঞান শাখাত ৩১০ নম্বৰ পাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ।
জানিব পৰামতে, শনিবাৰৰ নিশা আঠ বজাৰ পৰাই ব্ৰহ্মপুত্ৰৰ বুকত সন্ধানহীন হৈ আছে অভিজিৎ । লগৰ আন চাৰি বন্ধুৰ সৈতে ব্ৰহ্মপুত্ৰৰ ঘাটত ফুৰিবলৈ গৈ হঠাৎ লুইতৰ বুকুত পৰি সন্ধানহীন হয় অভিজিৎ । SDRF আৰু BSF য়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিওঁ আজি ৩৬ ঘণ্টা ধৰি সন্ধানহীন হৈ আছে মেধাবী ছাত্ৰ অভিজিৎ ।
ইফালে SDRF আৰু BSF য়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিওঁ বৰ্তমানলৈ মেধাবী ছাত্ৰ অভিজিৎ সূত্ৰধৰৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । শোকত ভাগি পৰিছে অভিজিতৰ অকলশৰীয়া মাতৃয়ে । উল্লেখ্য যে, প্ৰায় দহ বছৰ পূৰ্বে মৃত্যু হৈছিল অভিজিতৰ পিতৃৰ । ফলাফল ঘোষণাৰ বিশেষ দিনটোত অভিজিতক হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে দুৰ্ভগীয়া মাতৃৰ লগতে তেওঁৰ আত্মীয় স্বজন ।
লগতে পঢ়ক: বৰলুইতৰ ভয়ংকৰ ৰূপ: পলকতে খহাই নিলে দুমহলীয়া আৰক্ষী থানা