বিলাসীপাৰা, 3 জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে বিলাসীপাৰাতো আঞ্চলিক জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ পেট্ৰ'ল, ডিজেল আৰু খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ বিলাসীপাৰা মহকুমাৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ কাৰ্যসূচী পালন কৰে ।
মূল্যবৃদ্ধি হ্ৰাস কৰক, যোগান বিভাগ হায় হায়, যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী মূৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্ল'গানেৰে আছুৱে উত্তাল কৰি তোলে বিলাসীপাৰাৰ মূল ৰাজপথ ।
লগতে পঢ়ক : হাইলাকান্দিত শৌচাগাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ