ETV Bharat / state

এখন ঐতিহাসিক ৰাষ্ট্ৰীয় পতাকা আৰু ইয়াৰ ইতিহাস - সাংবাদিক শিৱেন্দ্ৰ নাৰায়ণ মণ্ডল

দেশ স্বাধীন হোৱাৰ সাতটা দশক উকলিল । দেশৰ স্বাধীনতাৰ হকে বহুতেই প্ৰাণ আহুতি দিলে । বহুতেই দেশৰ হকে নিঃস্বাৰ্থভাবে কাম কৰি গ'ল । কিন্তু নিজৰ দেশ মাতৃক কোনে কিমান ভাল পায় তাৰেই এক জ্বলন্ত উদাহৰণ আজিও জিলিকি আছে ধুবুৰীৰ গৌৰীপুৰত । গৌৰীপুৰৰ মণ্ডল পৰিয়াল আৰু এখন খাদী কাপোৰৰ ঐতিহাসিক ৰাষ্ট্ৰীয় পতাকাই কৈ যায় ইতিহাসৰ বহু কথা ৷

A historical flag of India in a family in Dhubri

author img

By

Published : Aug 6, 2020, 6:34 PM IST

ধুবুৰী, 6 আগষ্ট : দেশ স্বাধীন হোৱাৰ সাতটা দশক উকলিল । দেশৰ স্বাধীনতাৰ হকে বহুতেই প্ৰাণ আহুতি দিলে । বহুতেই দেশৰ হকে নিঃস্বাৰ্থভাবে কাম কৰি গ'ল । কিন্তু নিজৰ দেশ মাতৃক কোনে কিমান ভাল পায় তাৰেই এক জ্বলন্ত উদাহৰণ আজিও জিলিকি আছে ধুবুৰীৰ গৌৰীপুৰত । গৌৰীপুৰৰ মণ্ডল পৰিয়াল আৰু এখন খাদী কাপোৰৰ ঐতিহাসিক ৰাষ্ট্ৰীয় পতাকাই কৈ যায় ইতিহাসৰ বহু কথা ৷

১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰিছিল । দেশৰ ৰাজধানীৰ লগতে প্ৰতিটো প্ৰান্তৰ আকাশত উৰিছিল তিনি বৰণীয়া ৰাষ্ট্ৰীয় পতাকা । ৰাষ্ট্ৰীয় পতাকাখনকলৈ সকলোৱে গৌৰৱ অনুভৱ কৰিছিল । সেই দিনটোতে নিজৰ কাৰ্যালয়ত সগৌৰৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল বৰ্তমানৰ ধুবুৰী জিলাৰ আগমনিত ৰাজহ চক্ৰ বিষয়া তথা পৰিদৰ্শক আৰু তেতিয়াৰ অবিভক্ত গোৱালপাৰা জিলাৰ গৌৰীপুৰ ৰাজ ষ্টেট হিচাপে কৰ্মৰত শিৱেন্দ্ৰ নাৰায়ণ মণ্ডলে ৷

A historical flag of India in a family in Dhubri
শিৱেন্দ্ৰ নাৰায়ণ মণ্ডল

পৰৱৰ্তী সময়ত শিৱেন্দ্ৰ নাৰায়ণ মণ্ডলে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকাখন গৌৰীপুৰৰ নিজ গৃহতেই গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ দিনা উত্তোলন কৰি আহিছিল । ১৯৮৯ চনত মৃত্যু হয় দেশৰ স্বাধীনতা আন্দোলনত জড়িত হোৱা এই ব্যক্তিজনৰ । ইয়াৰ পাচৰে পৰাই মণ্ডলৰ পৰিয়ালে উক্ত পতাকাখন গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসত উত্তোলন কৰি আহিছে । কিন্তু উক্ত ৰাষ্ট্ৰীয় পতাকাখনে দেশৰ স্বাধীনতাৰ এক বৰ্ণিল ইতিহাসৰ সাক্ষ্য বহন কৰি আহিছে সুদীৰ্ঘ সাতটা দশকে । আজিও অক্ষত অৱস্থাত আছে ইতিহাসৰ সাক্ষ্য বহন কৰা খাদী কাপোৰৰ সেই ত্ৰিৰংগা পতাকাখন আৰু ৰচীডাল ।

শিৱেন্দ্ৰ নাৰায়ণ মণ্ডলে এজন সাংবাদিকো আছিল । অৱসৰ গ্ৰহণৰ পাচত ১৯৬৭ চনৰ প্ৰান্তবাসী নামৰ অসমীয়া আৰু বাংলা সাপ্তাহিক দ্বিভাষিক বাতৰি কাকত প্ৰকাশ কৰি ১৯৮১ চনলৈকে সম্পাদনা কৰিছিল মণ্ডলে । তাৰোপৰি সত্তৰৰ দশকত সদৌ অসম ক্ষুদ্ৰ বাতৰি কাকত সন্মিলনীৰ সভাপতি হিচাপেও নিৰ্বাচিত হৈছিল তেওঁ । তেওঁৰ মৃত্যু হোৱাৰ পাচতো ঐতিহাসিক ৰাষ্ট্ৰীয় পতাকাখন সযতনে ৰখাৰ ব্যৱস্থা কৰিছে তেওঁৰ দুই পুত্ৰ, কন্যা আৰু পৰিয়ালে ।

এখন ঐতিহাসিক ৰাষ্ট্ৰীয় পতাকা আৰু ইয়াৰ ইতিহাস

প্ৰতিবছৰে ২৬ জানুৱাৰী আৰু ১৫ আগষ্টৰ দিনা পতাকাখন মণ্ডল পৰিয়ালৰ ঘৰত নীতি নিয়ম অনুসৰি উত্তোলন কৰা হয় আৰু অৱনমিত কৰি পুনৰ সেই ৰচীডালসহ যত্নৰে ৰাখি দিয়া হয় । আজিও অক্ষত অৱস্থাত আছে ৰাষ্ট্ৰীয় পতাকাখনৰ লগতে সেই ৰচীডাল । ইপিনে দেশ স্বাধীন হোৱাৰ সময়ৰ প্ৰথম ৰাষ্ট্ৰীয় পতাকাখন প্ৰতি গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসত উত্তোলন কৰি পুৰণি স্মৃতিবোৰ সুঁৱৰি নষ্টালজিক হৈ পৰে মণ্ডল পৰিয়াল । ইয়াক লৈ গৌৰৱো অনুভৱ কৰে মণ্ডল পৰিয়ালে । ইটিভি ভাৰতৰ আগত এই সম্পৰ্কত নিজৰ অনুভূতি ব্যক্ত কৰে শিৱেন্দ্ৰ নাৰায়ণ মণ্ডলৰ পুত্ৰ তথা পিচি ইনষ্টিটিউট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা প্ৰবীণ সাংবাদিক কনকেন্দ্ৰ নাৰায়ণ মণ্ডলে ।

স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত থকা বহু আগশাৰীৰ নেতাৰ সৈতে শিৱেন্দ্ৰ নাৰায়ণ মণ্ডলৰ ঘনিষ্ঠ সম্পৰ্ক আছিল । আজিও সেই স্মৃতিবোৰ মনত পেলাই বৃদ্ধ ভাতৃ-ভগ্নীয়ে কেতিয়াবা গৌৰৱ অনুভৱ কৰাৰ লগতে কেতিয়াবা দুখ অনুভৱ কৰে বুলি সদৰি কৰে শিৱেন্দ্ৰ নাৰায়ণ মণ্ডলৰ কন্যা তথা গৌৰীপুৰ ছোৱালী হাই স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বাসন্তিকা মণ্ডলে ।

দেশৰ প্ৰতি প্ৰেম ভালপোৱা প্ৰতিজন নাগৰিকৰ হৃদয়ত আছে । কিন্তু ধুবুৰীৰ গৌৰীপুৰৰ মণ্ডল পৰিয়ালৰ দেশ মাতৃৰ প্ৰতি শ্ৰদ্ধা আৰু প্ৰেম অতুলনীয় । এয়াই হৈছে দেশমাতৃৰ প্ৰতি প্ৰকৃত প্ৰেম ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ নতুন উপ-ৰাজ্যপাল হিচাপে নিযুক্ত মনোজ সিনহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.