ETV Bharat / state

ধুবুৰীত 7মাহৰ অন্তঃসত্তা মানসিক বিকাৰগ্ৰস্ত মহিলাঃনিকৃষ্ট মানসিকতাৰ লোকৰ পাশৱিক কাণ্ড

author img

By

Published : Dec 1, 2020, 7:31 PM IST

পুনৰ পোহৰলৈ আহিছে আজিৰ সভ্য সমাজত নিকৃষ্ট মানসিকতাৰ লোকৰ আন এক নিকৃষ্ট কাণ্ড ৷ ৰাজপথত ঘূৰি ফুৰা এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত হ'ল কোনো অসৎ মানসিকতাৰ লোক ৷ গৌৰীপুৰৰ কোনো হৃদয়বান লোকৰ তৎপৰতাত ৰাজপথত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় সাত মাহৰ অন্তঃসত্তা মহিলাগৰাকীক ৷

7-months-pregnant-mentally-depressed-woman-in-dhubri
ধুবুৰীত 7মাহৰ অন্তঃসত্তা মানসিক বিকাৰগ্ৰস্ত মহিলা

ধুবুৰী,1ডিচেম্বৰঃ সমাজত যেন স্খলন ঘটিছে মানৱীয়তাৰ ।পুনৰ পোহৰলৈ আহিছে আজিৰ সভ্য সমাজত নিকৃষ্ট মানসিকতাৰ লোকৰ আন এক নিকৃষ্ট কাণ্ড ৷ ৰাজপথত ঘূৰি ফুৰা এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত হ'ল কোনো অসৎ মানসিকতাৰ লোক ৷ এই ঘটনা সংঘটিত হৈছে ধুবুৰীৰ গৌৰীপুৰত ৷

জানিব পৰা মতে, গৌৰীপুৰৰ ৰাজপথত ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকী 7মাহৰ অন্তঃসত্তা ৷ গৌৰাপুৰৰ কোনো হৃদয়বান লোকৰ তৎপৰতাত ৰাজপথত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মহিলাগৰাকীক ৷ ততাতৈয়াকৈ গৌৰীপুৰ স্বাস্থ্য কেন্দ্ৰত মহিলাগৰাকীক ভৰ্তি কৰোৱা হয় ৷ ইপিনে, এই ঘটনাৰ বিষয়ে জানিব পাৰি স্বাস্থ্যকেন্দ্ৰত উপস্থিত হয় গৌৰীপুৰ আৰক্ষী বিষয়া হিমাক্ষী নাথ ৷ মানসিক বিকাৰগ্রস্থ মহিলা গৰাকী সাত মাহৰ অন্তঃসত্তা বুলি চিকিৎসকৰ পৰা জানিব পাৰি আৰক্ষীয়ে ১৮১ অন ষ্টপ চেণ্টাৰত যোগাযোগ কৰি এজন এটেণ্ডেণ্ট বিচৰাৰ লগতে চেণ্টাৰৰ তৰফৰ পৰা সহযোগ বিচাৰে যদিও কোনোধৰণৰ গুৰুত্ব নিদিলে অন ষ্টপ চেণ্টাৰে ৷

ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ অধীনস্থ সখী নামৰ "অন ষ্টপ চেণ্টাৰ" তথা একক অৱস্থান কেন্দ্ৰটোৰ পৰা কোনোধৰণৰ সঁহাৰি নোপোৱাত মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি অসহায় মহিলা গৰাকীৰ কাষত থিয় দিলে নেভাৰ্ট এন জি অ'ৰ প্ৰতিনিধি । মহিলা গৰাকীৰ চোৱাচিতাৰ দায়িত্ব পালন কৰে নেভাৰ্ট এন জি অ’টোৰ প্ৰতিনিধি আৰু নাচেৰ জেলানীয়ে ৷ কিন্তু ইয়াৰ পিছতে,সখী নামৰ একক অৱস্থান কেন্দ্ৰটোৰ বিষয়া হিৰামণি পাঠকে গা এৰা মনোভাৱেৰে বোকা চটিওৱা নাটকহে কৰে ।

ইপিনে,ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ অধীনত থাকি লাখ লাখ টকাৰ চৰকাৰী অনুদান পোৱাৰ পিছতো অসহায় মানসিক বিকাৰগ্রস্ত গৰ্ভৱতী মহিলাৰ প্ৰতি কৰা চৰম অনীহাক লৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে গৌৰীপুৰবাসীয়ে ৷

লগতে পঢ়কঃ বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত নাথাকে অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.