কামাৰদিহি, 6 মাৰ্চঃ বিলাসীপাৰা কামাৰদিহি 1ম খণ্ড গাঁৱত এতিয়া যেন অন্ত নাই সুখৰ ৷ কিয়নো ঘূৰি আহিল মেঘালয়ত আইন শৃংখলাজনিত কাৰণত আবদ্ধ হৈ থকা 7 জনকৈ লোক ৷ বৃহস্পতিবাৰে পুৱা বিলাসীপাৰাৰ বিধায়ক অশোক সিংহী আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ এটা দলে পৰ্যাপ্ত নিৰাপত্তাৰক্ষীৰ সহযোগত,ইছামাতিৰ পৰা বিলাসীপাৰাৰ 7 জন শ্ৰমিকসহ ধুবুৰী,কোকৰাঝাৰ আৰু বৰপেটা জিলাৰ দুই শতাধিক শ্ৰমিককো নিৰাপদে উদ্ধাৰ কৰি অসমলৈ লৈ আনে ৷
লগতে পঢ়কঃ