ETV Bharat / state

ধুবুৰীত আৰক্ষীৰ অভিযানত চোৰাং গৰু জব্দ - Illigal cow

লক্ ডাউনৰ কিছু শিথিলতাৰ সুযোগ গ্ৰহণ কৰি ধুবুৰী জিলাত পুনৰ সক্ৰিয় হৈ পৰিছে গৰুৰ চোৰাং বেহা । ধুবুৰী জিলাৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত পোকালাগি দ্বিতীয় খণ্ড গাঁৱৰ এঘৰৰ পৰা বাংলাদেশলৈ চোৰাংকৈ চালান দিয়াৰ বাবে ৰখা বৃহৎ সংখ্যক গৰু আৰক্ষীৰ এটা দলে নিশা চলোৱা এক অভিযানত উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে ।

52 cattle seized by duburi Police
52 cattle seized by duburi Police
author img

By

Published : Jul 3, 2020, 10:29 PM IST

গুৱাহাটী, ৩ জুলাই : লক্ ডাউনৰ কিছু শিথিলতাৰ সুযোগ গ্ৰহণ কৰি ধুবুৰী জিলাত পুনৰ সক্ৰিয় হৈ পৰিছে গৰুৰ চোৰাং বেহা । ধুবুৰী জিলাৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত পোকালাগি দ্বিতীয় খণ্ড গাঁৱৰ এঘৰৰ পৰা বাংলাদেশলৈ চোৰাংকৈ চালান দিয়াৰ বাবে ৰখা বৃহৎ সংখ্যক গৰু আৰক্ষীৰ এটা দলে নিশা চলোৱা এক অভিযানত উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে ।

52 cattle seized by duburi Police
ধুবুৰীত আৰক্ষীৰ অভিযানত চোৰাং গৰু জব্দ

জানিব পৰা অনুসৰি, গোপন তথ্যৰ ভিত্তিত ধুবুৰী সদৰৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত অসম-বংগ সীমান্তৰ ছাগলীয়া আৰক্ষী চকীৰ এটা দলে পোকালাগি দ্বিতীয় খণ্ড গাঁৱৰ জনৈক জিয়াদুল আলীৰ বাসগৃহত অভিযান চলাই বাংলাদেশলৈ চোৰাংকৈ পঠিওৱাৰ বাবে সাজু কৰা ৫২ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷

52 cattle seized by duburi Police
ধুবুৰীত আৰক্ষীৰ অভিযানত চোৰাং গৰু জব্দ

অৱশ্যে আৰক্ষী অহাৰ উমান পাই গৰুৰ চোৰাং বেপাৰী গৰাকী এন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় যদিও তেখেতৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :
পাকিস্তানত দুৰ্ঘটনাত পতিত হৈ ২৯ গৰাকী শিখ তীৰ্থযাত্ৰী নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.