ETV Bharat / state

ধুবুৰীৰ পৰা বাংলাদেশলৈ সৰবৰাহ সুলভ মূল্যৰ চাউল

author img

By

Published : Aug 8, 2019, 6:10 PM IST

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ কুইন্টল কুইন্টল চাউল বিক্ৰী হৈছে ক'লা বজাৰত । ধুবুৰীৰ পৰা বাংলাদেশলৈ অসমৰ কুইন্টল কুইন্টল সুলভ মূল্যৰ চাউল সৰবৰাহ হোৱাৰ অভিযোগ

বাংলাদেশলৈ সৰবৰাহ সুলভ মূল্যৰ কুইন্টল কুইন্টল চাউল

ধুবুৰী, 8 আগষ্টঃ দীৰ্ঘ দিনৰে পৰা ধুবুৰীৰ একাংশ প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ চাউলক লৈ ক'লা বজাৰৰ বৃহৎ ছিণ্ডিকেট চলাই গৈছে । ধুবুৰীৰ একাংশ প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে এই সমূহ সুলভ মূল্যৰ কুইন্টল কুইন্টল চাউল কৌশলগত ভাবে মেঘালয় আৰু মেঘালয় হৈ বাংলাদেশলৈ চালান দিয়াৰ বিপৰীতে নদী পথেৰেও বাংলাদেশলৈ চালান দি আহিছে বুলি অভিযোগ উঠিছে । কিন্তু ইয়াৰ পিছতো ৰহস্যজনক ভূমিকাত আছে ধুবুৰী খাদ্য আৰু অসামৰিক যোগান বিভাগ ।

বাংলাদেশলৈ সৰবৰাহ সুলভ মূল্যৰ কুইন্টল কুইন্টল চাউল

জিলা উপায়ুক্তই লাভ কৰা গোপন তথ্যৰ ভিত্তিত যোগান বিভাগক কঠোৰ নিৰ্দেশ উপায়ুক্তৰ । যাৰ বাবে বৃহস্পতিবাৰে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ সঞ্চালক বিপিন চক্ৰৱৰ্তীৰ নেতৃত্বত এটা দলে ধুবুৰীৰ আব্দুৰ ৰহমান নামৰ ব্যৱসায়ীৰ এ আৰ ট্ৰেডাৰ্চ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ গুদামত চলায় অভিযান । এই অভিযানত ভাৰতীয় খাদ্য নিগমৰ ৰচিদ লগোৱা বৃহৎ পৰিমাণৰ চাউলৰ বস্তা জব্দ হয় । বিভাগীয় উপ সঞ্চালক বিপিন চক্ৰৱৰ্তীয়ে জনোৱা মতে ৪১.৬০ কুইন্টল সুলভ মূল্যৰ চাউলৰ লগতে নতুন ব্ৰেণ্ডৰ বস্তাত ভৰোৱা ৯৬০ কুইন্টল সুলভ মূল্যৰ চাউল জব্দ কৰে।

Intro: ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ কুইন্টল কুইন্টল চাউল বিক্ৰী হৈছে কলা বজাৰত। যোগান বিভাগৰ সৈতে গোপন বুজাবুজিৰ ভিত্তিত একাংশ প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে দীৰ্ঘ দিনে চলাই গৈছে সুলভ মূল্যৰ চাউলৰ চোৰাং চাউল। ধুবুৰীৰ পৰা বাংলাদেশলৈ যায় অসমৰ কুইন্টল কুইন্টল সুলভ মূল্যৰ চাউল।

Body:
ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ কুইন্টল কুইন্টল চাউল কলা বজাৰত বিক্ৰী হোৱা কথাটো কোনো নতুন কথা নহয়। দৰিদ্ৰ পৰিয়ালৰ বাবে চৰকাৰে পাঞ্জাৱৰ পৰা আমদানি কৰা কুইন্টল কুইন্টল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰা হয়। সমবায় সমিতিৰ পৰা সুলভ মূল্যৰ দোকানলৈ নি ৰাজহুৱা ভাবে বিতৰণ কৰা হয় এই চাউল। কিন্তু এই চাউল প্ৰকৃততে হিতাধিকাৰীয়ে পাইছে নে ? নে হিতাধিকাৰীৰ নামত আৱন্টিত চাউল নদী পথেৰে যায় বাংলাদেশলৈ।

হয়, এনে প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে ধুবুৰীত পুণৰবাৰ পোহৰলৈ আহিছে চাউলৰ চোৰাং কাৰবাৰৰ এক ভয়ংকৰ তথ্য। উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰে পৰা ধুবুৰীৰ একাংশ প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ চাউলক লৈ কলা বজাৰৰ বৃহৎ ছিণ্ডিকেট চলাই গৈছে। জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ একাংশ বিষয়াৰে গোপন বুজাবুজি কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ কুইন্টল কুইন্টল চাউলক কলা বজাৰ চলাই গৈছে। বিভিন্ন সমবায় সমিতিৰ নামত আৱন্টিত চাউল ধুবুৰীৰ একাংশ প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে ক্ৰয় কৰি বস্তাৰ ব্ৰেণ্ড সলনি কৰি প্ৰতিবেশী ৰাজ্য মেঘালয়লৈ চোৰাং চালান কৰি অহাৰ তথ্য আছে যোগান বিভাগৰ হাতত। আনহাতে ধুবুৰীৰ একাংশ প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে এই সমূহ সুলভ মূল্যৰ কুইন্টল কুইন্টল চাউল কৌশলগত ভাবে মেঘালয় আৰু মেঘালয় হৈ বাংলাদেশলৈ চালান দিয়াৰ বিপৰীতে নদী পথেৰেও বাংলাদেশলৈ চালান দি আহিছে বুলি অভিযোগ দীৰ্ঘ দিনীয়া। যদিওঁ ইয়াৰ পিছতো ৰহস্যজনক ভূমিকাত আছে ধুবুৰী খাদ্য আৰু অসামৰিক যোগান বিভাগ। কিন্তু গোপন বুজাবুজি থাকিলেও আজি উপায়ন্তৰ যোগান বিভাগ। কাৰণ জিলা উপায়ুক্তই পোৱা গোপন তথ্যৰ ভিত্তিত যোগান বিভাগক কঠোৰ নিৰ্দেশ উপায়ুক্তৰ। যাৰ বাবেই আজি জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ সঞ্চালক বিপিন চক্ৰৱৰ্তীৰ নেতৃত্বত এটা দলে ধুবুৰীৰ আব্দুৰ ৰহমান নামৰ ব্যৱসায়ীৰ এ আৰ ট্ৰেডাৰ্চ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ গুদামত চলায় অভিযান। এই অভিযানত ভাৰতীয় খাদ্য নিগমৰ ৰচিদ লগোৱা বৃহৎ পৰিমাণৰ চাউলৰ বস্তা উদ্ধাৰ হয়। বিভাগীয় উপ সঞ্চালক বিপিন চক্ৰৱৰ্তীয়ে জনোৱা মতে ৪১.৬০ কুইন্টল সুলভ মূল্যৰ চাউলৰ লগতে নতুন ব্ৰেণ্ডৰ বস্তাত ভৰোৱা ৯৬০ কুইন্টল সুলভ মূল্যৰ চাউল জব্দ কৰে। মুঠৰ ওপৰত ১,০০১ কুইন্টল ৬০ কিলোগ্ৰাম চাউল জব্দ কৰে যোগান বিভাগে।

Byte:- বিপিন চক্ৰৱৰ্তী, উপ সঞ্চালক

Conclusion:উল্লেখযোগ্য যে, যোগান বিভাগৰ অভিযানকাৰী দলটোৱে চাউলখিনি জব্দ কৰি গুদামঘৰ ছিল কৰি দিয়ে। যদিওঁ এনে পূৰ্বেও এনে বহুবাৰ ছিল কৰিছিল যদিওঁ পৰৱৰ্তী সময়ত পুণৰ একেই পদ্ধতিৰে আৰম্ভ হয় ভয়াৱহ চোৰাং কাৰবাৰ। এতিয়া আজিৰ ঘটনাৰ তদন্ত কিদৰে কৰে যোগান বিভাগে সেয়াই লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.