ETV Bharat / state

লক ডাউন: দুখন জিলাৰ মাজৰ দলঙত আৱদ্ধ বহিঃৰাজ্যৰ 18 যুৱক - PHOTO/VISUAL/BYTE

বিধায়ক অশোক কুমাৰ সিংহীৰ তৎপৰতাত ধুবুৰী জিলা প্ৰশাসনে যুৱক কেইজনক চাপৰৰ এটা ৰিলিফ কেম্পত ৰখাৰ ব্যৱস্থা কৰে তথা লক ডাউন খুলিলে তেওঁলোকক স্ব-গৃহলৈ উভতি যাবলৈ অনুমতি দিয়া হ‘ব বুলি জানিব পৰা গৈছে ৷

18 labours was stoped by police in a bridge for break lock down rule
লক ডাউন : দুখন জিলাৰ মাজৰ দলংত আৱদ্ধ বহিঃৰাজ্যৰ 18 যুৱক
author img

By

Published : Apr 28, 2020, 11:01 AM IST

পূৱ বিলাসীপাৰা, 28 এপ্ৰিল : বঙাইগাঁও আৰু ধুবুৰী জিলাৰ সীমান্তত সোমবাৰে সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা । চম্পাৱতী নৈৰ বহলপুৰ দলঙৰ ওপৰত এক অনাকাঙ্খিত পৰিস্থিতিৰ সন্মুখীন হয় ১৮ জনকৈ বহিঃৰাজ্যৰ যুৱকে । দেওবাৰে পূৱতি নিশা গুৱাহাটীৰ পৰা যুৱককেইজনে চাইকেলেৰে যাত্ৰা কৰিছিল কোচবিহাৰলৈ । সোমবাৰে পূৱতি নিশা যুৱক কেইজনে বঙাইগাঁৱৰ বইটামাৰী আৰক্ষী চকীৰ সন্মুখেৰে ধুবুৰী জিলাৰ বহলপুৰত প্ৰৱেশ কৰিছিল ৷ ধুবুৰী ৰেড জ'ন এলেকা হোৱা বাবে ধুবুৰী জিলা প্ৰশাসনে যুৱককেইজনক বাধা দিয়ে ৷ ফলত উভতি বঙাইগাঁও জিলালৈ যোৱাৰ মনস্থ কৰাত বঙাইগাঁৱৰ বইটামাৰী আৰক্ষীয়ে যুৱকৰ দলটোক বঙাইগাঁৱত জিলাত প্ৰৱেশত বাধা প্ৰদান কৰাৰ উপৰিও এজন যুৱকক প্ৰহাৰৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লক ডাউন : দুখন জিলাৰ মাজৰ দলংত আৱদ্ধ বহিঃৰাজ্যৰ 18 যুৱক
দুদিনৰ পৰা লঘোনে থকা শ্ৰমিকসকলে নিশা এন্ধাৰৰ মাজত পাৰ কৰিলে দুই জিলাৰ মাজত ৷ পেটৰ তাড়নাত থকা ষুৱক কেইজনে চৰকাৰে কোনো তাৎক্ষণিক ব্যৱস্থা নকৰিলে আত্মহত্যা কৰাৰো ভাবুকি দিয়ে ৷ এই ঘটনাৰ খবৰ লাভ কৰিয়েই নিশাই ঘটনাস্থলীত পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ এইসকল লোকৰ ওচৰত উপস্থিত হৈ বিধায়ক গৰাকীয়ে শ্ৰমিকসকলক কিছু সকাহ দিয়াৰ নিমিত্তে বিতৰণ কৰে কিছু খাদ্য-সামগ্ৰী ৷

পৰৱৰ্তী সময়ত বিধায়ক অশোক কুমাৰ সিংহীৰ তৎপৰতাত ধুবুৰী জিলা প্ৰশাসনে যুৱক কেইজনক চাপৰৰ এটা ৰিলিফ কেম্পত ৰখাৰ ব্যৱস্থা কৰে তথা লক ডাউন খুলিলে তেওঁলোকক স্ব-গৃহলৈ উভতি যাবলৈ অনুমতি দিয়া হ‘ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : সংকটত এছিয়াৰ বৃহত্তম কলৰ বজাৰখন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.