ETV Bharat / state

ধুবুৰীত ১০৮ নদী এম্বুলেঞ্চ সেৱাৰ মৃত্যুঘণ্টা - 108 river ambulance damage at Dhubri

সম্প্ৰতি অচল হৈ আছে ধুবুৰীত ২০১২ চনত মুকলি কৰা ১০৮ নদী এম্বুলেঞ্চ সেৱা ৷ তিনিখন ফেৰীৰ কেউখনেই এতিয়া বিকল পৰ্যায়ত ৷ উল্লেখ্য যে,চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে আজিকোপতি বিকল হৈ আছে এই নদী এম্বুলেঞ্চ সেৱা

চৰকাৰৰ সদিচ্ছাৰ অভাৱ
ধুবুৰীত ১০৮ নদী এম্বুলেঞ্চ সেৱাৰ মৃত্যুঘণ্টা
author img

By

Published : Dec 24, 2019, 10:15 PM IST

ধুবুৰী,24 ডিচেম্বৰঃ স্বাস্থ্যখণ্ডৰ আমোল পৰিৱৰ্তনৰ সময়তে ধুবুৰীত চিকিৎসা সেৱাৰ পৰা বঞ্চিত শতাধিক লোক ৷ ১০৮ নদী এম্বুলেঞ্চ সেৱা বিকল হৈ পৰাৰ ফলত ফলত বঞ্চিত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ শতাধিক জনতা ৷ দক্ষিণ শালমাৰাৰ মানকাচৰৰ লগতে ভাৰত-বাংলা সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে ভুগিবলগা হৈছে জীয়াতু ৷ ৰাইজৰ সুবিধাৰ্থে ২০১২ চনত মুকলি কৰা হৈছিল এই নদী এম্বুলেঞ্চ সেৱা ৷ কিন্তু পৰৱৰ্তী সময়ত সংঘটিত ফেৰী দুৰ্ঘটনাৰ ফলত বন্ধ হৈ পৰে এই সেৱা ৷ সেয়ে সুবিধা লাভৰ পৰা বঞ্চিত হয় ৰাইজ ৷ সম্প্ৰতি ঘাটতে আবদ্ধ হৈ আছে ফেৰীসমূহ ৷ তিনিখন ফেৰীৰ কেউখনেই এতিয়া বিকল পৰ্যায়ত ৷ তদুপৰি উপযুক্ত পৰিচৰ্যাৰ অভাৱত দুখনকৈ এম্বুলেঞ্চ ভগ্নপ্ৰায় অৱস্থাত আছে ৷ মঙলবাৰে ফেৰীৰ মেৰামতিৰ বাবে মাজুলীৰ পৰা নদী এম্বুলেঞ্চৰ কৰ্মী এজনক ধুবুৰীলৈ অনা হৈছে ৷

ধুবুৰীত ১০৮ নদী এম্বুলেঞ্চ সেৱাৰ মৃত্যুঘণ্টা

আনহাতে, প্ৰয়োজনৰ সময়ত নদী এম্বুলেঞ্চৰ অভাৱত কেইবাগৰাকীও গৰ্ভৱতী মহিলাই নৱজাতকসহ মৃত্যুক আঁকোৱালি লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ অঞ্চলটোত জৰুৰীকালীন সময়ত ৰোগীসকলক নাৱেৰে ধুবুৰী লৈ নিয়াৰ বাবে আধা ঘণ্টাৰ ঠাইত চাৰি-পাঁচঘণ্টা সময়ৰ প্ৰয়োজন হয় । ফলত একাংশ ৰোগী সংকটজনক অৱস্থাৰ সন্মুখীন হয় ৷ গতিকে এই ১০৮ নদী এম্বুলেঞ্চ সেৱা সূচাৰুৰূপে চলিলে বহু ৰাইজ উপকৃত হ’ব ৷

ইপিনে চৰকাৰে প্ৰতি মাহে এম্বুলেঞ্চ সেৱাৰ নামত ধন তথা ইন্ধন মোকোলাই দিয়ে ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ উল্লেখ্য যে, চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে আজিকোপতি বিকল হৈ আছে নদী এম্বুলেঞ্চ সেৱা ৷ পৰৱৰ্তী সময়ত এই সন্দৰ্ভত চৰকাৰে কিমান গুৰুত্ব প্ৰদান কৰিব সেয়া সময়তহে স্পষ্ট হ’ব । নিয়মিতভাৱে এই সেৱা অব্যাহত থাকিলে পিচপৰা অঞ্চলটোৰ শতাধিক জনতা উপকৃত হ’ব ৷

লগতে চাওকঃগান্ধী মৈদানত অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থ মঞ্চৰ প্ৰতিবাদ

Intro: মৃত্যুঞ্জয়ৰ মৃত্যুঘণ্টা। ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদী পথৰ বাবে দিয়া তিনিখনকৈ ১০৮ নাওঁ এম্বুলেঞ্চৰ এতিয়া মৃত্যুঘণ্টা। ১০৮ এম্বুলেঞ্চ সেৱাৰ পৰা বঞ্চিত দক্ষিণ পাৰৰ লাখ লাখ জনতা।

Body:
ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত দক্ষিণ শালমাৰা মানকাচৰৰ লগতে ধুবুৰীৰ ভাৰত বাংলা সীমান্তৱৰ্তী অঞ্চল সমূহৰ ৰাইজৰ সুবিধাৰ্থে ২০১২ চনৰ ত্ৰিশ এপ্ৰিলৰ ভয়াৱহ ফেৰী দুৰ্ঘটনাৰ পিছত ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদী পথত আৰম্ভ কৰা হৈছিল ১০৮ নাওঁ এম্বুলেঞ্চৰ নতুন সেৱা। কিন্তু প্ৰথমতে ইয়াৰ ৰাইজে কিছুমান সেৱা লাভ কৰিছিল যদিওঁ তাৰ পিছৰ পৰাই প্ৰায় বছৰৰ ৩৬৫ দিনেই বন্ধ হৈ থাকে নাওঁ এম্বুলেঞ্চ। এখন দক্ষিণ পাৰত আন দুখন উত্তৰ পাৰ তথা ধুবুৰীৰ পাৰ ঘাটত ৰখা হৈছে। সম্প্ৰতি তিনিখনেই দীর্ঘ দিনে বিকল হৈ পৰি আছে ব্ৰহ্মপুত্ৰ ঘাটত। ব্ৰহ্মপুত্ৰৰ পাৰ ঘাটত পৰি থকা দুখন এম্বুলেঞ্চ জহি খহি যাব ধৰিছে। ইয়াৰে এখন আজি মেৰামতি কৰি থকা হৈছে। যদিওঁ আনখন পৰি আছে এইদৰেই। অৱশ্যে ইয়াৰে এখন মেৰামতি কৰি চলাচলৰ উপযোগী কৰি তোলা হব বুলি উল্লেখ কৰে মাজুলীৰ পৰা অহা নাওঁ এম্বুলেঞ্চৰ ষ্টাফ এজনে।

Byte:- ষ্টাফ।

ইপিনে ২০১২ চনৰ পৰা ধুবুৰী দক্ষিণ শালমাৰা নদী পথত এই এম্বুলেঞ্চ সেৱা আৰম্ভ হৈছে যদিওঁ ইয়াৰ দ্বাৰা ৰাইজে কোনো উপকৃত হোৱা নাই বুলি অভিযোগ উঠাৰ লগতে ইতিমধ্যে এই নাওঁ এম্বুলেঞ্চ নাপাই কেইবাজনো গৰ্ভৱতী মহিলাৰ নৱজাতক সহ অকাল মৃত্যু হৈছে বুলি অভিযোগ ৰাইজৰ। আনকি জৰুৰীকালীন সময়ত দক্ষিণ শালমাৰা মানকাচৰ আৰু ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ ৰোগী সকলক নাৱেৰে ধুবুৰী লৈ নিয়াৰ বাবে আধা ঘণ্টাৰ ঠাইত চাৰি/পাঁচ ঘণ্টা সময়ৰ প্ৰয়োজন হয়। ফলত বহু ৰোগী সংকটজনক অৱস্থাত পৰিবলগীয়া হয়। ইয়াত নিয়োজিত চালক আৰু কৰ্মচাৰী সকলক চৰকাৰে বহাই বহাই দৰমহা দিয়াৰ লগতে বছৰৰ প্ৰায় ৩৬৫ দিনেই এইদৰে পাৰঘাটত থাকিলেও বিভাগীয় ভাবে পেট্ৰল অবন্টন দিয়া হৈছে বুলিও অভিযোগ উত্থাপিত হৈছে।

Byte:- জাহাঙ্গীৰ আলম, স্থানীয় সচেতন ৰাইজ।

Conclusion:উল্লেখযোগ্য যে, যদি চৰকাৰৰ সদিচ্ছা আছে তেন্তে ধুবুৰী দক্ষিণ শালমাৰা নদী পথত এই ১০৮ এম্বুলেঞ্চ সেৱা সঠিক মতে চলোৱাৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। এতিয়া ইয়াৰ প্ৰতি চৰকাৰে কি গুৰুত্ব প্ৰদান কৰিব সেয়া সময়তহে স্পষ্ট হব। যদিওঁ নিয়মিতভাৱে এই সেৱা অব্যাহত থাকিলে কোনো ধৰণৰ স্থল পথৰ সংযোগ নথকা দক্ষিণ পাৰৰ লাখ লাখ জনতাই যথেষ্ট উপকৃত হোৱাটো নিশ্চিত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.