ETV Bharat / state

ধেমাজিত দুৰ্নীতিগ্ৰস্ত বিষয়াক বদলিৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

প্ৰতিবাদত উত্তাল ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ৷ ৰাজহচক্ৰ বিষয়াৰ বিৰুদ্ধে গৰজি উঠিল যুৱ-ছাত্ৰ পৰিষদ ৷

yuva satra parishad protest in dhemaji
author img

By

Published : Oct 30, 2019, 5:22 PM IST

ধেমাজি,৩০ অক্টোবৰ: ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত বিষয়া গীতালি দুৱৰাক শাস্তিমূলক বদলিৰ দাবীত বুধবাৰে ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয় উত্তাল কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ৷ প্ৰতিবাদকাৰীসকলে কাৰ্যালয়টোত তলাবন্ধ কৰাৰ উদ্দেশ্যৰে কাৰ্যালয়ৰ অভিমুখে অগ্ৰসৰ হয় যদিও প্ৰৱেশদ্বাৰত বিশাল আৰক্ষী আৰু চি আৰপি এফ বাহিনীয়ে সমদলটোক বাধা দিয়ে ৷ ফলস্বৰূপে প্ৰৱেশদ্বাৰতে নিৰাপত্তাৰক্ষীৰ সৈতে ঠেলাঠেলি লিপ্ত হয় প্ৰতিবাদকাৰী সকল ৷ ধেমাজি ৰাজহচক্ৰ বিষয়া গীতালি দুৱৰা হায় হায়, গীতালি দুৱৰাক শাস্তিমূলক বদলি কৰক, ঘোচখোৰ দালাল মণ্ডলসকল হুচিয়াৰ - আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল হৈ পৰে ৷

যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়

ইপিনে সংগঠনটোৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শৰ্মাই অভিযোগ উত্থাপন কৰি কয় যে, দীৰ্ঘদিন ধৰি ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ত মাটি ম্যাদীকৰণকে ধৰি বিভিন্ন কাম-কাজ কৰাৰ বাবে কাৰ্যালয়টোৰ ৰাজহ চক্ৰ বিষয়া গৰাকী আৰু মণ্ডলসকলে অবাধে উৎকোচ লৈ ব্যাপক অৰাজকতা সৃষ্টি কৰি আহিছে ৷ সেয়ে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকী আৰু মণ্ডলসকলৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

Intro:দুনী’তিগ্ৰস্ত ৰাজহচক্ৰ বিষয়া ক শাস্তিমূলক বদলিৰ দাবীত ধেমাজি ৰাজহ চক্ৰ কাযালয় উত্তাল কৰিলে যুৱ-ছাত্ৰ পৰিষদেBody: ৷

ধেমাজি , ৩০ অক্টোবৰ : ধেমাজি ৰাজহ চক্ৰ কাযা’লয়ৰ দুনী’তিগ্ৰস্ত বিষয়া গীতালি দু ৱাৰাক শাস্তিমূলক বদলিৰ দাবীত বুধবাৰে ধেমাজি ৰাজহ চক্ৰ কাযা’লয় উত্তাল কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ৷ প্ৰতিবাদীসকলে কাযালয়টোত তলা বন্ধ কৰাৰ উদ্দেশ্যৰে কাযা’লয়ৰ অভিমুখে অগ্ৰসৰ হয় যদিও কাযা’লয়ৰ প্ৰৱেশদ্বাৰত বিশাল আৰক্ষী আৰু চি আৰপি এফ বাহিনীয়ে সমদলটোক বাধা দিয়ে ৷ ফলস্বৰূপে প্ৰৱেশদ্বাৰতে নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে ঠেলাঠেলি মাজতে ঘোচখোৰ ধেমাজি ৰাজহচক্ৰ বিষয়া গীতালি দু ৱাৰা হায় হায় , গীতালি দুৱাৰাক শাস্তিমূলক বদলি দিয়ক , ঘোচখোৰ দালাল মণ্ডল সকল হুচিয়াৰ ,আদি শ্লগানেৰে উত্তাল কৰি তোলে কাযা’লয়ৰ আকাশ বতাহ ৷

ইপিনে সংগঠনটোৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শমাই অভিযোগ উত্থাপন কৰি কয় য়ে দীঘ’দিন ধৰি ধেমাজি ৰাজহ চক্ৰ কাযা’লয়ত মাটি ম্যাদী কৰণকে ধৰি বিভিন্ন কাম কাজ কৰাৰ বাবদ কাযা’লয়টোৰ ৰাজহ চক্ৰ বিষয়া গৰাকী আৰু মণ্ডলসকলে অবাধে উৎকোচ লৈ ব্যাপক অৰাজকতা সৃষ্টি কৰি আহিছে ৷সেয়ে দুনী’তিগ্ৰস্ত বিষয়াগৰাকীক শীঘ্ৰে শাস্তিমূলক ব্যৱস্থাগ্ৰহন কৰাৰ লগতে দালাল ঘোচখোৰ মণ্ডলসকলক বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাই মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

byte .,Bishnu sarma , secy , dist

Pradunya Bharali , Dhemaji , Assam .30/10/2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.