ধেমাজি, 6 জুন : সমগ্ৰ দেশৰ লগতে শনিবাৰে ধেমাজিতো অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চিচিবৰ গাঁও আঞ্চলিক সমিতি আৰু চিচিবৰগাঁও সচেতন যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত গাই নদীৰ মথাউৰি তথা পাৰত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ৷ লক্ষণীয়ভাৱে প্ৰতিকুল বতৰকো নেওচি সমবেত সংগঠনৰ কৰ্মকৰ্তা তথা স্থানীয় ৰাইজে গাই নদী মথাউৰি পাৰত এশৰো অধিক গছপুলি ৰোপণ কৰে ৷
এই কাৰ্যসূচীত উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াকে ধৰি অন্যান্য বিষয়ববীয়া সকল ৷ উল্লেখ্য যে, ২০১১ চনত অহা প্ৰলংকৰী গাই নদীৰ বানে নিমিষতে তচনচ কৰিছিল বিস্তীৰ্ণ অঞ্চল । ইয়াৰ পিছৰে পৰা গাই নদী মথাউৰিক লৈ স্থানীয় ৰাইজৰ আজিকোপতি শংকা দূৰ হোৱা নাই ৷ সেয়ে পুনৰ বানৰ আশংকাত দিন অতিবাহিত কৰা গাই নদীৰ ভেবেলীৰ পৰা চুমনি অঞ্চলত গছ পুলি ৰোপন কাৰ্যসূচী হাতত লোৱা বুলি ব্যক্ত কৰিছে সংগঠনটোৱে ৷
লগতে পঢ়ক:বিহালীত বিশ্ব পৰিৱেশ দিৱস পালন