ধেমাজি, 30 অক্টোবৰ : আগন্তুক নিৰ্বাচনত 100+ আসন নিশ্চিতভাৱে পাবলৈ সক্ষম হম ৷ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কলাক্ষেত্ৰৰ পবিত্ৰতাৰ ওপৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব আৰু ইয়াক লৈ অনাহকত বিতৰ্ক নকৰিবলৈ আহ্বান তেওঁৰ ৷
বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত আগন্তুক নিৰ্বাচনত অসমৰ জনগণৰ সহযোগত 100+ আসন লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ । দুদিনীয়াকৈ ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত শুকুৰবাৰে অন্তিম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ অন্তত সাংবাদিকক সম্বোধন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লগতে তেওঁ কয় যে, মাত্ৰ চাৰে চাৰিবছৰৰ ভিতৰতে তেওঁলোকে দিয়া সকলো প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা বাবে জনসাধাৰণে আকোঁৱালি লৈছে । সেইদৰে গুৰুজনাৰ আদৰ্শ পৱিত্ৰতা ৰক্ষা কৰিবলৈ যিকোনো প্ৰকাৰে বদ্ধপৰিকৰ বুলি কয় আৰু এইক্ষেত্ৰত অনাহকত বিতৰ্ক নকৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে, অন্তিম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী নৱকুমাৰ দলে, মন্ত্ৰী ৰামেশ্বৰ তেলী, সঞ্জয় কিষাণ আৰু যোগেন মহন, পল্লৱ লোচন দাস, সাংসদ প্ৰদান বৰুৱাকে ধৰি বহু বিজেপি নেতা-কৰ্মী ৷
লগতে পঢ়ক : অসমীয়া ভাষা নিঃশেষ কৰাৰ মূল ষড়যন্ত্ৰকাৰী আখ্যা বিজেপিক