ETV Bharat / state

Terrible road accident: ডিফুত পথ দুৰ্ঘটনাত নিহত দুজন; চিলাপথাৰত দ্ৰুতবেগী বাহনে চোঁচৰালে বাইক আৰোহীক

author img

By

Published : May 2, 2023, 9:41 PM IST

ৰাজ্যৰ দুখন ঠাইত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷ দুয়োটা পথ দুৰ্ঘটনাত দুজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে (Two Terrible road accidents) ৷

Two Terrible road accidents in two places
দুখন ঠাইত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা

ডিফু/ধেমাজি, 2 মে’: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে পথ দুৰ্ঘটনাৰ ঘটনা (Terrible road accident) ৷ মঙলবাৰে ৰাজ্যৰ দুখন ঠাইত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷ এই পথ দুৰ্ঘটনা দুটাত দুজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে (Two Terrible road accidents) ৷

প্ৰথমটো ঘটনা অনুসৰি বোকাজানৰ গৌতম বস্তিত শোকাৱহ পথ দুর্ঘটনা সংঘটিত হৈছে (Terrible road accidents in two places) ৷ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত গৌতম বস্তিৰ 39 নং ৰাষ্ট্ৰীয় সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত দুজন বাইক আৰোহী থিতাতে নিহত হয় ৷ লগতে তিনিজন লোক গুৰুতৰভাৱে আহত হৈছে (Two dead in road accidents)৷

ডিমাপুৰৰ দিশৰ পৰা আহি থকা এখন তীব্ৰবেগী বাইক আৰু বোকাজান দিশৰ পৰা ডিমাপুৰৰ অভিমুখে গৈ থকা AS 03 AG 6845 মাৰুটি এল্টো বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত দুর্ঘটনাটো সংঘটিত হয় । বাইকখনত তিনিজন আৰোহী উঠি আহিছিল ৷ নিহত বাইক আৰোহী দুজন বোকাজানৰ খটখটীৰ গৱাকে টেপ (40 ) আৰু অবি টেপ (33 ) বুলি জানিব পৰা গৈছে (3 injured in road accidents)। আহত তিনিজন ক্ৰমে গোলাঘাট জিলাৰ জাকিৰ হুছেইন ( 57 ) অঞ্জুমা খাটুন আৰু বাইক আৰোহী লাভি আছ' ।

গুৰুতৰভাৱে আহত ব্যক্তি কেইজনক ততাতৈয়াকৈ বোকাজানৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও আঘাত গুৰুতৰ হোৱা বাবে আহত ব্যক্তি তিনিজনক বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে ৷ ইফালে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰা হৈছে ৷

দ্বিতীয় ঘটনা অনুসৰি, ধেমাজি জিলাৰ চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাৰ সংঘটিত হয় ৷ প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে চিলাপথাৰ-লিকাবালি পথত তীব্ৰ বেগী বাহনে মহতিয়াই ১০০ শ মিটাৰলৈকে লৈ যায় এগৰাকী বাইক আৰোহীক ৷ চিলাপথাৰ ৰে’ল গেটৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহীজন ৷

চিলাপথাৰ টাউনৰ যান জঁটৰ মাজতেই মৃত্যুদূত ৰূপী তীব্ৰবেগী বাহনখনে মুহূৰ্ততে চোঁচৰাই লৈ যায় বাইক সহ আৰোহী চিলাপথাৰ কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰৱীন দুৱৰাক ৷ দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন নম্বৰ হৈছে ASO1DKA750 ৷ দুৰ্ঘটনাত পতিত হোৱা স্পেলণ্ডাৰ বাইকখনৰ নম্বৰ হৈছে AS22 D6537 ৷ গুৰুতৰভাৱে আহত অধ্যক্ষগৰাকীক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: Minor suspected death: নাবালিকা বোৱাৰীৰ ৰহস্যজনক মৃত্যু ! স্বামীলৈ সন্দেহৰ আঙুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.