ETV Bharat / state

TMC Protest : ৰাজ্যজুৰি তৃণমূল কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী - TMC protest in Assam

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যজুৰি তৃণমূল কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে (TMC protest in Assam)। ধেমাজি আৰু নলবাৰী জিলাতো তৃণমূল কংগ্ৰেছে অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে । মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নহ'লে অনাগত দিনত ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিছে তৃণমূল কংগ্ৰেছে ।

TMC Protest
ৰাজ্যজুৰি তৃণমূল কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী
author img

By

Published : Oct 29, 2022, 10:17 AM IST

Updated : Oct 29, 2022, 1:09 PM IST

নিউজ ডেস্ক,২৯ অক্টোবৰ : পেট্ৰ'ল, ডিজেলকে আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক (Price hike)। মূল্যবৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা দেখা গৈছে । ক'ভিডৰ পিছৰ সময়চোৱা সাধাৰণ জনতাৰ বাবে আৰু অধিক জটিল হৈ পৰিছে ।

বজাৰৰ প্ৰতিবিধ সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক অসুবিধাত পেলাইছে । কেৱল এয়াই নহয় চৰকাৰে বিভিন্ন ধৰণৰ কৰৰ বোজা সাধাৰণ জনতাৰ মূৰত জাপি দিছে । শেহতীয়াকৈ অসম চৰকাৰে পৌৰ কৰ বৃদ্ধি কৰাক লৈও বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত বিৰোধী দল আৰু বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।

শুকুৰবাৰৰ দিনটোত ৰাজ্যজুৰি তৃণমূল কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (TMC protest against price hike)। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ আহ্বানমৰ্মে ৰাজ্যৰ প্ৰতিখন জিলাতে দলটোৰ নেতা-কৰ্মীয়ে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে ।

ৰাজ্যজুৰি তৃণমূল কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী

বাকী জিলাসমূহৰ দলে ধেমাজি জিলাখনতো তৃণমূল কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে (TMC protest in Dhemeji)। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু পৌৰ কৰ প্ৰত্যাহাৰৰ দাবীত তৃণমূল কংগ্ৰেছৰ ধেমাজি জিলা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ চৰকাৰী বিৰোধী শ্ল'গানেৰে দলটোৰ কৰ্মীসকলে পৰিৱেশ উত্তাল কৰি তোলে । লগতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডাঃ ৰণোজ পেগুক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ।

সমান্তৰালকৈ মূল্যবৃদ্ধি আৰু পৌৰ কৰ সংগ্ৰহৰ দায়িত্ব বহিৰাগত প্ৰতিষ্ঠানক দিয়াৰ বিৰোধিতাৰে নলবাৰী জিলা তৃণমূল কংগ্ৰেছেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে দলটোৱে (Protest against increase of Municipality taxes)। চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ বিভিন্ন দাবীৰে এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে তৃণমূল কংগ্ৰেছে । ইফালে তৃণমূল কংগ্ৰেছে উল্লেখ কৰা মতে যদি তেওঁলোকৰ দাবীসমূহ চৰকাৰে মানি নলয় তেনেহ'লে আগন্তুক দিনত ৰাজ্যজুৰি ভয়ংকৰ আন্দোলন গঢ়ি তুলিব ।

লগতে পঢ়ক :TMC protest in Dhubri: মূল্যবৃদ্ধি আৰু অত্যাধিক পৌৰকৰ নিয়ন্ত্ৰণৰ দাবীত TMC ৰ প্ৰতিবাদ

Last Updated : Oct 29, 2022, 1:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.