ধেমাজি, 10 ডিচেম্বৰ : নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলৰ ইচ্ছু হৈ থকা বান, গৰাখহনীয়া সমস্যাই বাৰুকৈয়ে জুৰুলা কৰিছে ধেমাজিবাসীক ৷ বিশেষকৈ জীয়াঢল, ৰাই নদীৰ সমান্তৰালকৈ জোনাই বিধান সভাৰ সমষ্টিত চিমেন, ডিমৌ, ব্ৰহ্মপুত্ৰৰ চেঙাজান সূঁতিয়ে বিস্তৰ ক্ষতিসাধন কৰি আহিছে নদীপৰীয়া জনবসতি অঞ্চলসমূহ ৷
ভুক্তভোগী ৰাইজে সদৰি কৰা অনুসৰি বাৰিষাৰ পলংকাৰী বানত প্ৰতিবছৰে জাহ গৈছে খতি পথাৰ লগতে শ শ লোকৰ ঘৰ বাৰী ৷ চলিত বছৰৰ বাৰিষাত জীয়াঢল নদীৰ সমান্তৰালকৈ কালৰূপ ধাৰণ কৰি চেঙাজানৰ বিস্তীৰ্ণ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰে ব্ৰহ্মপুত্ৰৰ চেঙাজান সূঁতিয়ে ৷
প্ৰাপ্ত তথ্য অনুসৰি প্ৰৱল গৰাখহনীয়া আৰু বানৰ কৱলত জাহ যায় চেঙাজান অঞ্চলটোৰ ১ নং চেঙাজান, ২ নং বৰগাঁও, মিছিং গাঁও, বড়ো গাঁও আদিকে ধৰি ৭ খন গাঁৱৰ ৰাইজৰ ঘৰ-বাৰী ৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে চেঙাজানৰ কিছু নদীপৰীয়া অঞ্চলত এতিয়াও অব্যাহত আছে গৰাখহনীয়া ৷
ইফালে, স্থানীয়ে লোকে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন কৰিছিল যদিও কোনো সুপৰিকল্পিত পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে অঞ্চলটোৰ একাংশ সচেতন লোকে ৷ অঞ্চলটোৰ ৰাইজৰ অভিযোগ অনুসৰি ৰাজ্যৰ জলসম্পদৰ বিভাগটোৱে গাৰখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা আচঁনি ৰূপায়ন কৰাৰ নামত কেৱল পাকুপাইন পুতিয়েই দায়িত্ব সামৰিছে ৷ যাৰ পৰিপেক্ষিতত স্থানীয় ৰাইজে বৰ্তমানৰ গৰাখহনীয়া সমস্যাটোক লৈ অধিক শংকাত ভোগ কৰিবলগীয়া হৈছে ৷
উল্লেখ্য যে, নদীপৰীয়া অঞ্চলসমূহত গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰৰ জলজ সম্পদ বিভাগটোৱে ভিন্ন সময়ত আঁচনি গ্ৰহণ কৰি ৰাইজৰ বাঃ বাঃ লৈ আহিছে যদিও বাৰিষাৰ সময়ৰ প্ৰকৃত ছবিখনেহে উন্মোচিত কৰে আঁচনি ৰূপায়নৰ ফোঁপোলা স্বৰূপ ৷
লগতে পঢ়ক :অইল ইণ্ডিয়াৰ কৰ্মৰত ঠিকাভিত্তিক গাড়ীচালকৰ মৃত্যুৰ খতিপূৰণ বিচাৰি প্ৰতিবাদ