ETV Bharat / state

Tea factory open in Dhemaji: আন্তঃজাৰ্তিক চাহ দিৱসৰ দিনাই চাহ ফেক্টৰী মুকলি - Small tea growers in Assam

সমগ্ৰ বিশ্বতে আজি পালন কৰা হৈছে আন্তঃজাৰ্তিক চাহ দিৱস । এই বিশেষ দিনটোতে ধেমাজিৰ ঐতিহাসিক পৰ্যটনথলী হাবুঙৰ সমীপত মুকলি কৰা এটা চাহ ফেক্টৰী । স্থাপন কৰা হ’ল বগীবিল টী ফেক্টৰী ((Tea factory opens on International Tea Day) ৷

Tea factory opens on International Tea Day in Dhemaji
আন্তঃজাৰ্তিক চাহ দিৱসৰ দিনাই চাহ ফেক্টৰী মুকলি
author img

By

Published : May 21, 2023, 9:26 PM IST

আন্তঃজাৰ্তিক চাহ দিৱসৰ দিনাই চাহ ফেক্টৰী মুকলি

ধেমাজি,২১ মে': দেওবাৰে পালন কৰা হয় আন্তঃজাৰ্তিক চাহ দিৱস (International Tea Day) ৷ পৱিত্ৰ এই দিনটোতেই ধেমাজিৰ ঐতিহাসিক পৰ্যটনথলী হাবুং মন্দিৰৰ সমীপতে মুকলি কৰা হ’ল নতুন চাহৰ কলঘৰ ৷ সুদূৰ মৰাণৰ মেঘা টী স্বতাধিকাৰীৰ প্ৰচেষ্টাত স্থাপন কৰা হ’ল বগীবিল টী ফেক্টৰীটো (Bogibeel Tree Factory Open Dhemaji) ৷ দেওবাৰে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত নাম-প্ৰসংগ কৰি শুভাৰম্ভ কৰে ফেক্টৰীটো (Tea factory opens in Dhemaji) ৷

বিশ বছৰৰ পূৰ্বে বানৰ বাবে পশ্চিম ধেমাজিৰ বৃহত্তৰ হাবুং অঞ্চলৰ মাটি চাহ খেতিৰ বাবে অনুপযোগী হৈ পৰিছিল ৷ কিন্তু এতিয়া হাবুঙত ৰাজ্যখনৰ ভিতৰতে গুণগত চাহ উৎপাদন হয় ৷ ইপিনে ঐতিহ্যমণ্ডিত হাবুং (Heritage Habung) মন্দিৰৰ উপাসনা ঠাইত সেৱা ল'বলৈ দৈনিক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত তথা পৰ্যটকসকল আগমন ঘটে (Tea factory open in Dhemaji) ৷

লগতে পঢ়ক: Vande Bharat Express: অসমত বন্দে ভাৰত এক্সপ্রেছৰ ট্রায়েল ৰান আৰম্ভ

বিগত পাঁচ বছৰৰ ভিতৰত হাবুং ঠাইখনৰ অভূতপূৰ্ব পৰিৱৰ্তন হ'ল (Tea Cultivation in Assam) ৷ স্থানীয় উদ্যমী যুৱ খেতিয়কসকলে শালি খেতিৰ পৰিৱৰ্তে আৰম্ভ কৰিলে ঘৰে ঘৰে চাহৰ খেতি ৷ ফলস্বৰূপে হাবুঙৰ চাহে ৰাজ্যৰ অন্যান্য চাহৰ লগত ফেৰ মাৰিব পৰা হ’ল ৷ পিচে খেতিয়সকলে দীৰ্ঘদিন ধৰি অত্যন্ত কষ্টেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ মৰাণৰ ফেক্টৰীলৈ চাহপাত প্ৰেৰণ কৰি আহিছিল ৷

কিন্তু এতিয়াৰে পৰা সেই সমস্যা অৱসান ঘটিল ৷ লগতে যাতায়তৰ ক্ষেত্ৰতো সূচল হ'ল হাবুং ৷ ইফালে এই ফেক্টৰীটো স্থাপন কৰা বাবে আওহতীয়া অঞ্চলটোৰ বহু শিক্ষিত নিবনুৱা তথা ক্ষুদ্ৰ চাহ খেতিয়কসকল (Small tea growers in Assam) উপকৃত হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰিছে ফেক্টৰীগৰাকীৰ লগতে স্থানীয় ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৷ অহা ২৫মে' ৰ পৰা বগীবিল ফেক্টৰীত চাহ প্ৰস্তুত প্ৰক্ৰিয়া আৰম্ভ কৰিব কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: AGP meeting in Barpeta:লোকসভাত আমাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিম :অতুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.