ETV Bharat / state

আৰক্ষী বিষয়াৰ বিৰুদ্ধে মানিহানিৰ গোচৰ শিৱসেনাৰ প্ৰতিষ্ঠাপক সভাপতিৰ

author img

By

Published : Nov 25, 2019, 2:16 PM IST

আৰক্ষী বিষয়াৰ বিৰুদ্ধে মানিহানিৰ গোচৰ তৰিলে শিৱসেনাৰ প্ৰতিষ্ঠাপক সভাপতি গংগাধৰ দত্তই ৷ ভুৱা গোচৰত তেওঁক সাঙোৰ খুওৱাৰ লগতে কাৰাবাস খাটিবলগা হোৱা বাবে 80 লাখ টকাৰ মানহানি গোচৰ তৰে দত্তই ৷

গংগাধৰ দত্ত

ধেমাজি, 25 নৱেম্বৰঃ আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৮০ লাখ টকাৰ মানিহানি গোচৰ তৰিলে শিৱসেনাৰ ধেমাজি জিলা প্ৰতিষ্ঠাপক সভাপতি গংগাধৰ দত্তই ৷ ভুৱা গোচৰৰ বিৰুদ্ধে সৰৱ হৈ পৰা গংগাধৰ দত্তই অভিযোগ কৰে যে, এক ভুৱা অভিযোগত সাঙুৰি তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰি জনমানসত তেওঁৰ ভাৱমূৰ্তি হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা হৈছে ৷ কেইগৰাকীমান আৰক্ষীৰ বিষয়াৰ পৃষ্ঠপোষকতাত ৰাজনৈতিক, সামাজিকভাৱে স্থিতি নষ্ট হোৱাৰ লগতে মানসিক নিৰ্যাতনৰ বলি হোৱা বুলিও মন্তব্য কৰে দত্তই ৷

শিৱসেনাৰ প্ৰতিষ্ঠাপক সভাপতিৰ মানহানি গোচৰ

মিছা অপবাদ তথা অভিযোগত এজন ব্যক্তিক মানসিক নিৰ্যাতন চলোৱা তথা ভাৱমূৰ্তি বিনষ্ট কৰা কাৰ্যত জড়িত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৮০ লাখ টকাৰ মানহানি গোচৰ তৰে ৷ ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতত ২১ নৱেম্বৰত প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে গোচৰটো তৰে ৷

গোচৰত উল্লেখ কৰা মতে, সেই আৰক্ষী বিষয়াসকল হৈছে তদানীন্তন চিমেন চাপৰি আৰক্ষী চকীৰ আৰক্ষী অধীক্ষক মনোৰঞ্জন শইকীয়া, তদানীন্তন ধেমাজি সদৰ আৰক্ষী থানাৰ আৰক্ষী অধীক্ষক তপন তালুকদাৰ, তদানীন্তন ধেমাজি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, আৰক্ষী মহানিৰ্দেশক আৰু অসম চৰকাৰৰ সংশ্লিষ্ট ৰাজনৈতিক বিভাগ ৷ মহামান্য আদালতে তেওঁক ন্যায় প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ কাতৰ অনুৰোধ জনাইছে গংগাধৰ দত্তই ৷

উল্লেখ্য যে, ২০১৬ বৰ্ষতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা লোণ বিষয়ৰ লগত জড়িত হৈ ধেমাজি জিলাৰ চিমেন চাপৰি অঞ্চলৰ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত দত্তই কাৰাবাস খাটিবলগীয়া হৈছিল ৷

আৰু পঢ়ক : বিটিএডি আৰ্মী ফুটবল লীগ 2019-20 ৰ সামৰণি

Intro:আৰক্ষী বিষয়া বিৰুদ্ধে ৮০ লাখ টকাৰ মানি হানি গোচৰ তৰিলে শিৱসেনাৰ ধেমাজি জিলা প্ৰতিষ্ঠাপক সভাপতিয়েBody: ৷

ধেমাজি , ২৫ নৱেম্বৰ : ভুৱা গোচৰৰ ৱিৰুদ্ধে সৰৱ হৈ পৰিছে ধেমাজি জিলা শিৱসেনাৰ দলৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকী ৷ সভাপতি গংগাধৰ দত্তই অভিযোগ কৰা মতে এক ভুৱা অভিযোগত সাঙুৰি তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰি জনমানসত তেওঁৰ ভাৱমূৰ্ত্তি হেয় প্ৰতিপন্ন কৰাৰ লগতে ৰাজনৈতিক , সামাজিকভাৱে স্থিতি নষ্ট হোৱাত সম্পূৰ্ণৰূপে মানসিক নিযাত’ন ৰ বলি হবলগীয়া হৈছিল কেইগৰাকীমান আৰক্ষীৰ বিষয়াৰ পৃষ্ঠপোষকতাত ৷ সেয়ে মিছা অপবাদ তথা অভিযোগত এজন ব্যক্তিক মানসিক নিযাত’ন চলোৱা তথা সামাজিক আৰু ৰাজনৈতিকভাৱে ব্যক্তিত্ব’ নষ্ট কৰাৰ কায’ত জড়িত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৮০ লাখ টকাৰ মানহানি গোচৰ তৰিছে ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতত ৷ যোৱা ২১/১১/২০১৯ তাৰিখে ধেমাজি জিলা সত্ৰ ন্যায়ধীশ আদালতত এই গোচৰ তৰিছে ৷ গোচৰ নং হৈছে ১০/২০১৯ ৷ গোচৰ মতে সেই আৰক্ষী বিষয়া সকল হৈছে তদানীন্তন চিমেন চাপৰি আকক্ষী চকীৰ এচ আই মনোৰঞ্জন শইকীয়া , তদানীন্তন ধেমাজি সদৰ আৰক্ষী থানাৰ এচ আই তপন তালুকদাৰ , তদানীন্তন ধেমাজি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া , আৰক্ষী অধীক্ষকগৰাৰী ৰ লগতে ডাৰেক্টৰ জেনেৰেল পুলিছ অসম আৰু অসম চৰকাৰৰ সংশ্লিষ্ট ৰাজনৈতিক বিভাগ ৷

মহামান্য আদালতে তেওঁক ন্যায় প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে আৰু দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ কাতৰে অনুৰোধ জনাইছে ৷

byte ...victim sibsena president.

Conclusion:
উল্লেখ্য যে ২০১৬ বষ’তেে প্ৰধানমন্ত্ৰীৰ মু দ্ৰা লোন বিষয়ৰ লগত জড়িত হৈ ধেমাজি জিলাৰ চিমেন চাপৰি অঞ্চলৰ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত শিৱসেনাৰ জিলা প্ৰতিষ্ঠাপক সভাপতি গৰাকী সাঙোৰ খাই এক গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাটিৱলগীয়া হৈছিল ৷

pradunya Bharali , Dhemaji , Assam .25/11/2019

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.