ETV Bharat / state

15 নৱেম্বৰত মুকলি বহু চৰ্চিত চিচিৰ দলং - sisir bridge today's news

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰু ৰয়িঙৰ মাজত চিচিৰ নৈ ওপৰত নিৰ্মিত তথা বহু চৰ্চিত দলঙখনে ৰাজ্যখনৰ বহু বছৰীয়া যাতায়তৰ অভাৱ পূৰণ কৰিব ৷

15 নৱেম্বৰত মুকলি বহু চৰ্চিত চিচিৰ দলঙ
author img

By

Published : Nov 14, 2019, 1:01 PM IST

জোনাই, 14 নৱেম্বৰঃ 15 নৱেম্বৰত অৰুণাচল প্ৰদেশত উপস্থিত হ'ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ অৰুণাচল প্ৰদেশৰ চিচিৰি নৈ ওপৰত নিৰ্মাণ কৰা দলং উদ্বোধন কাৰ্যসূচীত অংশ ল'বলৈ অৰুণাচলত উপস্থিত হ'ব মন্ত্ৰীগৰাকী ৷ ৰাজনাথ সিঙৰ লগত দলং উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী, বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ তাপিৰ গাৱৰ উপৰিও বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷

অৰুণাচল
15 নৱেম্বৰত মুকলি বহু চৰ্চিত চিচিৰ দলঙ
উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰু ৰয়িঙৰ মাজত চিচিৰ নৈ ওপৰত নিৰ্মিত তথা বহু চৰ্চিত দলঙখনে ৰাজ্যখনৰ বহু বছৰীয়া যাতায়তৰ অভাৱ পূৰণ কৰিব ৷ সুদীৰ্ঘ ১২ বছৰ কাল ধৰি নিৰ্মাণ কৰা ২০০ মিটাৰ দৈঘ্যৰ দলঙখন নিৰ্মাণ কৰিছে সীমান্ত পথ নিৰ্মাণ সংস্থাৰ ব্ৰাহ্মাংক ডিভিজনে ৷ আনহাতে, চিচিৰ নৈৰ ওপৰত দলং নিৰ্মাণ নোহোৱা বাবেই ৰাজ্যখনৰ দাম্বুক, তেজু, নামচাই, ৰয়িং আদি ঠাইলৈ অসমৰ মাজেৰে যাতায়ত কৰিবলৈ প্ৰায় ৮ ৰ পৰা ১০ ঘন্টা পৰ্যন্ত সময়ৰ প্ৰয়োজন হৈছিল ৷ কিন্তু ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উল্লেখিত নৈৰ ওপৰৰ দলংখন মুকলি কৰাৰ ফলত ৮/১০ ঘন্টাৰ পৰিৱৰ্তে সম্পূৰ্ণ অৰুণাচলৰ মাজেৰেৰে পাচিঘাট হৈ সেই অঞ্চলসমূহলৈ যাবলৈ মাত্ৰ ২/৩ ঘণ্টা সময় লাগিব ৷

Intro:Body:# ১৫ নবেম্বৰত মুকলি হ'ব ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিচিৰি নৈৰ ওপৰত নিৰ্মান কৰা দলং ৷

# দীৰ্ঘ বছৰীয়া অৰুণাচলৰ যাতায়তৰ এক অভাৱ পুৰ হ'ব ৷

জোনাই ১৪ নৱেম্বৰ

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলা আৰু নামনি ডিবাং ভেলি জিলা দুখনৰ মাজেৰে বৈ যোৱা চিচিৰি নৈ ওপৰত নিৰ্মান কৰা ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বহু চৰ্চিত চিচিৰি দলংখন অহা ১৫ নবেম্বৰত মুকলি কৰিবলৈ বিভাগে সিদ্ধান্ত লৈছে ৷ যাৰ ফলত ৰাজ্যখনৰ দীৰ্ঘ বছৰীয়া যাতায়তৰ এক অভাৱ পুৰণ হ'ব ৷ অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰু ৰয়িঙৰ মাজত অৱস্থিত নৱ নিৰ্মিত দলঙখন উদ্ধোৰ্ধন কৰাৰ লগতে আন বহু কেইটা চৰকাৰী কাৰ্যসূচী হাতত লৈ ১৫ নবেম্বৰত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং অৰুণাচললৈ আহিব বুলি এক চৰকাৰী সুত্ৰই জানিব দিছে । কেন্দ্ৰীয় মন্ত্ৰী জনৰ লগতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগতে বিজেপি ৰাজ্যিক সভাপতি তথা সাংসদ তাপিৰ গাৱ ,বহু কেইজন বিধায়ক উদ্ধোৰ্ধনী অনুষ্ঠানত ভাগ ল'ব ৷ সু দীৰ্ঘ ১২ বছৰ কাল নিৰ্মাণ কৰিবলৈ লগা ২০০ মিটাৰ দৈঘ্যৰ দলঙখন নিৰ্মাণ কৰিছে সীমান্ত পথ নিৰ্মাণ সংস্থাৰ ব্ৰাহ্মাংক ডিভিজনে ৷উল্লেখ্য যে বিশেষ গুৰুত্বপূৰ্ণ চিচাৰ নৈখনৰ ওপৰত দলং নিৰ্ম্মাণ নোহোৱা বাবেই ৰাজ্যখনৰ দাম্বুক, তেজু, নামচাই, ৰয়িং আদি ঠাইলৈ যাবৰ বাবে অসমৰ মাজেৰে ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মাজেদি প্রায় ৮ ৰ পৰা ১০ ঘন্টা পৰ্যন্ত সময় প্ৰয়োজন হৈছিল ৷ কিন্তু ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উল্লেখিত নৈৰ ওপৰৰ দলংখন মুকলি কৰাৰ লগে লগে পূৰ্বৰ অসমৰ মাজেৰে যোৱা ৮/১০ ঘন্টাৰ পৰিৱৰ্তে সম্পূৰ্ণ অৰুণাচলৰ মাজেৰেৰে পাচিঘাট হৈ সেই অঞ্চলসমুহলৈ যাবলৈ মাত্ৰ ২/৩ ঘণ্টা সময় ৷ ইপিনে ধেমাজি জিলাৰ সদৰৰ পৰা পাচিঘাট, দাম্বুক হৈ শদিয়ালৈ যাবলৈও প্ৰায় ২/ ৩ ঘন্টাহে প্ৰয়োজন হৈ পৰিব l দলংখন মুকলি লগে লগে অৰুণাচলৰ পুব আক্ নিয়ন্ত্ৰণ কক্ষ (Akocontralpost), পাচিঘাট, ৰয়িং, তেজু ,নামচাই আদি ঠাইৰ মাজত অসম স্পৰ্শ নকৰাকৈ সংযোগ স্থাপন কৰাত সহায় হ'ব ৷ বিশেষকৈ পূৱ আৰু পশ্চিম অৰুণাচলৰ বাসিন্দাসকলৰ বহুত সকাহ হ'ব ৷ তদুপৰি দলংখন নোহোৱত পুৱ পশ্চিম অৰুণাচলবাসীয়ে বাৰিষা কালত যুগ যুগ ধৰি চিচিৰি নৈ পাৰাপাৰ হওঁতে নানা জ্বলা যন্ত্রণা ভুগি আহিছে ৷ পূৱ চিয়াং জিলাৰ মেব' মহকুমাৰ ৱাহালি (মিডি) গাঁৱৰ এলেকাত অৱস্থিত চিচিৰি নৈৰ দলংখন হোৱাত কেৱল মাত্ৰ অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ সুবিধা হ'ব তেনে নহয় ৷ উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ কমলাৰ বাবে বিখ্যাত নামনি দিবাং ভেলি জিলাৰ মনোমোহা ঠাই দাম্বোকত অৰেঞ্জ ফেষ্টিভেল (হালধীয়া কমলা)ৰ উৎসৱ বছৰৰ শেষৰ ১৫ ডিচেম্বৰ পৰা ১৮ ডিচেম্বৰৈ প্ৰত্যেক বছৰতে পালন কৰি আহিছে l বৰ্তমান দেশৰ লগতে বিশ্বৰ পৰিচিত উৎসৱ অৰেঞ্জ ফেষ্টিভেল l বহুতো দেশী বিদেশী দু:সাহসিক ক্ৰীড়া আৰু ৰক সংগীতৰ পৰ্য্যটকে নানা জ্বলা যন্ত্রণা ভুগি এই দাম্বোকৰ অৰেঞ্জ ফেষ্টিভেল উপভোগ কৰিবলৈ অহিব লগা হৈছিল চিচিৰি নৈৰ ওপৰৰ দলং খন মুকলি কৰিলে দাম্বোকৰ অৰেঞ্জ ফেষ্টিভেল উপভোগ কৰিবলৈ অহা ৰাইজৰ যথেষ্ট উপকৃত হবl লগতে অসমকে ধৰি দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰটো যথেষ্ট সুবিধা হ'ব বিশেষকৈ ১৯৬২ ৰ চীনা যুদ্ধৰ সময়ত চীনা সৈন্যই সহজে আগ্ৰাসন কৰা পৰিস্থিতি সৈন্যই নিয়ন্ত্ৰণ কৰাত সহয় হ'ব ৷

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.