ETV Bharat / state

পাচিঘাটত ধৰ্ষণকাৰী শিক্ষকক শাস্তিৰ দাবীত প্ৰতিবাদ

author img

By

Published : Aug 24, 2022, 4:33 PM IST

অৰুণাচলৰ পাচিঘাটত ছাত্ৰীক ধৰ্ষণ কাণ্ড (Girl student rape case in Arunachal Pasighat) ৷ ধৰ্ষণকাৰীৰ উচিত শাস্তিৰ দাবীত প্ৰতিবাদ ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন দল সংগঠনৰ ।

Arunachal
Arunachal

জোনাই, ২৪ আগষ্ট : অৰুণাচলৰ পাচিঘাটত শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক ধৰ্ষণৰ অভিযোগ (Teacher accused raped student in Arunachal) । 20 আগষ্টৰ বিয়লি 5.30 বজাত সংঘটিত হয় উক্ত ধৰ্ষণকাণ্ড । এগৰাকী ১৬ বছৰীয়া ছাত্ৰীক অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ য়াকৰুং গাঁৱৰ নং জামোহ (Nong Jamoh) নামৰ এজন ইংৰাজী বিষয়ৰ শিক্ষকে তেওঁৰ চৰকাৰী বাসগৃহত ধৰ্ষণ কৰাৰ অভিযোগ (teacher allegedly raped at quarter) ।

পাচিঘাটত ধৰ্ষণকাৰী শিক্ষকক শাস্তিৰ দাবীত প্ৰতিবাদ

জানিব পৰা মতে, শিক্ষকজনে পৰীক্ষাৰ পাঠ্যক্ৰমৰ বিষয়ে আলোচনা কৰাৰ অজুহাতত ছাত্ৰীগৰাকীক মাতি নি তেওঁৰ চৰকাৰী বাসগৃহত ঘটনাটো সংঘটিত কৰে । উক্ত ঘটনাৰ পিছৰে পৰা ধৰ্ষণত অভিযুক্ত শিক্ষকগৰাকী পলাতক অৱস্থাত আছিল । কিন্তু অভিযুক্ত শিক্ষকগৰাকীক কৰায়ত্তৰ বাবে আৰক্ষী বিষয়াকে ধৰি গঠন কৰা হয় অনুসন্ধানকাৰীৰ দল ।

দলটোৱে অভিযুক্ত শিক্ষকজনক বিচাৰি বিভিন্ন ঠাইত অভিযান চলাই ২০ আগষ্টৰ মাজনিশা পৰিয়ালৰ সদস্য আৰু একাংশ সচেতন ব্যক্তিৰ সহায়ত আটক কৰিবলৈ সক্ষম হয় (Police arrested raped accused teacher) ৷ আনহাতে, আজি ধৰ্ষণত অভিযুক্ত শিক্ষকগৰাকীক উচিত শাস্তিৰ দাবীৰে অৰুণাচলৰ পাচিঘাটস্থিত আই জি জে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণৰ পৰা পূব চিয়াং জিলাৰ উপায়ুক্ত কাৰ্যালয়লৈ হাতে হাতে বিভিন্ন‌ প্লে' কাৰ্ড লৈ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী উলিয়ায় (protest demanding punishment of rape accused) ।

ধৰ্ষণকাৰীক ফাঁচি দিয়ক, ধৰ্ষণকাৰীক ৰাজহুৱা শাস্তি দিয়ক, চাকৰিৰ পৰা নিলম্বন কৰক, ধৰ্ষিতাক ন্যায় দিয়ক আদি বিভিন্ন শ্লোগানেৰে শ শ ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা বিভিন্ন দল-সংগঠনে কঁপাই তোলে পাচীঘাট চহৰ । জানিব পৰা মতে, ধৰ্ষিতা ছাত্ৰীগৰাকী এতিয়াও চিকিৎসাধীন অৱস্থাত আছে ৷ ইতিমধ্যে অভিযুক্ত শিক্ষকগৰাকীৰ বিৰুদ্ধে FIR No 17/2022 U/s 376 (2) ( f) (3) IPC R/W Sec. 6 of POCSO ACT পাচিঘাট আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :এসময়ত তেজ বিক্ৰী কৰি সুৰাপান কৰা চানী এতিয়া প্ৰতিষ্ঠিত ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.