ETV Bharat / state

Laboratory technician: সমস্যা সমাধানৰ দাবীৰে ধেমাজিত সদৌ অসম মেডিকেল লেবৰেটৰী টেকনিচিয়ান সন্থাৰ সংবাদমেল

author img

By

Published : May 1, 2023, 10:53 PM IST

ধেমাজিত সংবাদমেল আয়োজন কৰি সদৌ অসম মেডিকেল লেবৰেটৰী টেকনিচিয়ান সন্থাই চৰকাৰক উদ্দেশ্যি বিভিন্ন দাবী উত্থাপন কৰে (press conference of laboratory technician) ৷

press conference
লেবৰেটৰী টেকনিচিয়ান সন্থাৰ সংবাদমেল
লেবৰেটৰী টেকনিচিয়ান সন্থাৰ সংবাদমেল

ধেমাজি, 1 মে’ : সদৌ অসম লেবৰেটৰী টেকনিচিয়ানসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ধেমাজি স্বাস্থ্য ভৱনত লেবৰেটৰী টেকনিচিয়ান সন্থাই এখন সংবাদমেল সম্বোধন কৰে (All Assam Medical Laboratory Technicians Association) ৷ তেওঁলোকে জনায় যে, লেবৰেটৰী টেকনিচিয়ানসকলৰ পাঠ্যক্ৰম পূৰ্বৰ এবছৰৰ ঠাইত বৰ্তমান দুবছৰ কৰিলে লগতে শিক্ষাগত অৰ্হতাও মেট্ৰিকলৈ উত্তীৰ্ণ কৰিলে যদিও তেওঁলোকৰ দৰমহা চৰকাৰে বৃদ্ধি নকৰিলে ৷ সেয়ে অহা ৩১ জুলাইৰ ভিতৰত দৰমহা বৃদ্ধি কৰিবলৈ তেওঁলোকে চৰকাৰক দাবী জনায়, অন্যথা আন্দোলন কৰিব বুলিও সকীয়াই দিয়ে লেবৰেটৰী টেকনিচিয়ান সন্থাই (press conference of laboratory technician) ৷

সেইদৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত কৰ্মৰত বহুতো লেবৰেটৰী টেকনিচিয়ানৰ চাকৰি ঠিকাভিত্তিক হৈ আছে ৷ সেয়ে টেট শিক্ষকৰ দৰে এইসকল স্বাস্থ্যকৰ্মীৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰিবলৈয়ো সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীলৈ দাবী জনায় লেবৰেটৰী টেকনিচিয়ান সন্থায় ৷ ইপিনে বিভাগটোৰ এই টেকনিচিয়ান সকলৰ মৌলিক সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন জিলাত সম্প্ৰতি কৰ্মৰত হৈ থকা লেবৰেটৰী টেকনিচিয়ানসকলক কৰ্তব্য পৰায়ণ হ’বলৈ আহ্বান জনায় ৷

জৰুৰী সেৱাত নিয়োজিত স্বাস্থ্য কমীসকলৰ বাবেই বহুতৰে প্ৰাণ ৰক্ষা পৰে ৷ পৰীক্ষাগাৰত স্বাথ্যজনিত সকলো পৰীক্ষা কৰিবলগীয়া হয় এগৰাকী লেবৰেটৰী টেকনিচিয়ানয়ে ৷ সেয়ে এই সকল স্বাস্থ্যকৰ্মীক কৰ্তব্যত গাফিলতি নকৰিবলৈ সংবাদমেলৰ জৰিয়তে সতৰ্ক কৰি দিয়ে লেবৰেটৰী টেকনিচিয়ান সন্থাই ৷

তদুপৰি এতিয়াৰে পৰা সকলো ঠাইতে উপলব্ধ ব্যক্তিগত লেবৰেটৰীসমূহো গঠন হোৱা কাউন্সিলৰ অধীনত হব লাগিব পঞ্জীয়ন, অন্যথা খুলিব নোৱাৰিব ব্যক্তিগত লেবৰেটৰী প্ৰতিষ্ঠান ৷ আজি সংবামেলত ধেমাজি জিলা লেবৰেটৰী টেকনিচিয়ান সন্থাৰ বিষয় ববীয়া লগতে কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়াসকল উপস্থিত থাকে (All Assam laboratory technician) ৷

উল্লেখ্য যে সদৌ অসম মেডিকেল লেৱৰেটৰী টেকনিচিয়ানসন্থাৰ ১৬ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন খনি ধেমাজি সদৰৰ স্বাস্থ্য ভৱনত যোৱা ২৮ আৰু ২৯ এপ্ৰিলত দুদিনিয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয় । অধিবেশনৰ পতাকা উত্তোলন কৰে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পদ্মেশ্বৰ শইকীয়াই আৰু শ্বহীদ তৰ্পণ কৰে উপদেষ্টা নোমল সন্দিকৈয়ে ৷ ডাঃ যোগেন দাসে বিজ্ঞানভিত্তিক আলোচনা চক্ৰ মুকলি কৰাৰ লগতে ৰক্তদান শিবিৰ মুকলি কৰে ভাৰতীয় ষ্টেট বেংক ৰ মুখ্য পৰিচালক বৈকুন্ঠ ফুকনে ৷

অধিবেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দুই শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহন কৰে ৷ ইফালে এই অধিবেশন থলীৰ পৰাই সদৌ অসম মেডিকেল লেবৰেটৰী টেকনিচিয়ান সন্থাই চৰকাৰে অতি শীঘ্ৰেই গ্ৰেড পে আৰু প্ৰমোচন ব্যবস্থা কৰাৰ দাবী তোলে ৷ অধিৱেশনৰ অন্তত সংবাদ মেল সম্বোধন সন্থাই ৷

লগতে পঢ়ক : Workers Day at Kaliabor: আজি তেওঁলোকৰ ছুটী; শ্ৰমিক দিৱস বুলি মাদলৰ ছেৱত ঝুমুৰ নাচিলে বুধুৱা চামেলীহঁতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.