ETV Bharat / state

Dhemaji Atul Saikia murder case: দোষীক উপযুক্ত শাস্তিৰ প্ৰাৰ্থনাৰে নামঘৰত সেৱা

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 8:30 PM IST

দোষীক উপযুক্ত শাস্তিৰ প্ৰাৰ্থনাৰে নামঘৰত দবা-বৰকাঁহ বজাই প্ৰাৰ্থনা কৰি সেৱা ল'লে ছয়খন গাৱঁৰ ৰাইজে । আৰক্ষীৰ ওপৰত আস্থা হেৰুৱাই আজি ধেমাজি জিলা মাছখোৱা গুৱালদৈ বাটমাৰী নামঘৰত গুৱালদৈ গাৱঁৰ ভুক্তভোগী এটা পৰিয়ালে আঠু ল'লে নেদেখাজনৰ ওচৰত ।

Prayers at Namghar for appropriate punishment
দোষীক উপযুক্ত শাস্তিৰ প্ৰাৰ্থনাৰে নামঘৰত সেৱা

ধেমাজি,৬ ছেপ্টেম্বৰ: আজি জন্মাষ্টমী ৷ নামঘৰে নামঘৰে খোল তাল নাম প্ৰসংগৰে মুখৰিত ৷ পিছে এইটো নামঘৰত জন্মষ্টমী পালন কৰা দৃশ্য নহয় ৷ এয়া হত্যাকাৰীক শাস্তিৰ বিহাৰ বাবে নামঘৰত অনুষ্ঠিত কৰা এক বিশেষ নাম প্ৰসংগ । কিয়নো অৱশেষত ন্যায় বিচাৰি নামঘৰত ঘৰত সমবেত হ'ল ভুক্তভোগী পৰিয়ালসহ গাওঁবাসী ৷

আৰক্ষীৰ ওপৰত আস্থা হেৰুৱাই আজি ধেমাজি জিলা মাছখোৱা গুৱালদৈ বাটমাৰী নামঘৰত গুৱালদৈ গাৱঁৰ ভুক্তভোগী এটা পৰিয়ালটোৰ লগতে অঞ্চলটোৰ আন পাঁচখন গাৱঁৰ ৰাইজে সম্পূৰ্ণ পৰম্পৰা ৰীতি নীতিৰে নামঘৰত দবা, খোল, বৰতাল বজাই শৰণাপন্ন হয় নেদেখাজনৰ ওচৰত ৷ হত্যাকাৰীসকলৰ উপযুক্ত শাস্তিৰ বাবে সাষ্টাংগে সেৱা লৈ প্ৰাৰ্থনা কৰিলে গাওঁবাসীয়ে ৷

উল্লেখ্য যে যোৱা ১৫ আগষ্টত ধেমাজিৰ ঐতিহাসিক হাবুংক্ষেত্ৰত লগৰীয়াৰ সৈতে খানা খাবলৈ যোৱা মাছখোৱা গোৱাল দৈ গাঁৱৰ যুৱক অতুল শইকীয়াক বৰ বেয়া মাৰপিট কৰি পেলাই থৈ গৈছিল । সংকটজনক অৱস্থাত ধেমাজিৰ পৰা ডিব্ৰুগড়ৰ এখন নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকাৰ পিছত ১৭ আগষ্ট দিনা মৃত্যু হয় অতুল শইকীয়া নামৰ যুৱকজনৰ ৷

লগে লগে ঘটনাটোৱে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল ৷ হত্যাকাৰী উপযুক্ত শাস্তিৰ দাবীত পৰিয়ালৰ লোকে ঘিলামৰা আৰক্ষী থানাতো সাৱ্যস্ত কৰিছিল প্ৰতিবাদ ৷ লক্ষীমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই প্ৰতিবাদী ৰাইজক আশ্বস্ত কৰিছিল ৷ পিছত আৰক্ষীয়ে তিনিজনক গ্ৰেপ্তাৰ কৰিছিল ৷

ইপিনে, উপযুক্ত সাক্ষীৰ অভাৱত দোষীয়ে মুকলি আকাশৰ তলত বিচৰণ কৰিবলৈ সুৰুঙা পোৱাৰ পথ সুগম হৈ পৰাত অতুল শইকীয়াৰ পৰিয়ালটোৱে আইনৰ ওপৰত ভৰসা এৰি অৱশেষত আজি মাছখোৱা গোৱালদৈ বাটমাৰী হৰি মন্দিৰত ন্যায় প্ৰাৰ্থনা কৰি সম্পূৰ্ণ নীতি-নিমেৰে দবা-বৰকাঁহ বজাই সেৱা লয় ৷ ৰাইজ আৰু পৰিয়ালটো আশাবাদী যে অচিৰেই ঘাতক বাহিনীৰ শাস্তি হ'ব ৷

লগতে পঢ়ক: Sri Krishna Janmashtami: কলিয়াবৰত শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.