ETV Bharat / state

ধেমাজিৰ চিমেন চাপৰিত পোষণ মাহ পালন - Poshan month celebration in Assam

ধেমাজিৰ চিমেন চাপৰিত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পোষণ মাহৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Poshan month celebrated in Dhemaji)। পোষণ মাহৰ গুৰুত্বৰ বিষয়ে জনোৱাৰ উপৰিও উপস্থিত কৃষকসকলক গছপুলি বিতৰণ । বিভিন্ন শাক-পাচলিৰ বীজো বিতৰণ কৰে কৃষকসকলক ।

Poshan month
ধেমাজিৰ চিমেন চাপৰিত পোষণ মাহ পালন
author img

By

Published : Sep 17, 2022, 4:47 PM IST

জোনাই, ১৭ ছেপ্টেম্বৰ : ৰাজ্যজুৰি ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ পালন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ চিমেন চাপৰিতো ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হৈছে (National Poshan month celebrated in Dhemaji) ৷ চিমেন চাপৰিত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পোষণ মাহৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰকল্প বিশেষজ্ঞ তথা সামূহিক বিজ্ঞানী ড৹ মনোৰঞ্জন গগৈয়ে আঁতধৰা অনুষ্ঠানত কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ড৹ গুঞ্জন গগৈয়ে পোষণ মাহৰ তাৎপৰ্য ব্যাখ্যা কৰে । লগতে সকলোকে পুষ্টিকৰ আহাৰ গ্ৰহণৰ দ্বাৰা সুস্থ শৰীৰৰ গৰাকী হ'বলৈ আহ্বান জনায় । ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বিশেষজ্ঞ নীলাক্ষী ভূঞা উপস্থিত থাকি জৈৱিক সাৰৰ প্ৰস্তুতি আৰু ভূমিৰ উৰ্বৰ শক্তি অটুট ৰাখিবলৈ ল'বলগীয়া সাৱধানতাৰ বিষয়ত বাখ্যা আগবঢ়ায় ।

ধেমাজিৰ চিমেন চাপৰিত পোষণ মাহ পালন

কাৰ্যসূচীত অংশগ্ৰহণ কৰি ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ পশুপালন বিশেষজ্ঞ ড৹ প্ৰজ্বলীতা পাঠকে হাঁহ-কুকুৰা পালনৰ জৰিয়তে পৰিপুষ্টি খাদ্য উৎপাদন কৰি শৰীৰ সৱল আৰু নিৰোগী কৰি ৰখাৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায় । অনুষ্ঠানটোত মিচিং স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলে, অধ্যাপিকা ড৹ ৰুণু গগৈ উপস্থিত থাকি পোষণ মাহৰ তাৎপৰ্য, জৈৱিক আহাৰৰ গুৰুত্ব আৰু ইয়াৰ গুণাগুণৰ ওপৰত ভাষণ প্ৰদান কৰে ।

সংযুক্ত বড়ো গণ মঞ্চৰ ধেমাজি জিলা সমিতিৰ ক্ৰীড়া সম্পাদক অনাৰু স্বৰ্গীয়াৰী প্ৰমুখ্যে কেইবাজনো প্ৰগতিশীল খেতিয়ক উপস্থিত থকা অনুষ্ঠানত অৰ্ধশতাধিক কৃষকক নেমু আৰু নিম গছৰ পুলি লগতে শতাধিক কৃষকক লাই, মূলা, গাজৰ, পালেং আৰু ধনীয়াৰ বীজ বিতৰণ কৰা হয় ।

লগতে পঢ়ক :বেদেতি চাহ বাগিচাৰ ৰংগমঞ্চত পঞ্চম বাৰ্ষিকী ৰাষ্ট্ৰীয় পোষণ মাহ পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.