ETV Bharat / state

বাঁহৰ সাঁকোৱে অন্যতম ভৰষা ৰাইজৰ - Lack of development in Jonai

বছৰ বছৰ ধৰি বাঁহৰ সাঁকোৰে নৈ পাৰ হৈছে জোনাইৰ কেইবাখনো গাঁৱৰ ৰাইজে (Transportation problem in Jonai)। নাহৰ নদীৰ ওপৰত নাই এখনো পকী দলং । বাঁহৰ সাঁকো ভাঙি যোৱাত শিক্ষাৰ্থী আৰু আন আন লোকে একাঠু পানীৰ মাজেৰে বিপদসংকুলভাৱে নৈ পাৰ হৈছে ।

Bamboo bridge
বাঁহৰ সাঁকোৱে অন্যতম ভৰষা ৰাইজৰ
author img

By

Published : Oct 1, 2022, 1:25 PM IST

জোনাই, ১ অক্টোবৰ : দেশে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে (75th Independence Day)। সকলো দিশতে উন্নয়নৰ শ্ল'গান দিছে চৰকাৰে । কিন্তু স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো উন্নয়নৰ মুখ দেখা নাই ধেমাজি জিলাৰ জোনাইৰ এখন গাঁৱৰ ৰাইজে (Lack of development in Jonai)। ইখনৰ পাছত সিখন চৰকাৰ আহিল । বিজেপি চৰকাৰেও দ্বিতীয়বাৰৰ বাবে শাসনৰ গাদীত বহিল । কিন্তু গাঁওখনৰ ৰাইজৰ সাধাৰণ সমস্যা সমাধান নহ'ল ।

আমি উল্লেখ কৰিব বিচাৰিছো জোনাইৰ অমৰপুৰ গাঁৱৰ কথা । দিল্লী-দিছপুৰত চৰকাৰে উন্নয়নৰ জয়গান গোৱাৰ সময়তে গাঁওখনৰ মাজেৰে যোৱা নাহৰ নৈৰ ওপৰত আজিলৈ এখন পকী দলং নিৰ্মাণ নহ'ল (No concrete bridge in Amarpur village in Jonai)। এখন দলঙৰ অভাৱত কণকণ ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজে নিতৌ বিপদসংকুলভাৱে যাতায়ত কৰিবলগীয়া হয় (Transportation problem in Jonai)।

অমৰপুৰ গাঁওখনৰ লগতে জোনাইৰ বহুকেইখন গাঁৱৰ ৰাইজে এখন পকী দলঙৰ অভাৱত বিপদসংকুলভাৱে বছৰ বছৰ ধৰি নৈ পাৰ হৈছে । পকী পথ আৰু পকী দলঙৰ অভাৱৰ কথা কৈ ৰাইজে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে । ৰাইজে জনোৱা মতে ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত নাহৰ বিজুলী আৰু দুই নং অমৰপুৰৰ মাজেৰে বৈ যোৱা নাহৰ নদীত আজিলৈ এখন পকী দলং নিৰ্মাণ নহ'ল ।

১৯৬২ চনতে স্থাপন হোৱা অমৰপুৰ গাঁৱৰ ৰাইজে চৰকাৰৰ পৰা পকী দলঙকে ধৰি কোনোধৰণৰ উন্নয়নৰ আঁচনিৰ সুবিধা লাভ কৰা নাই বুলি অভিযোগ কৰিছে ৰাইজে । এখন পকী দলঙৰ বাবে চৰকাৰ তথা স্থানীয় জন-প্ৰতিনিধিক বহুবাৰ আবেদন নিবেদন কৰিছে যদিও তেওঁলোকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ । ফলত ৰাইজে বছৰ বছৰ ধৰি নিজৰ গাঁঠিৰ ধনেৰে বাঁহৰ সাঁকো নিৰ্মাণ কৰি আহিছে ।

কিন্তু শেহতীয়া বানত সেই একমাত্ৰ বাঁহৰ সাঁকোখনো ভাঙি যোৱাত এতিয়া বিপদত পৰিছে অঞ্চলটোৰ ৰাইজ । অতিশীঘ্ৰে অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে নাহৰ নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক :চাৰিওফালে দুৰ্গা পূজাৰ আনন্দ, ঢেপাৰগাঁৱৰ ৰাইজ ব্যস্ত বাঁহৰ সাকোঁ নিৰ্মাণত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.